INDIA ৰ চৰকাৰ গঠন হলে মাফ কৰিব কৃষকৰ ঋণঃ পঞ্জাৱত প্ৰতিশ্ৰুতি দিলে ৰাহুলে 
লোকসভা ২০২৪

INDIA ৰ চৰকাৰ গঠন হ'লে মাফ কৰিব কৃষকৰ ঋণঃ পঞ্জাৱত প্ৰতিশ্ৰুতি দিলে ৰাহুলে

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৪ জুনত দেশত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ চৰকাৰ গঠন হ'লে মাফ কৰা হ'ব কৃষকৰ ঋণ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে পঞ্জাৱৰ এক নিৰ্বাচনী সভাত এই সন্দৰ্ভত মন্তব্য কৰিছে।

ৰাহুল গান্ধীয়ে পঞ্জাৱৰ লুধীয়ানাত এক নিৰ্বাচনী সভা সম্বোধন কৰি বুধবাৰে কয়, ইণ্ডিয়া গোটৰ চৰকাৰ গঠন হোৱাৰ লগে লগে আমি দেশৰ কৃষকৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা কৰিম। তেওঁলোকে আৰৱপতিৰ ঋণ মাফ কৰে আমি কৃষকৰ ঋণ মাফ কৰিম।

তেওঁ পুনৰ কয়, আমি কেৱল এবাৰেই ঋণ মাফ নকৰো। আমি এক আয়োগ গঠন কৰিম তাৰ নাম হ'ব কৃষকৰ ঋণ ৰেহাই আয়োগ। যেতিয়াই কৃষকৰ ঋণ ৰেহাইৰ প্ৰসংগ আহিব তেতিয়াই আয়োগে সকলো কাম কৰিব। আমি ঋণ ৰেহাই দিম। সেয়া কেৱল এবাৰৰ বাবেই হওক বা দুবাৰৰ বা যিমান বাৰৰ বাবেই হওক।

ইফালে কৃষকৰ শস্যৰ নূন্যতম সমৰ্থন মূল্য চমুকৈ এম এছ পিৰ প্ৰসংগতো তেওঁ মন্তব্য কৰিছে। এই প্ৰসংগত ৰাহুল গান্ধীয়ে কয়, নৰেন্দ্ৰ মোডীয়ে স্পষ্টকৈ কৈছে কৃষকক আইনীভাৱে শস্যৰ নূন্যতম সমৰ্থন মূল্য দিব নোৱাৰি। নিৰ্বাচনৰ পাছত ৪ জুনত ইণ্ডিয়াৰ চৰকাৰ আহিব আৰু আমি কৃষকক প্ৰথমবাৰৰ বাবে গেৰাণ্টীৰ সৈতে আইনী ব্যৱস্থাৰে শস্যৰ নূন্যতম সমৰ্থন মূল্য দিবলৈ আগবাঢ়িছোঁ।