ভোট দিলে আদানীয়েঃ নিৰ্বাচনক গণতন্ত্ৰৰ এক মহান উৎসৱ আখ্যা... 
লোকসভা ২০২৪

ভোট দিলে আদানীয়েঃ নিৰ্বাচনক গণতন্ত্ৰৰ এক মহান উৎসৱ আখ্যা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে আজি ভোটদান কৰিলে পুঁজিপতি তথা আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে। উদ্যোগপতিগৰাকীয়ে গুজৰাটৰ আহমেদাবাদৰ পমাহমেদপুৰা প্ৰাথমিক বিদ্যালয়ৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰে।

ইয়াৰ পিছতে তেওঁ সাংবাদিকৰ মুখামুখী হৈ দেশৰ সকলো নাগৰিককে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।  তেওঁ কয়, ভাৰত আগবাঢ়ি আছে আৰু আগবাঢ়ি যাব। ভোটগ্ৰহণৰ দিনটোৰ তাৎপৰ্য ওপৰতো তেওঁ আলোকপাত কৰে। তেওঁ নিৰ্বাচনক গণতন্ত্ৰৰ এক মাহন উৎসৱ আখ্যা দি এই উৎসৱৰ সৈতে সকলোকে চামিল হ'বলৈও আহ্বান জনায়।

উল্লেখ্য যে, আজি দেশৰ মুঠ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯৩ খন লোকসভা আসনত ভোটগ্ৰহণ চলি আছে। পুৱা ১১ বজালৈকে অসমত ২৭.৩৪ শতাংশ, বিহাৰত ২৪.৪১ শতাংশ, ছত্তীশগড়ত ২৯.৯০ শতাংশ, দাদৰা আৰু নগৰ হাভেলিত আৰু দমন আৰু দিউত ২৪.৬৯ শতাংশ, গোৱাত ৩০.৯৪ শতাংশ, গুজৰাটত ২৪.৩৫ শতাংশ, কৰ্ণাটকত ২৪.৪৮ শতাংশ, মধ্য প্ৰদেশত ১৮ শতাংশ, উত্তৰ প্ৰদেশত ২৬.১২ শতাংশ আৰু পশ্চিম বংগ ৩২.৮২ শতাংশ ভোটদান হৈছে।

ৰাজ্য অনুসৰি অসমত ৪ খন, বিহাৰত ৫ খন, ছত্তিশগড়ত ৭ খন, দাদৰা আৰু নগৰ হাভেলি আৰু দমন-দিউত ২ খন, গোৱাত ২ খন, গুজৰাটত ২৫ খন, কৰ্ণাটকত ১৪ খন, মহাৰাষ্ট্ৰত ১১ খন, মধ্যপ্ৰদেশত ৮ খন, উত্তৰ প্ৰদেশত ১০ খন, পশ্চিমবংগত ৪ খন আসনত নিৰ্বাচন অনুষ্ঠিত হৈছে।