লোকসভা ২০২৪

নগাঁৱৰ ৮০শতাংশ ভোট মই পামঃ আমিনুল ইছলামৰ দাবী...

Asomiya Pratidin

ডিজিটেল সংবাদ, কামপুৰঃ সমাগত ৰাজ্যত লোক সভা নিৰ্বাচন। লোক সভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ প্রতিটো ৰাজনৈতিক দলে তৎপৰ হোৱা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ নগাঁও লোক সভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইত কংগ্ৰেছ,বিজেপি,এ আই ইউ ডি এফ দলে আৰম্ভ কৰিছে ৰাজনৈতিক ৰণডংকা। নগাঁও লোক সভা সমষ্টি নিজৰ দখলত আনিবৰ বাবে পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰাখিছে এ আই ইউ ডি এফ দলে।

কেতিয়াবা যদি ৰাজহুৱা সভাত আন কেতিয়াবা ৰাইজৰ বিভিন্ন ৰাজহুৱা স্থান, বজাৰ, মছজিদ সমূহত। মুঠতে নিজৰ দখললৈ সমষ্টিৰ অনাৰ পূৰ্ণ প্ৰয়াস চলাইছে নগাঁও লোকসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্রার্থী আমিনুল ইছলামে।

বুধবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ লগত মত বিনিময় কৰাৰ লগতে সমূহীয়া ইফতাৰত প্রার্থী গৰাকীৰ লগত সংগ দিয়ে ৰহা সমষ্টি কমিটিৰ AIUDFদলৰ সভাপতি জহুৰ আলী, সম্পাদক চম্পক কলিতাৰ লগতে দলীয় কৰ্ম সকল। শেষত সংবাদ মাধ্যমৰ সম্মুখত বহুকেইটা মন্তব্য কৰে আমিনুল ইছলামে।তেওঁ কয় যে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছৰ ৮০ শতাংশ ভোট লাভ কৰিব আৰু ৰাইজৰ পৰা যথেষ্ট সহাৰি লাভ কৰা বুলি মন্তব্য কৰিছে প্রার্থী গৰাকীয়ে।