জীৱন শৈলী

সাৱধান ! আপোনাৰ এই অভ্যাসে জীৱনলৈ মাতিছে ভয়ংকৰ বিপদ

Asomiya Pratidin

ডিজিটেল ডেস্ক: কামৰ মাজতে বা গোটেই দিনটোৰ কাম শেষ কৰাৰ পিছত অধিকাংশই ছ'চিয়েল মেডিয়া ব্যৱহাৰ কৰি চাপমুক্ত হ'বলৈ চেষ্টা কৰে। কিন্তু আপুনি হয়তো জানি আচৰিত হ'ব যে চাপ দূৰ কৰিবৰ বাবে ব্যৱহাৰ কৰা ছ’চিয়েল মেডিয়াই আপোনাক সুখী কৰাৰ সলনি হতাশাৰ দিশেহে ঠেলি আছে।হয়, এক নতুন অধ্যয়নত এই কথা প্ৰমাণিত হৈছে। অধ্যয়নত প্ৰকাশ পোৱা মতে, দীঘলীয়া সময় ধৰি ছ'চিয়েল মেডিয়া ব্যৱহাৰৰ ফলত উদ্বেগ, হতাশা আৰু চাপত ভূগিব পাৰে। 

‘বিহেভিয়াৰ এণ্ড ইনফৰ্মেশ্যন টেকনলজী জাৰ্নল’ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি, যুৱ লোকসকলৰ ক্ষেত্ৰত সামাজিক মাধ্যমৰ অত্যাধিক ব্যৱহাৰৰ ফলত অকলশৰীয়া অনুভৱ আৰু মানসিক দুৰ্দশা বৃদ্ধি হৈছে।আনহাতে, যিসকলে সামাজিক মাধ্যম কেৱল আনৰ প'ষ্ট চাবলৈহে ব্যৱহাৰ কৰে, তেওঁলোকে নিজকে খুব অকলশৰীয়া অনুভৱ কৰে।এই অধ্যয়ন ১৮ ৰ পৰা ৩৪ বছৰ বয়সৰ ২৮৮ জন লোকৰ ক্ষেত্ৰত কৰা হৈছিল।অধ্যয়নটোৱে তিনি প্ৰকাৰৰ সামাজিক মাধ্যমৰ ব্যৱহাৰ পৰীক্ষা কৰিছিল, যাৰ ভিতৰত আছে নিষ্ক্ৰিয় ব্যৱহাৰকাৰী, সক্ৰিয় অ-সামাজিক ব্যৱহাৰকাৰী, আৰু সক্ৰিয় সামাজিক ব্যৱহাৰকাৰী।

নিষ্ক্ৰিয় ব্যৱহাৰ: এই শ্ৰেণীত এনে ব্যৱহাৰকাৰী সকলক ধৰা হয়, যিসকলে কেৱল আনৰ প'ষ্ট বা আপডেট ল'বলৈহে ছ'চিয়েল মেডিয়া ব্যৱহাৰ কৰে।

সক্ৰিয় অ-সামাজিক ব্যৱহাৰকাৰী: এই শ্ৰেণীত এনে ব্যৱহাৰকাৰী অন্তৰ্ভুক্ত থাকে যিসকলে তেওঁলোকৰ সমল প'ষ্ট ঠিকেই কৰে কিন্তু আন ব্যৱহাৰকাৰীৰ সৈতে সংযোগ স্থাপন নকৰে।

সক্ৰিয় সামাজিক ব্যৱহাৰকাৰী: এই শ্ৰেণীত এনে ব্যৱহাৰকাৰী  অন্তৰ্ভুক্ত থাকে যিসকলে তেওঁলোকৰ সমল প'ষ্ট কৰাৰ লগতে আন ব্যৱহাৰকাৰীৰ সৈতেও বাৰ্তালাপ নকৰে।

অধ্যয়নটোৰ শেষত, গৱেষকসকলে পৰামৰ্শ দিছিল যে ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে সামাজিক মাধ্যমৰ সৈতে সংযোগ কৰাৰ কাৰণবোৰ বিবেচনা কৰিব লাগে আৰু সজাগ হ'ব লাগে। নিষ্ক্ৰিয় ব্যৱহাৰৰ ফলত ব্যৱহাৰকাৰীসকল হতাশা আৰু চাপৰ সন্মুখীন হ'ব পাৰে। 

আনহাতে, যদি ছ'চিয়েল মিডিয়া সঠিকভাৱে ব্যৱহাৰ কৰা হয় বা ব্যৱহাৰকাৰীৰ সৈতে পোনপটীয়া সম্পৰ্ক অবিহনে সামাজিক মাধ্যমৰ সমল সৃষ্টি আৰু ভাগ বতৰা কৰা হয়, ই ইতিবাচক প্ৰভাৱ পেলাব পাৰে আৰু চাপ হ্ৰাস কৰিব পাৰে।