উত্তৰ প্ৰদেশত ৮০ খনৰ ৭৯ খন আসনেই পাব INDIAইঃ অখিলেখ যাদৱৰ দাবী... 
লোকসভা ২০২৪

উত্তৰ প্ৰদেশত ৮০ খনৰ ৭৯ খন আসনেই পাব INDIAইঃ অখিলেখ যাদৱৰ দাবী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ৪ টা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। এতিয়াও বাকী ৩ টা পৰ্যায়ৰ ভোটগ্ৰহণ। ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱা ৪ টা পৰ্যায়ৰ পৰিবেশ, পৰিস্থিতি পৰ্যালোচনা কৰি ৰাজনৈতিক দলসমূহে অধিক আগ্ৰাসী ৰূপত চলাবলৈ আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ।

এনে প্ৰচাৰৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে মঙ্গলবাৰে বংগত এক জনসভা সম্বোধন কৰি দাবী কৰিছিল যে, বিজেপিয়ে ইতিমধ্যে চৰকাৰ গঠন কৰিব পৰাকৈ আসন লাভ কৰিছে। অমিত শ্বাহৰ এনে মন্তব্যৰ বিপৰীতে আজি সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেখ সিং যাদৱে দাবী কৰিছে ১৪০ কোটি জনসাধাৰণে বিজেপিক ১৪০ খন আসনৰ বাবেও হাহাকাৰ কৰিবলৈ বাধ্য কৰাব।

৪ জুনত হেনো বিৰোধী ইণ্ডিয়াই গঠন কৰিব চৰকাৰ

অখিলেখ যাদৱে কংগ্ৰেছ নেতৃত্বৰে আজি লক্ষ্ণৌত এক সংবাদ মেল সম্বোধন কৰি দাবী কৰিছে এইবাৰ লোকসভা নিৰ্বাচনত বিজয়ী হৈ ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। অখিলেখ যাদৱে কয়, ''চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ মিছা কথাই যিমান বগাব লাগিছিল সিমান ওপৰলৈ বগালে। এতিয়া তেওঁলোকে ওপৰৰ পৰা তললৈ নামিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ 'কাউণ্ট-ডাউন'ৰ সৈতে 'মাউণ্ট-ডাউনো' আৰম্ভ হৈগৈছে।''

তেওঁ কয়, ''দেশৰ ১৪০ কোটি জনতাই ভাৰতীয় জনতা পাৰ্টিক ১৪০ খন আসনৰ বাবেও হাহাকাৰ কৰিবলগীয়া কৰি দিব। তেওঁ বিজেপিক কটাক্ষ কৰি কয়, ভাৰতীয় জনতা পাৰ্টিৰ ৰথৰ চকা আৱদ্ধ হৈ পৰা নাই বৰঞ্চ ৰথ ডুবি গৈছে। সেয়ে নিৰ্বাচনী প্ৰচাৰত তেওঁলোকৰ মুখৰ ভাষাও সলনি হৈ পৰিছে।''

উত্তৰ প্ৰদেশত ৭৯ খন আসন পাব ইণ্ডিয়া মিত্ৰজোঁটে - অখিলেখ যাদৱ

সমাজবাদী পাৰ্টিৰ নেতাগৰাকীৰ দাবী উত্তৰ প্ৰদেশত তেওঁলোকে ৭৯ খন আসন লাভ কৰিব। উল্লেখ্য ৰাজ্যখনত আছে মুঠ ৮০ খন আসন। এই ৮০ খন আসনৰ ভিতৰত ১৭ খন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে ৬৩ খন আসনত সমাজবাদী পাৰ্টিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে।

অখিলেখ যাদৱৰ মতে কেৱল বাৰণাসীৰ আসনখনতহে প্ৰতিদ্বন্দিতা হ’ব। এই আসনখনত বিজেপিৰ হৈ প্ৰতিদ্বন্দিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

মল্লিকাৰ্জুন খাৰ্গেৰ মতে শক্তিশালী স্থিতিত আছে ইণ্ডিয়া

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়েও বিৰোধী ইণ্ডিয়া শক্তিশালী স্থিতিত আছে বুলি দাবী কৰিছে। তেওঁ দাবী কৰিছে জনতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদায় নিশ্চিত কৰিছে।

তেওঁ কয়,  ''বিশ্বাসৰ সৈতে কব পাৰোঁ, ৪ জুনত ইণ্ডিয়া মিত্ৰজোঁটে নতুন চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। ২০২৪ ৰ নিৰ্বাচনক সকলোতকৈ মহত্বপূৰ্ণ নিৰ্বাচন।এই নিৰ্বাচন সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ নিৰ্বাচন। এয়া দুই বিচাৰধাৰাৰ মাজৰ নিৰ্বাচন।''

অমিত শ্বাহৰ মতে বিজেপিয়ে লাভ কৰিছে বহুমত

সমাজবাদী পাৰ্টি, কংগ্ৰেছৰ এনে দাবীৰ বিপৰীতে অমিত শ্বাহে মঙ্গলবাৰে পশ্চিমবংগত দাবী কৰিছিল ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৩৮০ খন আসনৰ ভিতৰত ২৭০ খন আসনেই বিজেপিয়ে লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সেই অনুসৰিয়েই বহুমত লাভ কৰিছে। তেওঁ দাবী কৰিছে বিজেপিয়ে ৪০০ ৰো অধিক আসন লাভ কৰিব আৰু পুনৰবাৰ নৰেন্দ্ৰ মোডীয়েই প্ৰধানমন্ত্ৰী হ’ব।