জীৱন শৈলী

শৈক্ষিক ক্ষেত্ৰত লাভ কৰিব বহু সুফল, জীৱন হৈ পৰিব সুচল

Asomiya Pratidin

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত বসন্ত পঞ্চমীৰ বিশেষ গুৰুত্ব আছে। এইবাৰ বসন্ত পঞ্চমী ১৪ ফেব্ৰুৱাৰীত পালন কৰা হ'ব। এই দিনটোত দেৱী সৰস্বতীক পূজা কৰা হয়। বিশ্বাস মতে, সৰস্বতীৰ আশীৰ্বাদ লাভ কৰাজনে সংগীত আৰু শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰে। সৰস্বতীৰ উপাসনা কৰিলে অজ্ঞলোকৰ মাজতো জ্ঞানৰ চাকি জ্বলে। বসন্ত পঞ্চমীৰ দিনটোত সৰু ল'ৰা-ছোৱালীৰ শিক্ষাদানৰ আৰম্ভণিৰ ক্ষেত্ৰটো শুভ দিন বুলি বিবেচিত কৰা হয়। এই দিনটো শিক্ষাৰ্থীসকলৰ বাবেও অতি বিশেষ। যিসকল শিক্ষাৰ্থীয়ে পঢ়িবলৈ মন নকৰে বা মনোযোগ দিব নোৱাৰে তেওঁলোকেও বসন্ত পঞ্চমীৰ দিনটোত কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।আজি এই বিষয়ে জানো আহক-

এই মন্ত্ৰ উচ্চাৰণ কৰা 

প্ৰতিজন শিক্ষাৰ্থীয়ে সৰস্বতী পূজাৰ দিনটোত 'ওম সৰস্বত্যই নমহ' মন্ত্ৰ উচ্চাৰণ কৰিব লাগে।বিশেষকৈ যিসকল শিশুয়ে পঢ়িবলৈ মন নকৰে, তেওঁলোকে প্ৰত্যেক দিনাই এই মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে।  

যদি শিশুটোৱে পঢ়াত ফাঁকি দিয়ে, তেন্তে এই কাম কৰিব

যদি আপোনাৰ সন্তানে পঢ়াত ফাঁকি দিয়ে, তেন্তে বসন্ত পঞ্চমীৰ দিনা শিশুটোৰ হাতৰে মা সৰস্বতীক হালধীয়া ফুল দিবলৈ দিব।তদুপৰি, শিশুটোৰ পঢ়া টেবুলত মা সৰস্বতীৰ এখন ফটো ৰাখিব। এনে কৰাৰ ফলত তেওঁৰ পঢ়াত মন বহিব।

যদি শিশুৱে কথা ক'ব নোৱাৰে, তেন্তে এই প্ৰতিকাৰবোৰ কৰক 

যদি কোনো শিশুৰ মাত স্পষ্ট নহয়, তেন্তে সৰস্বতী পূজাৰ দিনা কলমৰ সহায়ত কেশৰৰে জিভাত 'ওম হি শ্ৰী সৰস্বত্যই নমহ' লেখিলে শিশুৰ এই অসুবিধা চিৰকাললৈ দূৰ হয় বুলি বিশ্বাস কৰা হয়।আনহাতে, এই দিনটোত নৱজাতকৰ মুখত মৌ দিলে তেওঁলোকৰ মাত-কথা শুৱলা হয় বুলিও বিবেচনা কৰা হয়।