লোকসভা ২০২৪

শোণিতপুৰত আপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

Asomiya Pratidin

ডিজিটেল ডেস্ক : সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমত আম আদমি পাৰ্টীয়ে ৰাজ্যজুৰি আৰম্ভ কৰিছে "অসমতো কেজৰিৱাল" শীৰ্ষক অভিযান। এই অভিযানৰ সমান্তৰালভাৱে বুধবাৰে শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ৰঙাপাৰা বিধানসভা সমষ্টিত অনুষ্ঠিত হয় দলৰ এক বিশাল কৰ্মকৰ্তা সন্মিলন।

ৰঙাপাৰা বিধানসভাৰ সমষ্টিৰ উপৰি শোণিতপুৰ জিলা সমিতিৰ সদস্য, নেতা-কৰ্মীসকলে এই কৰ্মকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰে। শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰক্ষেপিত প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ প্ৰতিনিধি কৰ্ণেল ৰাহুল পানৱাৰ আৰু অসম ৰাজ্যিক আপৰ যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা প্ৰমুখ্যে নেতাসকলে দলৰ কৰ্মকৰ্তাসকলক উদ্দেশ্যি ভাষণ দিয়ে।

সমাগত নিৰ্বাচনত আপৰ প্ৰাৰ্থীৰ বিজয় সুনিশ্চিত কৰিবৰ বাবে ৰণকৌশল নিৰ্ধাৰণত গুৰুত্ব আৰোপ কৰে দলৰ নেতাসকলে। সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ্মকৰ্তা সন্মিলনত উপস্থিত হোৱা ন-পুৰণি কৰ্মীসকলক প্ৰশিক্ষিত কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰে দলীয় নেতৃত্বই। নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক পৰাজিত কৰি আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ জয়যাত্ৰা সফল কৰি তুলিবলৈ জনসাধাৰণক আহ্বান জনায়।