জীৱন শৈলী

আচৰিত ! জ্যোতিষীয়ে মৃত্যুৰ ভৱিষ্যতবাণী কৰাৰ পাছতেই মৃত্যুক আকোৱালি ল’লে মহিলাই

Asomiya Pratidin

ডিজিটেল ডেস্ক: জ্যোতিষীৰ পৰা ভৱিষ্যতবাণী জানিবলৈ আহি কৰুণ মৃত্যুক সাবটি ল’লে এগৰাকী দুৰ্ভগীয়া মহিলাই। হয়, জ্যোতিষীয়ে দিয়া চকলেট খাই মৃত্যু হয় এইগৰাকী মহিলাৰ। এই ঘটনা ব্ৰাজিলৰ।

ব্ৰাজিলৰ পৰ্যটন নগৰী মেচিঅ’ চহৰত সংঘটিত হৈছে এই ঘটনা। এই দুৰ্ভগীয়া মহিলাগৰাকীৰ নাম ফাৰ্নাণ্ডা ভালোজ পিণ্টো। ২৭ বছৰীয়া এই মহিলাগৰাকীয়ে চহৰখনৰ কেন্দ্ৰতে থকা এজন বৃদ্ধ জ্যোতিষীৰ ওচৰলৈ তেওঁৰ ভৱিষ্যতৰ বিষয়ে জানিবলৈ গৈছিল। আশ্চৰ্যজনকভাৱে, জ্যোতিষীজনে ভৱিষ্যতবাণী কৰিছিল যে মহিলাগৰাকীৰ হেনো মৃত্যু হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে।এই ভৱিষ্যতবাণী কৰি জ্যোতিষীজনে মহিলাগৰাকীক  অপ্ৰত্যাশিত উপহাৰ হিচাপে এটা চকলেট আগবঢ়াইছিল।

এই ঘটনাটো তেতিয়াহে পোহৰলৈ আহিছিল, যেতিয়া পিণ্টোৰ সম্পৰ্কীয় ভাতৃ বিয়াংকা ক্ৰিষ্টিনাই কৰ্তৃপক্ষক এই বিষয়ে জানিবলৈ দিয়া। ক্ৰিষ্টিনাই বৰ্ণনা কৰা মতে, জ্যোতিষীয়ে দিয়া চকলেট খোৱাৰ পিছত পিণ্টোৰ অৱস্থা দ্ৰুতগতিত অৱনতি হৈছিল। পিণ্টোৱে বমি কৰিবলৈ আৰম্ভ কৰিছিল।দৃষ্টি শক্তি আৰু সমগ্ৰ শৰীৰ তেওঁৰ দুৰ্বল হৈ পৰিছিল আৰু কেইঘণ্টামান পিছত তেওঁৰ মৃত্যু ঘটিছিল।মৃত্যুৰ পূৰ্বে পিণ্টোৱে পৰিয়ালক অৱগত কৰিছিল যে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া দ্ৰুততৰ হৈছিল মুখত তিক্ত সোৱাদ অনুভৱ কৰিছিল। পিণ্টোৱে এইটোও ইংগিত দিছিল যে তাই অদ্ভুতভাৱে নিচাগ্ৰস্ত অনুভৱ কৰিছিল।

আনহাতে, মৰণোত্তৰ পৰীক্ষাৰ পৰা পোৱা টক্সিকোলজী প্ৰতিবেদনত তেওঁৰ শৰীৰত উচ্চ পৰিমাণৰ কীটনাশক ছালফোটেপ আৰু টাৰ্বোফোছৰ উপস্থিতি ধৰা পৰিছিল।জ্যোতিষীয়ে দিয়া চকলেটটো বিষক্ৰিয়াৰ উৎস আছিল নেকি বুলি কৰ্তৃপক্ষই বৰ্তমান অনুসন্ধান ৰাখিছে।ইফালে, ভৱিষ্যতবাণীক সঁচা বুলি প্ৰতিপন্ন কৰাৰ স্বাৰ্থত এয়া জ্যোতিষীজনৰে কাণ্ড বুলিও বহুতেই দাবী কৰিছে।