জীৱন শৈলী

এতিয়াৰে পৰা লিচুৰ গুটি আৰু পেলাই নিদিব

Asomiya Pratidin

ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত উপলব্ধ সুস্বাদু তথা স্বাস্থ্যকৰ ফলৰ ভিতৰত অন্যতম লিচু। ইয়াত প্ৰ'টিন, কাৰ্বোহাইড্ৰেট, নিয়াচিন, ফলেট, থিয়ামিন, ভিটামিন এ, চি, ই, কে, ছ'ডিয়াম, পটাছিয়াম, কেলচিয়াম, আইৰণকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। যিসমূহ উপাদানবোৰ আমাৰ সুস্বাস্থ্যৰ বাবে অতি সহায়ক।কিন্তু জানি আচৰিত হ’ব যে লিচুৰ দৰেই উপকাৰী আপুনি মই পেলাই দিয়া লিচুৰ গুটি।হয়, অপ্ৰয়োজনীয় বুলি পেলাই দিয়া লিচু গুটিয়ে আমাৰ সৌন্দৰ্য বৃদ্ধিত গুৰুতৰ ভূমিকা পালন কৰিব পাৰে।এই বিষয়ে জানো আহক-

চুলিৰ যত্নৰ লিচুৰ গুটিয়ে ঔষধৰ দৰে কাম দিয়ে। লিচু গুটি বেক্টেৰিয়া-ৰোধী গুণাগুণেৰে সমৃদ্ধ।যিয়ে মূৰৰ ছালত থকা বেক্টেৰিয়া আৰু ভেঁকুৰ আঁতৰ কৰাত যথেষ্ট সহায়ক।ইয়াত থকা এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিবোৰ চুলিলৈ আৰ্দ্ৰতা অনাত আৰু নিষ্প্ৰাণ শুকান চুলি উজ্জ্বল কৰাত সহায়ক হ'ব পাৰে।লিচু গুটিৰ মাস্ক তৈয়াৰ কৰি আপুনি চুলিত প্ৰয়োগ কৰিব পাৰে।

কিদৰে তৈয়াৰ কৰিব লিচু গুটিৰ হেয়াৰ মাস্ক ?

লিচু গুটিৰ চুলিৰ মাস্ক প্ৰস্তুত কৰিবলৈ প্ৰথমে ৫-৬টা লিচু গুটি ভালদৰে ধুই শুকুৱাই ল’ব। এতিয়া এই গুটিখিনিৰ পাউডাৰ তৈয়াৰ কৰি ২-৩ টেবল চামুচ নাৰিকল তেল তাত মিহলি কৰিব। ইয়াৰ পিছত ২ টেবল চামুচ দৈ আৰু ১ টেবল চামুচ মৌ ইয়াৰ লগত যোগ দি সকলোবোৰ ভালদৰে মিহলাই এটা ডাঠ পেষ্ট প্ৰস্তুত কৰিব। এতিয়া এই মাস্কটো চুলি আৰু মূৰৰ ছালত প্ৰয়োগ কৰি শুকাবলৈ দিব।চুলিখিনি শুকালে পৰিস্কাৰ পানী দি ধুই পেলাব।মাহত এই মাস্ক দুবাৰ প্ৰয়োগ কৰিলে লাভ কৰা ফলাফলে আপোনাক নিশ্চিতভাৱেই অবাক কৰিব।