'অবকি বাৰ ৪০০ পাৰ'- সফল হ'বনে বিজেপিৰ এই শ্লোগান? 
লোকসভা ২০২৪

'অবকি বাৰ ৪০০ পাৰ'- সফল হ'বনে বিজেপিৰ এই শ্লোগান?

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ‘অবকি বাৰ ৪০০ পাৰ’- এই শ্লোগানেৰেই বিজেপিয়ে এইবাৰৰ লোকসভা নিৰ্বাচনত জপিয়াই পৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰথমে এই শ্লোগান দিয়াৰ পিছত বিজেপিৰ অন্যান্য শীৰ্ষ নেতৃত্বৰ পৰা তৃণমূল পৰ্যায়ৰ কৰ্মীলৈকে সকলোৰে মুখত এই শ্লোগানেই শুনিবলৈ পোৱা গৈছিল।

ইছ্যু বিহীনভাৱেই এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিজেপিৰ মূল কথা আছিল পুনৰ এবাৰ নৰেন্দ্ৰ মোডীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতালৈ আনিব লাগে। ইয়াৰ বাবে দলটোক লাগে অভিলেখ সংখ্যক ৪০০ ৰো অধিক আসন।

প্ৰধানমন্ত্ৰী মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহোওৱাৰ সেই কথা যদিও এই পৰ্যন্ত বিজেপিৰ নেতৃত্বৰ মুখে মুখে শুনিবলৈ পোৱা গৈছে তাৰ মাজতেই অৱশ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মুখৰ পৰা হেৰাল ‘অবকি বাৰ ৪০০ পাৰ’ শ্লোগান। ইয়াৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰী মোডীৰ মুখত শুনিবলৈ পোৱা গৈছিল সাম্প্ৰদায়িক মেৰু বিভাজনৰ হে কথা-বতৰা।

প্ৰতিখন নিৰ্বাচনী সভাত শুনিবলৈ পোৱা গৈছিল কেৱল ৰাম মন্দিৰৰ প্ৰসংগ আৰু বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি লৈ কৰা মেৰু বিভাজনমূলক বক্তব্য। ইয়াৰ পৰাই নিৰ্বাচনৰ মাজত এই কথা স্পষ্ট হৈছিল যে বিজেপিয়ে আশা কৰা ধৰণে ৪০০ বা তাতোধিক আসন লাভ নকৰিব বুলি প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ মাজতে অনুমান কৰিব পাৰিছিল শীৰ্ষ নেতৃত্বই। তাৰ বিপৰীতে উৎসাহিত হৈ পৰিছিল বিৰোধী ‘ইণ্ডিয়া’।

আজি সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে এতিয়া বিভিন্ন সংস্থাৰ এক্সিট পোল প্ৰকাশ পাইছে। এই এক্সিট পোলে শাসকীয় বিজেপিক যদিও চৰকাৰ গঠনৰ ইংগিত প্ৰদান কৰিছে তাৰ পাছতো অৱশ্যে বিজেপিৰ ‘অবকি বাৰ ৪০০ পাৰ’ শ্লোগান ব্যৰ্থ হোৱাৰো ইংগিত প্ৰদান কৰিছে।

সংবাদ সংস্থাসমূহৰ এক্সিট পোলত স্পষ্টকৈ দেখুওৱা হৈছে পুনৰ এবাৰ চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে এন ডি এ। অৱশ্যে এই এক্সিট পোল কিমান সত্য হয় সেয়া ৪ তাৰিখেহে জানিব পৰা যাব। কিন্তু এই কথা নিশ্চিত যে এক্সিট পোলক সম্পূৰ্ণৰূপে নস্যাৎ কৰিব নোৱাৰি। এক্সিট পোল অলপ ইফাল-সিফাল হ’ব পাৰে কিন্তু সম্পূৰ্ণৰূপে অসত্য হোৱাৰ সম্ভাৱণা প্ৰায় ক্ষীণ।

এই এক্সিট পোল অনুসৰিয়েই এইবাৰ বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব। কিন্তু তেওঁলোকে কোৱাৰ দৰে ৪০০ ৰো অধিক আসন লাভ নকৰে। ৩০০ ৰ ঘৰতে থাকিব এন ডি এ।

ইণ্ডিয়া নিউজ ডি-ডাইনেমিকৰ এক্সিট পোল অনুসৰি এন ডি এয়ে এইবাৰ ৩৭১ খন আসন লাভ কৰিব। জন কি বাতৰ এক্সিট পোল অনুসৰি এন ডি এয়ে লাভ কৰিব ৩৬২ৰ পৰা ৩৯২ খন আসন। নিউজ নেচনৰ মতে আকৌ এন ডি এয়ে এইবাৰ লাভ কৰিব ৩৪২ ৰ পৰা ৩৭৮ খন আসন।

ৰিপাব্লিক টিভিৰ এক্সিট পোলৰ মতে এন ডি এয়ে লাভ কৰিব ৩৬২ ৰ পৰা ৩৬৮ খন আসন। ৰিপাব্লিক ভাৰত মেট্ৰিজৰ এক্সিট পোলৰ মতে এন ডি এয়ে পাব ৩৫৯ খন আসন আৰু সংবাদ সংস্থা দৈনিক ভাস্কৰৰ এক্সিট পোল অনুসৰি এন ডি এয়ে পাব ২৮৫ ৰ পৰা ৩৫০ খন আসন।