'৪০০ বহু দূৰৰ কথা, বিজেপিয়ে এইবাৰ নাপায় ২০০ খনো আসন'- মমতা বেনাৰ্জী 
লোকসভা ২০২৪

'৪০০ বহু দূৰৰ কথা, বিজেপিয়ে এইবাৰ নাপায় ২০০ খনো আসন'- মমতা বেনাৰ্জী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৪০০ দূৰৰে কথা এইবাৰ বিজেপিয়ে দেশজুৰি লাভ নকৰে ২০০ খনো আসন। অষ্টাদশ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে এইদাবী কৰিলে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰা অনুসৰি বিজেপিয়ে এইবাৰ সমগ্ৰ দেশত ১৯৫ খন আসন লাভ কৰিব। তাতকৈ এখনো বেছি আসন লাভ নকৰে। ইয়াৰ বিপৰীতে বিৰোধী গোট ইণ্ডিয়াই ৩০০ ৰ পৰা ৩১৫ খন আসন লাভ কৰিব।

সোমবাৰে বংগৰ এক প্ৰচাৰ সভাত মমতা বেনাৰ্জীয়ে কয়, এই পৰ্যন্ত যি হিচাপ, সেই হিচাপ অনুসৰি নিৰ্বাচন খুব ভাল হৈছে। সেয়া বুজি বাবুৰ মুখ শুকাই গৈছে। তেওঁ বুজি পাইছে এইবাৰ আৰু দিল্লীত মোডীবাবু ঘূৰি নাহে। আমাৰ হাতত এই বিষয়ে হিচাপ আছে। এই পৰ্যন্ত যি নিৰ্বাচন হৈছে তাত বিজেপিয়ে ৪০০ দূৰৰে কথা, ২০০ খনো আসন লাভ নকৰে।

তেওঁ ভাষণত কয়, মোডীবাবু যাব। দিদি ইয়াত আপোনালোকৰ সৈতেই আছে। দিল্লীত দিদিয়ে বোৰধী গোট ইণ্ডিয়াক ক্ষমতালৈ আনিব। আজি যি ভোটগ্ৰহণ হৈছে তাৰ হিচাপ আমি এতিয়াও নাজানোঁ। সেয়ে এই পৰ্যন্ত যি হৈছে তাৰ পৰা ক'ব পাৰি বিজেপিয়ে অতি বেছি ১৯৫ খন আসন পাব। আৰু ইণ্ডিয়াই সমগ্ৰ দেশত ৩০০ ৰ পৰা ৩১৫ খন আসন পাব।  

উল্লেখ্য এইবাৰ ৪০০ পাৰ শ্লোগানেৰে নিৰ্বাচনত নামিছিল বিজেপি। কিন্তু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ৰে পৰা এই শ্লোগান প্ৰায় বাদ দিছে বিজেপিয়ে। ইয়াৰ বিপৰীতে তৃতীয় পৰ্যায়ৰ পৰা মনোবল বৃদ্ধি পাইছে বিৰোধীৰ। এনে পৰিবেশৰ মাজতে আজি তৃণমূল কংগ্ৰেছৰ মুৰব্বীগৰাকীয়ে আত্মবিশ্বাসেৰে দাবীয়েই কৰি পেলালে দিল্লীৰ পৰা এইবাৰ আঁতৰিব বিজেপি।