জীৱন শৈলী

আদৰ্শ এই গাঁও ! বিদেশত বাস কৰা এই গাঁৱৰ লোকে গ্ৰহণ কৰি আহিছে প্ৰশংসনীয় পদক্ষেপ

Asomiya Pratidin

ডিজিটেল ডেস্ক: গাঁও বুলি ক'লেই আমাৰ এনে এটা ধাৰণা মনলৈ আহে, য'ত কোনো নগৰীয়া সুবিধা নাথাকে।গাওঁ বুলিলেই মাটিৰ ঘৰ আৰু দূৰদূৰণিলৈ কেৱল সেউজীয়া পথাৰৰ দৃশ্য এটা মনত ভাঁহি অহাটো একেবাৰেই স্বাভাৱিক।কিন্তু আপোনাৰ-মোৰ এনে ধাৰণাক ভুল প্ৰতিপন্ন কৰে আমাৰ দেশতে থকা এখন বিশেষ গাওেঁ। এই গাওঁখন আমাৰ দেশৰেই নহয়, পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধনী গাওঁ। 

হয়, পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধনী এই গাওঁখন আছে গুজৰাটত। গাঁওখনৰ নাম মাধাপাৰ। আপুনি জানি আচৰিত হ’ব যে, এইখন গাঁৱত ১৭ টা বেংক আছে, য'ত গাওঁবাসীৰ ৫০০০ কোটি টকা জমা আছে।তথ্য মতে, এই গাওঁখনৰ প্ৰতিজন নাগৰিকৰে ১৫ লাখতকৈ অধিক টকা আছে। ইয়াত বাস কৰা লোকৰ অধিকাংশই খেতিৰ ওপৰত নিৰ্ভৰশীল। মাধাপাৰ গাঁৱৰ মানুহে বিদেশৰ পৰা টকা উপাৰ্জন কৰে যদিও সেই ধন তেওঁলোকে গাওঁখনতে জমা কৰে। প্ৰকৃততে, ইয়াত থকা লোকসকলৰ পৰিয়ালৰ কোনোবাই বিদেশত বসতি স্থাপন কৰিছে, যাৰ বেছিভাগেই আমেৰিকা, ব্ৰিটেইন, আফ্ৰিকা, উপসাগৰীয় দেশসমূহৰ অংশ হৈ পৰিছে।এইসকল লোক যদিও গাওঁৰ বাহিৰলৈ গৈছে, গাওঁখনৰ বিষয়ে তেওঁলোকে প্ৰথমে চিন্তা কৰে।তেওঁলোকে সময়ে সময়ে গাঁৱলৈ টকা পঠিয়াই থাকে, যাতে  গাঁওখনৰ উন্নয়ন স্থবিৰ নহয়।

এই বিশেষ গাওঁখনত চহৰখনৰ দৰে প্ৰতিটো সুবিধা আছে। ইয়াত মহাবিদ্যালয়, বিদ্যালয়, চিকিৎসালয়, বেংক, সকলো আছে।যি ইয়াক ভাৰতৰ অন্যান্য গাওঁতকৈ উন্নত আৰু অধিক সমৃদ্ধ কৰি তোলে। আনহাতে, এই গাওঁখনৰ নিজা ৱেবছাইটো আছে, যিটো https://madhapar.uk/ নামত আছে। এই ৱেবছাইটত, আপুনি গাওঁখনৰ সৈতে সম্পৰ্কিত সকলো বিৱৰণ জানিব পাৰে আৰু লগতে ইয়াত উপস্থিত থকা বহুতো পৰ্যটকৰ আকৰ্ষণৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিব পাৰে।