জীৱন শৈলী

জেকলিনৰ সৌন্দৰ্যৰ ৰহস্য জানি লৈ আপুনিও ধুনীয়া হওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: ছালখনক উজ্জ্বল কৰি ৰাখিবলৈ ছাল যত্নৰ এক ভাল ৰুটিন অনুসৰণ কৰাটো খুবেই গুৰুত্বপূৰ্ণ।বিশেষকৈ ছালৰ যত্নত ব্যৱহাৰ কৰা সামগ্ৰীসমূহৰ ক্ষেত্ৰত সচেতন হ'লেই আপুনি আপোনাৰ ছালখনক নিখুঁট কৰি ৰাখিব পাৰে।হয়, এক সুন্দৰ সৌন্দৰ্যৰ ৰুটিন অনুসৰণ কৰিয়েই বলীউডত জিলিকি আছে অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ।আজি জেকলিনৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে জানো আহক-

ডিটক্স

অভিনেত্ৰীগৰাকীয়ে আজৱাইন, হালধি আৰু এপল চাইডাৰ ভিনেগাৰৰ পৰা তৈয়াৰ কৰা সতেজ পানীয়ৰে দিনটো আৰম্ভ কৰে। ই ছাল পৰিস্কাৰ কৰি ৰাখে।এই পানীয়ই শৰীৰটোক ডিটক্স কৰি ৰখাতো সহায় কৰে।

ভিটামিন চি 

উজ্জ্বল ছালৰ বাবে ছালক সঠিক পুষ্টি দিয়াৰ যথেষ্ট প্ৰয়োজন আছে।ইয়াৰ বাবে জেকলিনে দৈনিক মুখত ভিটামিন চি প্ৰয়োগ কৰে।আপুনিও ছালৰ যত্নৰ ৰুটিনত দৈনিক ভিটামিন চিযুক্ত ফেচ চিৰাম ব্যৱহাৰ কৰিব পাৰে। ভিটামিন-চিয়ে কোষবোৰ মেৰামতি কৰা তথা ছালক সঠিক পুষ্টি প্ৰদান কৰাত সহায় কৰে।

পানী 

ছালৰ সমস্যাৰ চিকিৎসা পানী। সেয়েহে জেকলিনে দৈনিক ৮ গিলাচ পানী খায়।তদুপৰি অভিনেত্ৰীগৰাকীয়ে নিশা গ্ৰীণ টিও গ্ৰহণ কৰে।

মিঠাই

ছালৰ সমস্যা, বিশেষকৈ শালমনৰ পৰা পৰিত্ৰাণ পাবলৈ জেকলিনে একেবাৰে মিঠাই নাখায়। কিন্তু তেওঁৰ মিঠা খুব প্ৰিয়। তেওঁৰ মতে ফল-মূলৰ মিঠা একেবাৰেই ক্ষতিকাৰক নহয়।কিন্তু, মিঠাই স্বাস্থ্যৰ পক্ষে হানিকাৰক।