দেশত কোনে গঠন কৰিব চৰকাৰ? এক্সিট পোলে দিছে ডাঙৰ ইংগিত... 
লোকসভা ২০২৪

দেশত কোনে গঠন কৰিব চৰকাৰ? এক্সিট পোলে দিছে ডাঙৰ ইংগিত...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পৰাৰ লগে লগে প্ৰকাশ পালে দেশৰ বিভিন্ন সংবাদ সংস্থাৰ এক্সিট পোল। মুঠ ৫৪৩ টা লোকসভা সমষ্টিত সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ অন্ত পৰাৰ লগে লগে দেশত এইবাৰ কোনে চৰকাৰ গঠন কৰিব তাক লৈ চৰ্চা চলিছে।

দুটাকৈ কাৰ্যকাল একেৰাহে শাসন কৰা এন ডি এ নে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই গঠন কৰিব চৰকাৰ? এই বিষয়ত মানুহৰ মাজত উৎসুকতা পৰিলক্ষিত হৈছে। বিভিন্ন কাৰণত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হোৱা এইবাৰৰ নিৰ্বাচনৰ এক্সিট পোলক লৈয়ো অৱশ্যে বিভিন্ন প্ৰশ্নৰ উত্থাপন নোহোৱা নহয়।

তাৰ মাজতে বিভিন্ন সংবাদ সংস্থাৰ দ্বাৰা প্ৰকাশিত এক্সিট পোলে কাৰ চৰকাৰ গঠন কৰিব তাৰ এক ইংগিত প্ৰদান কৰিছে। এই মুহূৰ্তলৈকে প্ৰকাশিত ইণ্ডিয়া নিউজ ডি-ডাইনেমিক, জন কি বাত, নিউজ নেচন, ৰিপাব্লিক ভাৰত মেট্ৰিজ, ৰিপাব্লিক ভাৰতৰ এক্সিট পোল অনুসৰি দেশত পুনৰবাৰ এন ডি এৰে চৰকাৰ গঠন হ’ব।

ইণ্ডিয়া নিউজ ডি-ডাইনেমিকৰ এক্সিট পোল অনুসৰি এন ডি এয়ে এইবাৰ ৩৭১ খন আসন লাভ কৰিব। ইণ্ডিয়াই পাব ১২৫ খন আসন। তেওঁলোকৰ মতে অন্যানৰ হাতলৈ যাব ৪৭ খন আসন।

জন কি বাতৰ এক্সিট পোল অনুসৰি এন ডি এয়ে লাভ কৰিব ৩৬২ৰ পৰা ৩৯২ খন আসন। ইণ্ডিয়াই পাব ১৪১ ৰ পৰা ১৬১ খন আসন। অন্যান্যৰ হাতলৈ যাব ১০ ৰ পৰা ২০ খন আসন।

নিউজ নেচনৰ মতে এন ডি এয়ে এইবাৰ লাভ কৰিব ৩৪২ ৰ পৰা ৩৭৮ খন আসন। ইয়াৰ বিপৰীতে ইণ্ডিয়াই লাভ কৰিব ১৫৩ ৰ পৰা ১৬৯ খন আসন। অন্যান্যৰ হাতলৈ যাব ২১ ৰ পৰা ২৩ খন আসন।

আনহাতে ৰিপাব্লিক টিভিৰ এক্সিট পোল অনুসৰি এইবাৰ এন ডি এয়ে লাভ কৰিব ৩৬২ ৰ পৰা ৩৬৮ খন আসন। ইণ্ডিয়াই পাব ১১৮ ৰ পৰা ১৩৩ খন আসন। অন্যান্যৰ হাতলৈ যাব ৪৩ ৰ পৰা ৪৮ খন আসন।

ইয়াৰোপৰি ৰিপাব্লিক ভাৰত মেট্ৰিজৰ এক্সিট পোল অনুসৰি এন ডি এয়ে লাভ কৰিব ৩৫৯ খন আসন। ইণ্ডিয়াই পাব ১৫৪ খন আসন।