জীৱন শৈলী

শনিদেৱৰ আশীৰ্বাদ লাভৰ বাবে ঘৰৰ কোন দিশত ধূনা জ্বলাব লাগে জানেনে ?

Asomiya Pratidin

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই একো একোজন ঈশ্বৰৰ নামত উৎসৰ্গিত। শনিবাৰটো শনি দেৱতাক উৎসৰ্গা কৰা হয়। সনাতন শাস্ত্ৰৰ মতে, শনি ন্যায়ৰ দেৱতা।এই শাস্ত্ৰৰ বিশ্বাস মতে, যিসকলে ভাল কাম কৰে তেওঁলোকক শনি দেৱতাই আৰ্শীবাদ আৰু বেয়া কাম কৰাজনক শাস্তি দিয়ে। শনি দেৱ সোনকালে কাৰো ওপৰতে সন্তুষ্ট নহয় যদিও শনিবাৰে কেতবোৰ বিশেষ কাম কৰি আপুনি শনি দেৱতাৰ অনুগ্ৰহ প্ৰাপ্ত হ’ব পাৰে। আজি এই বিষয়ে জানো আহক-

সম্পদ লাভ

যদি আপুনি শনিৰ দোষত ভুগি আছে, তেন্তে প্ৰতি শনিবাৰে ক'লা কুকুৰক ৰুটী খুৱাব। এনে কৰিলে শনিদেৱ অতি সোনকালে সন্তুষ্ট হয়। এই প্ৰতিকাৰৰ দ্বাৰা আপুনি সুখী হোৱাৰ লগতে সম্পদ লাভ কৰিব পাৰিব। 

পাৰিবাৰিক বিবাদ দূৰ

যদি আপোনাৰ পৰিয়ালটো সঘনাই বিবাদ হয়, তেতিয়া শনিবাৰে নিশা ঘৰৰ উত্তৰ-পূব কোণত ধূনা জ্বলাব। এই প্ৰতিকাৰৰ দ্বাৰা ঘৰত থকা নেতিবাচক শক্তিবোৰ আঁতৰ হোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম বৃদ্ধি হয়।

শিৱও সন্তুষ্ট হয়

শনিবাৰে শিৱৰ উপাসনা কৰিলেও শনি দেৱ সন্তুষ্ট হয়।শনিবাৰে পুৱা গা ধুই ধ্যান কৰাৰ পিছত তাত ক'লা তিল আৰু বেলপাত মিহলি কৰি শিৱলিঙ্গত আগবঢ়াব। 

আঁহত গছৰ উপাসনা

যদি আপুনি শনি দেৱৰ আশীৰ্বাদ বিচাৰে, তেন্তে শনিবাৰে সম্পূৰ্ণ শ্ৰদ্ধাৰে আঁহত গছৰ উপাসনা কৰিব। উপাসনাৰ সময়ত গছৰ গুৰিত পানী দিব আৰু চাকি জ্বলাই শনি স্তুতি পাঠ কৰিব। এনে কৰিলেও শনি দেৱ সোনকালে সন্তুষ্ট হয়। 

ভুলতো নকৰিব এই কাম

শাস্ত্ৰ অনুসৰি, উপাসনাৰ সময়ত ভক্তসকলৰ চকু শনি দেৱৰ ভৰিত থাকিব লাগে। উপাসনাৰ সময়ত ভুলতো শনি দেৱৰ চকুলৈ নাচাব।

বি. দ্ৰ: এই প্ৰবন্ধটো কেৱল তথ্যৰ ওপৰত আধাৰিত।