জীৱন শৈলী

শাওন মাহত মহিলাসকলে কি কৰিলে মহাদেৱ সন্তুষ্ট হয় জানি লওঁক

Asomiya Pratidin

ডিজিটেল ডেস্ক: চলিত বছৰৰ শাওন মাহটো বিভিন্ন ধৰণেই বিশেষ।এই মাহটো এইবাৰ ৫৯ দিনীয়া।বিশ্বাস মতে, শাওন মাহত ভগৱান শিৱৰ উপাসনা কৰিলে এজন ব্যক্তিৰ সকলো ইচ্ছা পূৰণ হয়। শাওন মাহত প্ৰতিগৰাকী মহিলাই তেওঁৰ স্বামীৰ সুখ-সমৃদ্ধিৰ কামনা কৰি মহাদেৱক আৰাধনা কৰে। এই সময়ছোৱাত বিবাহিত মহিলাসকলে মূৰৰ পৰা ভৰিলৈ ১৬বিধ বিশেষ অলংকাৰ পিন্ধি স্বামীৰ দীঘলীয়া জীৱনৰ বাবেও কামনা কৰিব লাগে। শাস্ত্ৰ অনুসৰি, এই ১৬বিধ বিশেষ অলংকাৰে মহিলাসকলৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, তেওঁলোকৰ ভাগ্যৰ দুৱাৰো মুকলি কৰে।আজি এই বিষয়ে জানো আহক-

ৰঙা সাজ

শাওন মাহত ভগৱান শিৱৰ আশীৰ্বাদ পাবলৈ আপুনি ৰঙা ৰঙৰ কাপোৰ পিন্ধিব লাগে। ইয়াক ষোল্লটা অলংকাৰৰ অন্যতম অংশ বুলি গণ্য কৰা হয়। এই মাহটোত ক'লা ৰঙৰ কাপোৰ কেতিয়াও পৰিধান নকৰিব।

ৰঙা ফোঁট

দুয়োটা ভ্ৰূৰ মাজত লোৱা ৰঙা ফোঁট ভগৱান শিৱৰ তৃতীয় চকুৰ প্ৰতীক বুলি গণ্য কৰা হয়।সেয়েহে মহিলাসকলে স্বামীৰ মংগল কামনাৰ অৰ্থে সদায় ফোঁট ল’ব লাগে।

মেহেন্দি

মেহেন্দি বা জেতুকা হৈছে বিবাহিতা মহিলাৰ ৰূপসজ্জাৰ অন্যতম অলংকাৰ। শাওন মাহত জেতুকা লগাই আপুনি আপোনাৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰিব পাৰে।

কাণফুলি

কাণফুলি অবিহনে মহিলাৰ ১৬ অলংকাৰ একেবাৰে অসম্পূৰ্ণ।বিশ্বাস মতে, স্বামীৰ যদি মংগল হোৱাটো বিচাৰে, তেন্তে মহিলাসকলে তেওঁলোকৰ কাণ খালি কৰি ৰাখিব নালাগে।

কাজল

কাজলে অশুভ শক্তিৰ পৰা সুৰক্ষা দিয়ে। সেয়েহে, কাজল প্ৰয়োগ কৰাটো প্ৰতিগৰাকী মহিলাৰ বাবে অতি শুভ বুলি গণ্য কৰা হয়।

সেন্দুৰ

শাওন মাহত মহিলাই শিৰত উজ্জ্বলকৈ সেন্দুৰ ল’ব লাগে।বিশ্বাস মতে, ই স্বামীৰ জীৱন দীঘলীয়া কৰে আৰু ইয়াৰ দ্বাৰা ভোলানাথো সুখী হয়। 

খোপাত ফুল

এই মাহত স্বামীৰ হাতেৰে খোপাত ফুল পিন্ধিব লাগে।যাক পত্নী-স্বামী দুয়োৰে বাবে অতি শুভ বুলি গন্য কৰা হয়।

মংগলসূত্ৰ

মহিলাসকলে কেতিয়াও খালী ডিঙিৰে থাকিব নালাগে।মঙ্গলসূত্ৰ হৈছে বিবাহিত মহিলাৰ বাবে উত্তম অলংকাৰ।

আৰ্মলেট

মহিলাসকলে বাহুৰ তলত হাতত পিন্ধা এই অলংকাৰবিধ সোণ বা ৰূপেৰে নিৰ্মাণ কৰা হয়। ইয়াক পিন্ধিলে পৰিয়ালৰ সম্পদ সুৰক্ষিত হয় বুলি বিশ্বাস কৰা হয়। 

সেউজীয়া আৰু ৰঙা খাৰু

শাওন মাহত কেৱল বিবাহিতই নহয়, কুমাৰী ছোৱালীয়েও সেউজীয়া আৰু ৰঙা ৰঙৰ খাৰু পিন্ধিব লাগে। সেউজীয়া প্ৰকৃতিৰ ৰং, যিয়ে জীৱনলৈ সুখ আনে।আনহাতে, ৰঙা ৰঙে মহিলাৰ জীৱনলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে।

নাকফুলি

হিন্দু ধৰ্মত ধুনীয়া মহিলাসকলে নাকত যিকোনো অলংকাৰ পিন্ধাটো বাধ্যতামূলক বুলি গণ্য কৰা হয়। ভৰিৰ আঙুলি

ভৰিৰ আঙুলিত পিন্ধা ৰূপৰ আঙুঠিটোয়ে বিবাহিত জীৱনৰ সকলো সমস্যা সাহসেৰে মোকাবিলা কৰিবলৈ মহিলাক শক্তি দিয়ে বুলি বিশ্বাস কৰা হয়।

কপালি

বিশ্বাস মতে, কপালৰ মাজত পিন্ধা কপালিয়ে প্ৰতিগৰাকী মহিলাৰ সৌন্দৰ্যৰ লগতে স্বামীৰ আয়ুস বৃদ্ধি কৰে।

পায়েল

শাওন মাহত মহিলাই পায়েল পিন্ধিলেও স্বামীৰ মংগল হয়।

আঙুঠি

শাওন মাহত মহিলাই পৰিধান কৰিবলগীয়া ১৬ বিধ অলংকাৰৰ ভিতৰত আঙুঠিও অন্যতম। 

কঁকালৰ অলংকাৰ

কঁকালত পৰিধান কৰা অলংকাৰ বিধেও স্বামীৰ মংগল কৰে বুলি গণ্য কৰা হয়।