জীৱন শৈলী

গৰ্ভধাৰণৰ সময়ত এইদৰে লওঁক ছালৰ যতন

Asomiya Pratidin

ডিজিটেল ডেস্ক: গৰ্ভধাৰণৰ সময়ছোৱা প্ৰতিগৰাকী মহিলাৰ বাবে এক বিশেষ সময়।এই সময়ছোৱাত এগৰাকী মহিলাই প্ৰথমবাৰৰ বাবে বহু নতুন অভিজ্ঞতা লাভ কৰে। গৰ্ভধাৰণৰ সময়ত প্ৰতিগৰাকী মহিলাই সুন্দৰ হৈ থাকিবলৈ ভাল পায়।হয়, প্ৰতিগৰাকী মাতৃয়েই নিশ্চিতভাৱে গৰ্ভধাৰণৰ উজ্জ্বলতা বিচাৰে। কিন্তু অধিকাংশই গৰ্ভধাৰণ পৰ্যায়ত  ছালৰ যত্ন ল'বলৈ পাহৰি যায়। যাৰ ফলত ছাল নিষ্প্ৰাণ দেখিবলৈ আৰম্ভ হয়। প্ৰকৃততে এই সময়ছোৱাত মহিলাৰ শৰীৰত বহু হৰমনৰ পৰিৱৰ্তন হয়, যিয়ে ছালক সংবেদনশীল কৰি তোলে।গৰ্ভধাৰণৰ সময়ত কিদৰে এগৰাকী মহিলাই নিজৰ সৌন্দৰ্য বজাই ৰাখিব পাৰে, আজি জানো আহক-

ছালত উন্নত মানৰ সুৰক্ষিত সামগ্ৰীহে ব্যৱহাৰ কৰিব

অধিকাংশ প্ৰসাধন সামগ্ৰীতে ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ কৰা হয়। সেয়েহে, গৰ্ভাৱস্থাৰ সময়ত ৰাসায়নিক পদাৰ্থ পৰিহাৰ কৰিবলৈ প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা সামগ্ৰীহে ছালৰ যত্নত ব্যৱহাৰ কৰিব।

নিজকে হাইড্ৰেটেড ৰাখিব

গৰ্ভাৱস্থাত শৰীৰটোক সুস্থ ৰাখিবলৈ অত্যাধিক পৰিমাণে পানী খোৱাটো খুবেই জৰুৰী।পানী খালে ই ছালখনকো উজ্জ্বল কৰে।দিনত কমেও ৮-১০ গিলাচ পানী খাব। পৰ্যাপ্ত পানী খালে মেকুলাৰ স্তৰত ছালত আৰ্দ্ৰতা প্ৰদান কৰে, যাৰ ফলত ছাল উজ্জ্বল হয়।

সৌন্দৰ্যৰ ৰুটিন অনুসৰণ কৰক

গৰ্ভধাৰণৰ সময়ত বহু স্বাস্থ্য সমস্যাই দেখা দিয়ে।কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি নিজৰ যত্ন লোৱা বন্ধ কৰিব।এই সময়ত আপুনি নিজৰ যত্ন ল'ব লাগিব। সপ্তাহত ২-৩ বাৰ স্ক্ৰাব কৰিব। যদি আপোনাৰ ছাল শুকান হৈ পৰে, সঘনাই ক্ৰীম ব্যৱহাৰ কৰক আৰু এক সৌন্দৰ্যৰ ৰুটিন অনুসৰণ কৰক।

মেনিকিউৰ আৰু পেডিকিউৰো গুৰুত্বপূৰ্ণ

গৰ্ভধাৰণৰ সময়ত গেৰোহা প্ৰায়ে ফাটি যায়। হৰমনৰ পৰিৱৰ্তনৰ ফলত হাতৰ ছালো শুকান হৈ পৰে। সেয়েহে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ পেডিকিউৰ আৰু মেনিকিউৰ কৰাটো খুবেই দৰকাৰী।

স্বাস্থ্যকৰ আহাৰ

আমাৰ আহাৰৰ প্ৰভাৱ আমাৰ মুখত দেখা যায়। সেয়েহে গৰ্ভধাৰণৰ সময়ছোৱাত প্ৰাকৃতিক উজ্জ্বলতা তথা সম্পূৰ্ণ স্বাস্থ্যৰ যত্নৰ বাবে পুষ্টিসমৃদ্ধ খাদ্য, যেনে ফল, পাচলি, শস্য, গাখীৰ, দৈ, মাছ তথা বাদাম বেছিকৈ খাব। পুষ্টিসমৃদ্ধ আহাৰে ছাল উন্নত কৰি ইয়াক উজ্জ্বল কৰি তোলে।

বি.দ্ৰ- গৰ্ভাৱস্থাৰ সময়ত যিকোনো আহাৰ বা সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।