'কংগ্ৰেছে এইবাৰ নাপায় ৫০ খনো আসন'- নিৰ্বাচনী প্ৰচাৰত মোডীৰ দাবী... 
লোকসভা ২০২৪

'কংগ্ৰেছে এইবাৰ নাপায় ৫০ খনো আসন'- নিৰ্বাচনী প্ৰচাৰত মোডীৰ দাবী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চলিত অষ্টাদশ লোকসভা নিৰ্বাচনত বিজেপি তথা নৰেন্দ্ৰ মোডীৰ শ্লোগান 'অবকি বাৰ ৪০০ পাৰ'। মোডীৰ দাবী এই নিৰ্বাচনত তেওঁলোকে ৪০০ ৰো অধিক আসন লাভ কৰিব। মোডীৰ এনে দাবীৰ বিপৰীতে অৱশ্যে কংগ্ৰেছে দাবী কৰিছে মোডীৰ নেতৃত্বাধীন বিজেপি চৰকাৰক এইবাৰ দেশৰ জনতাই কেন্দ্ৰৰ পৰা বিদায় দিব। ৪০০ পাৰ দূৰৰে কথা দিল্লীৰ পৰা আঁতৰিব লাগিব বিজেপি।

কংগ্ৰেছৰ এনে দাবীৰ পিছতেই এতিয়া উভতি ধৰিছে মোডীয়ে। তেওঁ দাবী কৰিছে এইবাৰ নিৰ্বাচনত কংগ্ৰেছে ৫০ খনো আসন লাভ নকৰে। ওৰিষ্যাৰ এক জনসভাত তেওঁ দাবী কৰিছে ২০১৪ত ৪৭, ২০১৯ ত ৫১ খন আসন পোৱা কংগ্ৰেছে এইবাৰ ২০২৪ ত ৫০ খনো আসন লাভ নকৰে। মোডীৰ মতে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পাছত বিৰোধীয়ে সম্পূৰ্ণৰূপে পলায়ন কৰিছে।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ আৰম্ভণিৰ আগৰে পৰা বিভিন্ন প্ৰচাৰ সভাত নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ শ্লোগান আছি 'অবকি বাৰ ৪০০ পাৰ'। কিন্তু প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰাৰ পাছতে মোডীৰ মুখৰ পৰা ক্ৰমান্বয়ে সেই শ্লোগান আঁতৰি গৈছে।

আনহে নালাগে বিজেপিৰ ভিতৰচৰাতে চৰ্চা হৈছে বিজেপিৰ 'অবকি বাৰ ৪০০ পাৰ' শ্লোগানে দৰাচলতে দলটোক ক্ষতিহে কৰিছে। কিয়নো বিজেপিৰ জয় অবধাৰিত বুলি ভাবিয়েই বহু ভোটাৰে ভোট দিবলৈকে যোৱা নাই।

বিশেষকৈ তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণত দেশৰ বহু কেইখন গুৰুত্বপূৰ্ণ ৰাজ্যতে ভোটৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। এনে ফলশ্ৰুতিত বিৰোধী শিবৰত অৱশ্যে যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে। বৃদ্ধি পাইছে বিৰোধীৰ আত্মবিশ্বাস।

নিৰ্বাচনৰ পূৰ্বে বিৰোধী ইণ্ডিয়াই দিল্লীত চৰকাৰ গঠনৰ দাবী তুলাৰ পৰিৱৰ্তে বিজেপিক সংখ্যাগৰিষ্ঠতাৰ পৰা দূৰত ৰখাই আছিল মূল ৰণকৌশল। কিন্তু প্ৰথম দুটা পৰ্যায়ৰ পাছৰে পৰা বিৰোধী ইণ্ডিয়াই এতিয়া চৰকাৰ গঠনৰো দাবী কৰিছে।

ৰাহুল গান্ধীয়ে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰত আৰু ইয়াৰ পৰৱৰ্তী সময়তো দাবী কৰিছে বিজেপিয়ে ১৮০ খনৰো কম আসন লাভ কৰিব। ৪ জুনত দিল্লীত চৰকাৰ গঠন কৰিব বিৰোধী ইণ্ডিয়াই। বিৰোধী তথা কংগ্ৰেছ নেতাৰ এনে দাবীৰ বিপৰীতে বিজেপি শিবিৰৰ পূৰ্বৰ যি মনোবল সেই মনোবল দেখা পোৱা নাই।

এনে পৰিস্থিতিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এতিয়া দাবী কৰিছে কংগ্ৰেছে এইবাৰ নিৰ্বাচনত ৫০ খনো আসন লাভ নকৰে।  কেৱল সেয়াই নহয় তেওঁ কংগ্ৰেছক আক্ৰমণ কৰি কয় যে, কংগ্ৰেছ নেতাই বাৰে বাৰে সমগ্ৰ দেশক ভয় দেখুৱাই আহিছে। তেওঁলোকে দেশৰ আত্মবিশ্বাস ভাঙিবলৈ চেষ্টা কৰে।