জীৱন শৈলী

গ্ৰীষ্মকালত ভ্ৰমণ কৰোতে এইসমূহ সামগ্ৰী লগত ৰাখিব

Asomiya Pratidin

ডিজিটেল ডেস্ক: গৰমৰ দিনত পৰাপক্ষত সূৰ্যৰ তীক্ষ্ণ ৰশ্মিৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব লাগে।ই ছালক যথেষ্ট পৰিমাণে ক্ষতি কৰে।কিন্তু বহুতেই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এই সময়ছোৱাত ঠাণ্ডা ঠাইলৈ ভ্ৰমণ কৰে।গৰমৰ দিনকেইটাত ভ্ৰমণ কৰিলে কিছুমান সামগ্ৰী লগত ৰখাটো খুবেই জৰুৰী।গৰমত ভ্ৰমণৰ সময়ত কি কি সামগ্ৰী আপুনি লগত ৰাখিব, আজি এই বিষয়ে জানো আহক-

পানী, খাদ্য 

গ্ৰীষ্মকালত যিকোনো ঠাইলৈ যাওঁতে লগত পানী ৰাখিব। ইয়াৰ লগতে লঘু খাদ্য সামগ্ৰী যেনে বিস্কুট, ফল আদিও লগত ৰাখিব।এইকেইদিনত আপুনি ঠাণ্ডা ঠাইলৈ গ'লেও কেতিয়াবা কিছুমান ঠাইত গৰমত বিচলিত হ'ব পাৰে আৰু ডিহাইড্ৰেচনৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে লগত পানী ৰখাটো খুবেই জৰুৰী।

ছানস্ক্ৰীণ

গ্ৰীষ্মকালত প্ৰায়ে টেনিঙৰ সমস্যাই দেখা দিয়ে। কিছুমান পাহাৰীয়া ঠাইত সূৰ্যও যথেষ্ট শক্তিশালী। গতিকে ছানস্ক্ৰীণ লগত থকাটো খুবেই দৰকাৰ। যদি আপুনি ৰ'দত বাহিৰলৈ যায়, ছানস্ক্ৰীণ ব্যৱহাৰ কৰি টেনিঙৰ পৰা বাচি থাকিব পাৰে।

ঔষধ

যদি আপুনি গ্ৰীষ্মকালত আপোনাৰ ঘৰৰ বাহিৰলৈ যায়, তেন্তে কিছুমান অত্যাৱশ্যকীয় ঔষধ আপোনাৰ ওচৰত ৰাখিব। কিছুমান লোকৰ জ্বৰ, বমি, মুৰৰ বিষ, চৰ্দি আৰু কাহৰ দৰে সমস্যা দেখা যায়। কেতিয়াবা বতৰ বা পানীৰ পৰিৱৰ্তনৰ ফলত চৰ্দি আৰু কাহও হয়। আঘাত বা কটা হ'লে সাৱধানতা হিচাপে হেণ্ডিপ্লাষ্টটোও লগত ৰাখিব।

আইচ বক্স

যদি আপুনি অতি ঠাণ্ডা ঠাইলৈ গৈছে তেনেহ'লে ইয়াৰ প্ৰয়োজন নহ'ব। কিন্তু যদি আপুনি এনে স্থানত আছে য'ত গৰম হোৱাৰ সম্ভাৱনা থাকে, তেনেহ'লে আপোনাৰ সৈতে এটা বৰফৰ বাকচ ৰাখিব।

চশমা, টুপী

গ্ৰীষ্মকালত সূৰ্যৰ তীক্ষ্ণ ৰশ্মিৰ পৰা নিজকে বচাই ৰাখিবলৈ আপোনাৰ সৈতে চছমা আৰু ভাল টুপী লগত ৰাখিব। এইসমূহ সামগ্ৰী লগত ৰাখি আপুনি আপোনাৰ ভ্ৰমণটো উপভোগ কৰিব পাৰিব।