যোৰহাট, নগাওঁ, ধুবুৰীত আগবাঢ়িছে কংগ্ৰেছঃ ১০ সমষ্টিত আগত আছে NDA ৰ প্ৰাৰ্থী 
লোকসভা ২০২৪

যোৰহাট, নগাওঁ, ধুবুৰীত আগবাঢ়িছে কংগ্ৰেছঃ ১০ সমষ্টিত আগত আছে NDA ৰ প্ৰাৰ্থী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈকে অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত ৯ টা সমষ্টিতে আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী। আনহাতে বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ বৰপেটাৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীও আগবাঢ়ি আছে বৰপেটাত। অৱশিষ্ট তিনিটা সমষ্টিত আগবাঢ়িছে কংগ্ৰেছেৰ প্ৰাৰ্থী।

আয়োগৰ তথ্য অনুসৰি যোৰহাট লোকসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে এই পৰ্যন্ত ৫০২৪০২ ভোট লাভ কৰিছে। তেওঁ ৯৭৮০৩ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। সেইদৰে ধুবুৰীত ৰকিবুল হুছেইনে লাভ কৰিছে ৬০৩৬১০ টা ভোট লাভ কৰিছে। তেওঁ নিতপ্ৰতিদ্বন্দিৰ মাজত ভোট ব্যৱধান ৪০৩৩১৬ টা ভোট। নগাওঁ লোকসভা সমষ্টিত আগবাঢ়ি আছে প্ৰদ্যুৎ বৰদলৈ। বৰদলৈয়ে লাভ কৰিছে ৩২৫৭৮০ টা ভোট লাভ কৰিছে। তেওঁ নিকটতম প্ৰতিদ্বন্দিগৰাকীৰ মাজত ভোট ব্যৱধান ৯৭৩৩৯ টা ভোট।

সেইদৰে দৰং ওদালগুৰি সমষ্টিত দিলীপ শইকীয়া, গুৱাহাটীত বিজুলী কলিতা মেধি, ডিফুত অমৰসিং তিছ', কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্য, কাজিৰঙাত কামাখ্যা প্ৰসাদ তাছা, শোণিতপুৰত ৰঞ্জিত দত্ত, লখিমপুৰত প্ৰদাৰ বৰুৱা আৰু ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল আগবাঢ়ি আছে।