লোকসভা ২০২৪

ঘিলামৰাত উদয় শংকৰ হাজৰিকাক বিপুল আদৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, ঘিলামৰাঃ কংগ্ৰেছ দলৰ টিকট লাভ কৰা লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাক আজি ঘিলামৰাৰ দলীয় কৰ্মী সকলে উস্ম ভাৱে আদৰণি জনায়। লখিমপুৰৰ পৰা ঘিলামৰা-ঢকুৱাখনালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা উদয় শংকৰ হাজৰিকাক ঘিলামৰা-গোগামুখ সংযোগী পথৰ ৰাইদঙীয়াত দলীয় নেতা-কৰ্মীয়ে আদৰণি জনায়।

কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ঘিলামৰা ৰাজীৱ ভৱনত এখন দলীয় নিৰ্বাচনী সভা অনুষ্ঠিত কৰে। ঘিলামৰা ব্লক কংগ্ৰেছৰ সভাপতি সুভাষ দিহিঙ্গীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত লখিমপুৰ জিলা কংগ্ৰেছৰ বিষয়ববীয়া,ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত বিভিন্ন মণ্ডল সমিতি, মহিলা কংগ্ৰেছ, ঘিলামৰা ব্লক যুৱ কংগ্ৰেছ, এন এছ ইউ আই, সেৱা দল আদিৰ নেতা-কৰ্মী, উপস্থিত থকা সভা খনত এক যোগদান কাৰ্যসূচী সম্পন্ন হয়। আগন্তুক নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী জনক বিপুল ভোটত পৰাভূত কৰিবলৈ দলীয় কৰ্মকৰ্তা সকলক আহ্বান জনোৱা হয়।