কমেডী শ্ব'ৰ বিচাৰকৰ আসন এৰি বিজেপিলৈ শেখৰ সুমন... 
লোকসভা ২০২৪

কমেডী শ্ব'ৰ বিচাৰকৰ আসন এৰি বিজেপিলৈ শেখৰ সুমন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে অভিনেতা শেখৰ সুমনে।প্ৰখ্যাত বোলছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালিৰ 'হীৰামণ্ডি' নামৰ জনপ্ৰিয় ছবিখনৰ জৰিয়তে চৰ্চালৈ আহিছিল শেখৰ সুমন।

আত্মপ্ৰকাশৰ পৰা বহু কেইখন বলিউডৰ চিনেমাত অভিনয় কৰিছে তেওঁ। অৱশ্যে যোৱা কেইবাবছৰ ধৰি তেওঁ চিনেমা উদ্যোগটোৰ পৰা আঁতৰি আছিল। বলিউডত তেওঁ বৰ সফল বুলিও ক'ব নোৱাৰি।

চিনেমাৰ পৰিৱৰ্তে তেওঁক একাধিক কমেডী শ্ব’ৰ বিচাৰক আসনত বহাৰ পৰাহে মানুহে আদৰি লৈছিল। লাভ কৰিছিল জনপ্ৰিয়তাও। তাৰ মাজতে শেহতীয়াকৈ তেওঁ পুনৰ ছবি জগতলৈ ঘূৰি আহিছে।

কিন্তু এইবাৰ তেওঁৰ অভিনয়ৰ প্ৰতি বৰ এটা আগ্ৰহ নাই। তেওঁৰ আগ্ৰহ ৰাজনীতিলৈহে। সেয়ে হয়তো বলিউডলৈ প্ৰত্যাৱৰ্তন কৰিও তেওঁ ভোটগ্ৰহন চলি থকাৰ মাজতে আজি আনুষ্ঠানিকভাৱে যোগদান কৰিলে বিজেপিত।

আজি দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে তেওঁ। বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত শেখৰ সুমনৰ উপৰিও কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মিডিয়া কোঅৰ্ডিনেটৰ ৰাধিকা খেৰায়েও যোগদান কৰিছে বিজেপিত।