নিৰ্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰঃ অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ... 
লোকসভা ২০২৪

নিৰ্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰঃ অমিত শ্বাহৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পাছত এইবাৰ অমিত শ্বাহৰ বিৰুদ্ধে উত্থাপন হৈছে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ দাখিল কৰিছে কংগ্ৰেছে।

কংগ্ৰেছৰ অভিযোগ, নিৰ্বাচনী প্ৰচাৰৰ মাজত শিশুক ব্যৱহাৰ কৰিছে অমিত শ্বাহে। হায়দৰাবাদৰ বিজেপি প্ৰাৰ্থী মাধৱী লতাৰ হৈ প্ৰচাৰ চলোৱাৰ সময়তে এইদৰে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ উত্থাপিত হৈছে শ্বাহৰ বিৰুদ্ধে।

বিগেত ১ মে’ত হায়দৰাবাদত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এক নিৰ্বাচনী সভা অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনী সভাত ব্যাপক হাৰত জনসমাগম হৈছিল। সভাত দেখা গৈছিল বহু শিশুও। এই শিশুসকলৰ হাতত আছিল বিজেপিৰ প্ৰতীকযুক্ত পতাকা। এইদৰে শিশুৰ হাতত দলীয়া পতাকা দি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰিছে বুলি অভিযোগ কৰিছে কংগ্ৰেছে।

তেলেংগানা প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি নিৰঞ্জন ৰেড্ডীয়ে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক এই সন্দৰ্ভত অভিযোগ দাখিল কৰি ইয়াৰ উচিত ব্যৱস্থাৰ দাবী জনাইছে। তেওঁ দাবী কৰিছে এইদৰে নিৰ্বাচনী প্ৰচাৰত শিশুক ব্যৱহাৰ কৰি নিৰ্বাচনী আচৰণবিধি ভংগ কৰিছে অমিত শ্বাহে। সেয়ে তেওঁৰ প্ৰচাৰত নিষেধাজ্ঞা আৰোপ কৰিব লাগে।

নিৰঞ্জন ৰেড্ডীয়ে এই সন্দৰ্ভত হায়দৰাবাদৰ আৰক্ষীকো অভিযোগ দাখিল কৰিছে। সেই অভিযোগৰ ভিত্তিতে এখন এফ আই আৰো ৰুজু হৈছে। অৱশ্যে হায়দৰাবাদ আৰক্ষীয়ে ৰুজু কৰা এই এফ আই আৰত অমিত শ্বাহৰ নাম নাই। এফ আই আৰখনত আছে স্থানীয় কেইবাজনো বিজেপি নেতাৰ নাম।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে একাধিকভাৱে নিৰ্বাচনী আচৰণবিধি ভংগৰ অভিযোগ উত্থাপন হৈছিল। তেওঁ নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাম্প্ৰদায়িক মন্তব্যৰে ধৰ্মীয় মেৰুকৰণৰো অভিযোগ উঠিছিল।

কংগ্ৰেছে এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। নিৰ্বাচন আয়োগে কেৱল এখন জাননী জাৰি কৰিয়েই দায়িত্ব সামৰিলে। এইবাৰ অমিত শ্বাহৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ স্থিতি কি হ’ব সেয়া লক্ষ্যণীয় হ’ব।