জীৱন শৈলী

ঘৰত আৰু কেতিয়াও নহয় ধনৰ অভাৱ

Asomiya Pratidin

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰই আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাস্তুৰ নিয়মসমূহ মানি আমি আমাৰ জীৱনটো সুখ-সমৃদ্ধিৰে উদযাপন কৰিব পাৰো।বিশ্বাস কৰা হয় যে, বাস্তুৰ নিয়মসমূহ অনুসৰণ কৰিলে ঘৰত সদায় ইতিবাচক শক্তি আৰু শান্তি থাকে। বাস্তুৰ শক্তি ব্যৱহাৰ কৰি আপুনি অসম্ভৱটো সম্ভৱ কৰিব পাৰে।কেতিয়াবা এনে হয় যে আমাৰ হাতত টকা থাকে, কিন্তু বেছি সময়ৰ বাবে নহয়। আপুনি সেই টকা জমা কৰাৰ পৰিকল্পনা কৰিলেও যিকোনো কাৰণতে আপোনাৰ সেই টকা খৰচ হৈ যায়। ইয়াৰ বাবে আপুনি কেতবোৰ বাস্তু পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।আজি এই বিষয়ে জনো আহক-

১. উত্তৰ দিশক ধন আৰু সমৃদ্ধিৰ দেৱতা ভগৱান কুবেৰৰ দিশ বুলি গণ্য কৰা হয়।সেয়েহে বাস্তু মতে আপোনাৰ ঘৰৰ সকলো মূল্যৱান সামগ্ৰী উত্তৰ দিশত ৰাখিব লাগে।ই আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনে আৰু আপোনাৰ সম্পদ দুগুণ কৰে।

২.ধন থকা বেগটো ঘৰৰ উত্তৰ দিশত ৰাখিব। ধন আৰু গহনা থকা আলমাৰিৰ দুৱাৰ কেতিয়াও দক্ষিণ ফালে থাকিব নালাগে। বিশ্বাস মতে, সম্পদৰ দেৱী লক্ষ্মীয়ে দক্ষিণৰ পৰা ভ্ৰমণ কৰে আৰু উত্তৰত বাস কৰে।

৩. লক্ষ্মীয়ে বসতি লব’লৈ আপুনি ঘৰত মানি প্লান্ট ৰাখিব পাৰে।মনত ৰাখিব, মানি প্লান্ট সদায় সেউজীয়া ফুলদানিত ৰাখিব লাগে।

৪  উত্তৰ-পূব বা দক্ষিণ-পশ্চিম কোণত ধন ৰখা বেগ বা কোনো মূল্যৱান সামগ্ৰী নাৰাখিব।

৫. আপোনাৰ ‘তিজ’ৰী’ৰ দুৱাৰখন উত্তৰ দিশে হোৱাকৈ ৰাখিব। দক্ষিণ দিশে থাকিলে ই দুৰ্ভাগ্য কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়।

৬. বিচনাত বহি খাদ্য নাখাব।ই ব্যৱসায়, স্বাস্থ্য আৰু কাৰ্যকলাপৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়।

৭. পাকঘৰটো সদায় দক্ষিণ-পূব দিশত থাকিব লাগে।

৮. ঘৰত দেৱী লক্ষ্মী আৰু ভগৱান কুবেৰৰ এখনকৈ ফটো ৰাখিব লাগে।

৯. ঘৰখনত যাতে শান্তিৰ পৰিৱেশ বিৰাজ কৰে, তাৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে।

১০. বাস্তুমতে যদি আপুনি খোৱা ঠাইত বা ডাইনিং টেবুলত পানী ভৰ্তি প্লেট এখন ৰাখে, তেন্তে ঘৰত ধনৰ বৰষুণ হ'ব। ইয়াৰ উপৰিও, আপুনি ডেস্কটপ বা ম'বাইল স্ক্ৰীণত পানী বৈ থকা ‘ৱালপেপাৰ’ৰো ৰাখিব পাৰে।