জীৱন শৈলী

বদ্ৰীনাথ দৰ্শনৰ পৰিকল্পনা কৰিছে যদি এই বিষয়ে জানি লওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: কেদাৰনাথৰ পিছত শেহতীয়াকৈ মুকলি কৰা হৈছে বদ্ৰীনাথ ধামৰ দুৱাৰ। দুৱাৰ মুকলিৰ দিনা ১৫ কুইন্টাল ফুলৰে বদ্ৰীনাথ ধামক বিশেষভাৱে সজাই তোলা হয়। সেইদিনটোৰ পৰা প্ৰতিদিনেই এতিয়া অগনন ভক্তই এই মন্দিৰ দৰ্শনৰ বাবে ভিৰ কৰিছে। পিছে আপুনিও বদ্ৰীনাথ ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি ? যদি কৰিছে তেতিয়া আপুনি কেতবোৰ কথা জানি ল'ব লাগিব।হয়, ভক্তৰ বাবে সলনি হৈছে বদ্ৰীনাথ ধাম দৰ্শনৰ নিয়ম। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ভ্ৰমণকাৰীসকলৰ যাতে অসুবিধা নহয়, তাৰ বাবে বিশেষভাৱে পদক্ষেপ লৈছে।

এতিয়াৰে পৰা বদ্ৰীনাথ ভ্ৰমণৰ বাবে যোৱা দৰ্শনাৰ্থীৰ প্ৰথমতে পঞ্জীয়নৰ প্ৰয়োজন হব। ইয়াৰ পিছত টোকেন ব্যৱস্থাৰে তেওঁলোকে দৰ্শনৰ সুবিধা লাভ কৰিব। এতিয়া আৰু এই মন্দিৰ দৰ্শনৰ বাবে দীঘলীয়া শাৰী পাতি থকাৰ কোনো প্ৰয়োজন নাই। পঞ্জীয়ন পত্ৰ দেখুৱাই টোকেন প্ৰাপ্ত কৰি সকলোয়ে নিৰ্ধাৰিত সময়ত দৰ্শন লাভ কৰিব পাৰিব। বদ্ৰীনাথ ধামত উপস্থিত হোৱাৰ পিছত তীৰ্থযাত্ৰীসকলে প্ৰথমে পৰ্যটন বিভাগে স্থাপন কৰা পঞ্জীয়ন কাউণ্টাৰত তেওঁলোকৰ পঞ্জীয়ন কাৰ্ড প্ৰদৰ্শন কৰিব লাগিব। কিউআৰ কোডৰ সৈতে তেওঁলোকৰ পঞ্জীয়ন নম্বৰ স্কেন কৰাৰ পিছত তীৰ্থযাত্ৰীসকলক এটা টোকেন দিয়া হ'ব। য'ত বদ্ৰীনাথ দৰ্শনৰ সময় উল্লেখ কৰা থাকিব।