নৰেন্দ্ৰ মোডী নহয়, অমিত শ্বাহহে হ'ব প্ৰধানমন্ত্ৰী- কেজৰিৱালৰ দাবী... 
লোকসভা ২০২৪

নৰেন্দ্ৰ মোডী নহয়, অমিত শ্বাহহে হ'ব প্ৰধানমন্ত্ৰী- কেজৰিৱালৰ দাবী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মূলতঃ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰীৰ আসনত বহোৱাবলৈকে বিজেপিৰ নেতৃত্বই ভোটাৰৰ পৰা ভোট বিচাৰি আছে যদিও তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ'ব। বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজনীয় আসন লাভ কৰিলেও নৰেন্দ্ৰ মোডী হ'ব নোৱাৰে প্ৰধানমন্ত্ৰী। ইয়াৰ বিপৰীতে তৃতীয়বাৰ বিজেপি শাসনলৈ আহিলে প্ৰধানমন্ত্ৰী হ'ব বৰ্তমানৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

এই বিস্ফোৰক অভিযোগ তুলিছে অৰবিন্দ কেজৰিৱালে। ইয়াৰোপৰি তেওঁ দাবী কৰিছে অহা ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ পদ এৰিব লাগিব নৰেন্দ্ৰ মোডীয়ে।দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয় আজি কয়, তেওঁলোকে প্ৰশ্ন কৰিছে ইণ্ডিয়া বিজয়ী হ'লে প্ৰধানমন্ত্ৰী কোন হ'ব? আমাৰ প্ৰশ্ন, আপোনালোকৰ প্ৰধানমন্ত্ৰী কোন হ'ব?

কেজৰিৱালে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বয়স অহা ১৭ ছেপ্টেম্বৰত ৭৫ বছৰ হ'ব। তেওঁ নিজেই নিয়ম কৰিছে ৭৫ বছৰ বয়স হ'লে দলৰ নেতাই অৱসৰ ল'ব। লালকৃষ্ণ আদৱানী, মুৰুলী মনোহৰ যোশী, সুমিত্ৰা মহাজন, যশবন্ত সিনহা এই নিয়মৰে বলি হৈছিল। এইবাৰ সেয়ে ১৭ ছেপ্টেম্বৰ মোডীয়েও অৱসৰ গ্ৰহণ কৰিব।

কেজৰিৱালে পুনৰ প্ৰশ্ন কৰি কয়, মোডীয়ে অৱসৰ গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী কোন হ'ব? মোডীৰ গেৰাণ্টি কোনো পূৰণ কৰিব? অমিত শ্বাহে কৰিবনে? নিজৰ বিশ্বস্ত সংগী অমিত শ্বাহক আসনত বহোৱাব মোডীয়ে। মনত ৰাখিব আপুনি কিন্তু মোডীক ভোট দিয়া নাই, অমিত শ্বাহক হে দিছে। মোডীয়ে ভোট বিচাৰিছে অমিত শ্বাহৰ বাবে।

মন কৰিবলগীয়া যে, এইবাৰ বিজেপিৰ নিৰ্বাচনী কোনো ইছ্যু নাই। নাই কোনো বিশেষ প্ৰতিশ্ৰুতি। কেৱল মোডীক সন্মুখত লৈ মোডীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ ভোট বিচাৰিছে জনতাৰ।

যিহেতু বিজেপিয়ে মোডীৰ ভাৱমূৰ্তিক লৈ নিৰ্বাচনী ৰণ জিকাৰ কৌশল ৰচনা কৰিছে, গতিকে জে'লৰ পৰা ওলাই অহাৰ পিছতে এতিয়া কেজৰিৱালে এই কৌশল ব্যৰ্থ কৰিবলৈ বিজেপিৰে ভিতৰচৰাৰ এই নীতিৰ কথা সোঁৱৰাই শক্তিশেল নিক্ষেপ কৰিলে।

কেৱল এয়াই নহয়, কেজৰিৱালে দাবী কৰিছে নৰেন্দ্ৰ মোডীয়ে 'এক দেশ, এক নেতা'ৰ ধাৰণা প্ৰতিষ্ঠা কৰিব বিচাৰিছে। আপৰ নেতাগৰাকীয় দাবী কৰিছে বিৰোধী নেতাৰ কথা বাদেই দিয়ক দলৰ ভিতৰতে নিজৰ সাম্ভাব্য প্ৰতিদ্বন্দীকো নেৰে মোডীয়ে।

কেজৰিৱালৰ দাবী লালকৃষ্ণ আদৱানী, মুৰুলী মোহন যোশী, শিৱৰাজ চৌহান, বসুন্ধৰা ৰাজে, ৰমন সিঙৰ দৰে নেতাৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰি দিলে মোডীয়ে। এইবাৰ যোগী আদিত্যনাথৰ পাল। মোডী ক্ষমতালৈ আহিলে দুই মাহৰ ভিতৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আসনত যোগী আদিত্য নাথৰ পৰিবৰ্তে বহিব আন কোনোবা।