জীৱন শৈলী

অমৰনাথ যাত্ৰাৰ পৰিকল্পনা কৰিছে যদি নিয়মসমূহ জানি লওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: ভক্তসকলৰ বাবে মুকলি হ’ল বাবা অমৰনাথৰ দুৱাৰ। সকলো ভক্ত এতিয়া অমৰনাথ যাত্ৰাৰ বাবে উৎসাহী হৈ আছে।অমৰনাথ যাত্ৰাত বৰ্ধিত ভক্তৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিশেষ কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।এইবেলি ভক্তসকলে অমৰনাথ যাত্ৰাত ১৯ আগষ্টলৈকে অংশ গ্ৰহণ কৰিব পাৰিব। অমৰনাথ যাত্ৰাৰ বাবে ভক্তসকলে অনলাইন আৰু অফলাইন দুয়োধৰণেই পঞ্জীয়ন কৰিব পাৰে। যদি আপুনিও অমৰনাথ যাত্ৰাৰ পৰিকল্পনা কৰিছে, তেন্তে কিছুমান নিয়মৰ বিষয়ে আপুনি জনাটো খুবেই দৰকাৰ। 

আচলতে, যাওঁ বুলি ভাবিলেই সকলোয়ে এই যাত্ৰাত অংশ ল’ব নোৱাৰে। অমৰনাথৰ প্ৰশাসনে  সকলোকে এই যাত্ৰা কৰিবলৈ অনুমতি নিদিয়ে। ইয়াৰ একমাত্ৰ কাৰণ হ'ল বাবা বৰফানী থকা পথটো খুবেই বিপদজনক।যাৰ বাবে যাত্ৰাৰ সময়ত ভক্তসকলে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।যাত্ৰাৰ সময়ত ভক্তসকলে অক্সিজেনৰো অভাৱ অনুভৱ কৰে। অমৰনাথ যাত্ৰাত অংশ গ্ৰহণৰ নিয়ম তথা কোনে এই যাত্ৰাত অংশ ল’ব নোৱাৰে, জানো আহক-

১) চৰকাৰী নিৰ্দেশ অনুসৰি, ১৩ বছৰৰ তলৰ শিশু আৰু ৭০ বছৰৰ অধিক বয়সৰ বৃদ্ধ লোকক ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নহয়।

২) ছয় সপ্তাহতকৈ অধিক গৰ্ভৱতী মহিলাসকলক তীৰ্থযাত্ৰা কৰিবলৈ অনুমতি দিয়া নহয়।

৩) যাত্ৰাৰ সময়ত খালি ভৰিৰে খোজ কাঢ়িব নালাগে।গৰম কাপোৰ লগত নিয়াটোও বাঞ্চনীয়।

৪) মহিলাসকলক শাৰীৰ সলনি চুৰিদাৰ, পেণ্ট-চাৰ্ট বা ট্ৰেক চুট পিন্ধিবলৈ পৰামৰ্শ দিয়া হয়।

৫) পথটোত যিকোনো ‘চৰ্টকাট’ লোৱাটো বিপদজনক।

৬) খালী পেটত ভ্ৰমণ আৰম্ভ কৰিবলৈও অনুমতি দিয়া নহয়।কিয়নো ই গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে।

৭) বতৰৰ পৰিস্থিতিৰ বাবে ভক্তসকলে গুহাত আশ্ৰয় ল’ব নোৱাৰিব।

৮) যাত্ৰা কৰোতে শৰীৰত কোনো ৰোগৰ লক্ষণ দেখা পালে, তেন্তে লগে লগে নামি যাব।

অমৰনাথ যাত্ৰাৰ পূৰ্বে আপোনাৰ কৰণীয়-

১) যাত্ৰাৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ দৈনিক ৪-৫ কিলোমিটাৰ খোজ কাঢ়ক।চিকিৎসকৰ পৰামৰ্শ লওঁক। উশাহ-নিশাহৰ ব্যায়াম কৰক আৰু যথেষ্ট পৰিমাণে পানী খাওক।

২) যদি কোনো চিকিৎসাজনিত সমস্যা আছে, তেন্তে উচ্চ উচ্চতালৈ যোৱাৰ আগতে আপোনাৰ প্ৰয়োজনীয় পৰীক্ষা কৰাব।

৩) ডিহাইড্ৰেচন আৰু মূৰৰ বিষৰ সৈতে মোকাবিলা কৰিবলৈ যথেষ্ট পৰিমাণে পানী খাব।

৪) ভ্ৰমণ কৰাৰ আগতে আপোনাৰ স্বাভাৱিক ক্ষমতাতকৈ যিকোনো কামত অধিক শক্তি প্ৰয়োগ কৰা পৰিহাৰ কৰিব।