জীৱন শৈলী

আপোনাৰ হাতলৈ আহিব ধনেই ধন! কৰক এইকেইটা সহজ কাম...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বাস্তু শাস্ত্ৰ আপুনি বিশ্বাস কৰেনে! বাস্তু শাস্ত্ৰ অনুসৰি আপুনি যদি আপোনাৰ ঘৰখন সজাই লয়, তেন্তে কেতিয়াও আপুনি অৰ্থৰ সংকটত নপৰে। বাস্তু শাস্ত্ৰৰ মতে, আপোনাৰ ঘৰৰ ওৱালৰ ৰং অতিপাত ডাঠ (DARK) হব নালাগে। আপোনাৰ শুৱনি কোঠাৰ ৰং নীলা, ক্ৰীম কালাৰ, হালধীয়া ৰঙৰ হলে আপোনাৰ মনত শান্তি বিৰাজ কৰে আৰু অৰ্থ অহাৰ দুৱাৰ ৰুদ্ধ কেতিয়াও নহয়।

বাস্তু শাস্ত্ৰৰ মতে,  ঘৰ সজাওতে অত্যাধিক ফাৰ্ণিচাৰ ব্যৱহাৰ কৰিব নালাগে। ঘৰৰ ওৱালত হিংসুক নাইবা হতাশজনক ফটো কেতিয়াও আঁৰিব নালাগে। ঘৰখনত ধনাত্মক ভাৱ জগাই ৰাখিবলৈ পূব দিশৰ ওৱালত উদিত সূৰ্যৰ ফটো, ৰামৰ ফটো নাইবা ঘড়ী আঁৰিব পাৰে।

ঘৰৰ দুৱাৰমুখ খন সদায়েই পৰিস্কাৰকৈ ৰাখিব লাগে। যিকোনো ফটো নাইবা ছবি দুৱাৰমুখত কেতিয়াও আকিঁব নালাগে। ইয়াৰ পৰিৱৰ্তে মাছৰ যোৰা, স্বতিক, গণেশৰ ফটো দুৱাৰমুখত আকিলে ঘৰলৈ লক্ষ্মীৰ আগমন হয়। ঘৰৰ দুৱাৰ-খিৰিকিত কেতিয়াও কলা ৰঙৰ পৰ্দা ব্যৱহাৰ নকৰিব।

আপোনাৰ শুৱনি কোঠাৰ উত্তৰ দিশতো পৰাপক্ষত সেউজীয়া কৰি ৰাখিব। ফুল গছ নাইবা বিভিন্ন সৰু সৰু গছেৰে শুৱনি কোঠাৰ উত্তৰ দিশতো সুন্দৰকৈ ৰাখক। এনে কৰিলে আপোনাৰ জীৱনত সুখ-সমৃদ্ধি বৃদ্ধি পায়। ইয়াৰোপৰি উত্তৰ দিশত সেউজীয়া অৰণ্য নাইবা গছ-গছনিৰ ফটো আঁৰি পাৰে ওৱালত।