জীৱন শৈলী

বিপৰীত ! ভাৰতৰ এইখন চহৰত দিনক দিনে হ্ৰাসহে হৈছে অপৰাধৰ হাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: আমাৰ দেশৰ মহানগৰসমূহত দিনক দিনে কি হাৰত অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে, সেয়া হয়তো পুনৰাই কোৱাৰ প্ৰয়োজন নাই।বিশেষকৈ আজিৰ তাৰিখত দেশৰ কোনো এখন মুখ্য চহৰেই মহিলাৰ বাবে সুৰক্ষিত নহয় বুলি গণ্য কৰা হয়।কিন্তু ভাৰতত এখন এনে চহৰ আছে, যিখন মহিলাৰ বাবে এশ শতাংশই সুৰক্ষিত।হয়, ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ প্ৰতিবেদনত প্ৰকাশ কৰা মতে কলিকতা হৈছে আমাৰ দেশৰ মহিলাৰ বাবে আটাইতকৈ সুৰক্ষিত চহৰ।

ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি) য়ে কলিকতাক তৃতীয়বাৰৰ বাবে দেশৰ আটাইতকৈ সুৰক্ষিত চহৰ বুলি ঘোষণা কৰিছে। ব্যুৰোৰ মতে, কলিকতাত ২০২২চনত প্ৰতি লাখ জনসংখ্যাত ৮৬.৫ টা অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰা হৈছিল। যি দেশৰ আন চহৰত তুলনাত আটাইতকৈ সৰ্বনিম্ন। এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি, কলকাতাই ২০২১ চনত প্ৰতি লাখ জনসংখ্যাত ১.৩.৪ টা অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰিছিল, যি পৰৱৰ্তী বছৰত ৮৬.৫লৈ হ্ৰাস পাইছিল। ইয়াৰ আগতে ২০২০ চনত এই সংখ্যা আছিল ১২৯.৫। ইয়াৰ অৰ্থ হৈছে কলিকতাই প্ৰতি বছৰে নিজৰ অভিলেখ উন্নত কৰি আছে।

কলকাতা সুৰক্ষিত হোৱাৰ আটাইতকৈ ডাঙৰ কাৰণটো এয়ে যে ইয়াত কোনো অপৰাধ নাই। ইয়াৰ বাহিৰেও, বাট-পথবোৰ যথেষ্ট উন্নত হোৱাৰ লগতে ইয়াত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা আছে। একে সময়তে, আৰক্ষীৰ ভাল নিৰীক্ষণেও চহৰখনৰ অপৰাধ নিয়ন্ত্ৰণ কৰে। পৰ্যটকসকলেও কলিকতাক এখন ভাল চহৰ বুলি গণ্য কৰে। ইয়াত বাস কৰা লোকসকলো যথেষ্ট বন্ধুত্বপূৰ্ণ আৰু সদায়ে আনক সহায় কৰিবলৈ ইচ্ছুক, যিয়ে অপৰাধৰ হাৰ হ্ৰাস কৰাত এক গুৰুতৰ ভূমিকা গ্ৰহণ কৰে।