কচুৱাত কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়কৰ 
লোকসভা ২০২৪

কচুৱাত কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়কৰ

Asomiya Pratidin

ডিজিটেল সংবাদ কামপুৰঃ আজি কচুৱাৰ মাগুৰমাৰী অঞ্চলত কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ এক নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে বিজেপিৰ কেইবাজনো নেতাৰ সৈতে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। উল্লেখ্য যে, পূৰ্বে নগাওঁ লোকসভা সমষ্টিৰ অন্তৰ্গত এই অঞ্চলটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত হয়।

আজিৰ এই প্ৰচাৰ সভালৈ যোৱাৰ সময়ত বছৰ বছৰ ধৰি ৰাইজৰ এক জলন্ত সমস্যা হিচাপে চিহ্নীত হোৱা এখন বাঁহৰ দলং দেখি আক্ষেপ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। অহা এবছৰৰ ভিতৰত বগৰিতলাৰ পৰা মাগুৰমাৰী সংযোগী লুতুমাৰি নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰা হ'ব বুলি তেওঁ সভাত প্ৰতিশ্ৰুতি প্ৰদান কৰে।

ইয়াৰ লগতে এখন মডেল অঙ্গনৱাদী কেন্দ্ৰ নিৰ্বাচনৰ কিছু দিন পাছতেই ৰাইজক উপহাৰ হিচাপে আগবঢ়াব বুলিও ভাষণ প্ৰসংগত মন্তব্য আগবঢ়ায় বিধায়কগৰাকীয়ে। ইফালে এই সভাতেই ৰাইজে কচুৱা পঞ্চায়ত আৰু সমবায়ৰ দুৰ্নীতি হোৱা সন্দৰ্ভত বিধায়কক অভিযোগ দিয়াত নিৰ্বাচনৰ পিছতেই দুৰ্নীতি নিৰ্মূল কৰি সকলো পৰ্যায়ৰ ৰাইজৰ উন্নতি হোৱাকৈ কাম কৰিব বুলি আশ্বাস প্ৰদান কৰে।

সভাত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি বাবুল বৰা,উপ-পৌৰপতি জয়ন্ত ফুকন, মণ্ডল সভাপতি শান্তিৰাম বৰা আৰু দলীয় কৰ্মীৰ উপস্থিতিত অৰ্ধশতাধিক লোক বিভিন্ন দলৰ পৰা বিজেপি দলত যোগদান কৰে।