আত্মবিশ্বাসী কংগ্ৰেছঃ ইণ্ডিয়াই পাব ২৯৫ ৰো অধিক আসন 
লোকসভা ২০২৪

আত্মবিশ্বাসী কংগ্ৰেছঃ ইণ্ডিয়াই পাব ২৯৫ ৰো অধিক আসন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে শনিবাৰে বিয়লিৰ ভাগত বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ অন্তৰ্গত বিৰোধী ৰাজনৈতিক দলসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকতে সিদ্ধান্ত লোৱা হয় যে, এক্সিট পোলক কেন্দ্ৰ কৰি অনুষ্ঠিত হ’বলগীয়া বিভিন্ন নিউজ চেনেলৰ টক শ্ব'লৈ যাব ইণ্ডিয়াৰ প্ৰতিনিধি।

পূৰ্বে ইণ্ডিয়াই সিদ্ধান্ত লৈছিল ভোট গণনা নোহোৱালৈকে নিৰ্বাচন কেন্দ্ৰিক কোনে নিৰ্বাচনী টক শ্ব'লৈ প্ৰেৰণ নকৰে প্ৰতিনিধি। এই সিদ্ধান্ত লোৱাৰ উপৰিও কংগ্ৰেছৰ ফালৰ পৰা এই পৰ্যালোচনা বৈঠকৰ অন্তত ঘোষণা কৰিছে এইবাৰ নিৰ্বাচনত 'ইণ্ডিয়া'ই ২৯৫ খন আসন লাভ কৰিব।

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কয় যে, মিত্ৰদলৰ সকলো নেতাৰ সৈতে আলোচনাৰ মাজাৰে আমি যি তথ্য লাভ কৰিছে সেই তথ্যৰ পৰা নিশ্চিতভাৱে ক’ব পাৰোঁ ‘ইণ্ডিয়া’ই অতি কমেও ২৯৫ খন আসন লাভ কৰিব। ইয়াতকৈ এখনো কম নহয় বৰঞ্চ অধিকহে হ’ব।

ইয়াৰোপৰি তেওঁ ভোটগণনাত যাতে কোনো খেলিমেলিৰ সৃষ্টি নহয় তাৰ বাবে দেওবাৰে নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ যাব ইণ্ডিয়াৰ এটা প্ৰতিনিধি দল। তেওঁলোকে ভোটগণনা সুৰক্ষিত আৰু শুদ্ধভাৱে সম্পন্ন কৰিবলৈ দাবী জনাব।

কংগ্ৰেছ তথা বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ই এইদৰে ২৯৫ খন বা তাতোধিক অসম এইবাৰৰ লোকসভা নিৰ্বাচনত দখল কৰিব পাৰিব বুলি যদিও দাবী কৰিছে এক্সিট পোলে অৱশ্যে অন্য ইংগিতহে প্ৰদান কৰিছে। এই পৰ্যন্ত প্ৰকাশিত এক্সিত পোল অনুসৰি বিজেপিৰ শ্লোগান 'অবকি বাৰ ৪০০ পাৰ'ৰ দৰে বিজেপিয়ে যদিও ৪০০ আসন স্পৰ্শ কৰিব নোৱাৰে তথাপিও ৩০০ ৰো অধিক আসন লাভেৰে পুনৰ চৰকাৰ গঠন কৰিব।

'ইণ্ডিয়া নিউজ ডি-ডাইনেমিক'ৰ এক্সিট পোল অনুসৰি এন ডি এয়ে এইবাৰ ৩৭১ খন আসন লাভ কৰিব। 'ইণ্ডিয়া'ই পাব ১২৫ খন আসন। তেওঁলোকৰ মতে অন্যানৰ হাতলৈ যাব ৪৭ খন আসন পাব। 'জন কি বাত'ৰ এক্সিট পোল অনুসৰি এন ডি এয়ে লাভ কৰিব ৩৬২ৰ পৰা ৩৯২ খন আসন। 'ইণ্ডিয়া'ই পাব ১৪১ ৰ পৰা ১৬১ খন আসন। অন্যান্যৰ হাতলৈ যাব ১০ ৰ পৰা ২০ খন আসন।

'নিউজ নেচন'ৰ মতে এন ডি এয়ে এইবাৰ লাভ কৰিব ৩৪২ ৰ পৰা ৩৭৮ খন আসন। ইয়াৰ বিপৰীতে 'ইণ্ডিয়া'ই লাভ কৰিব ১৫৩ ৰ পৰা ১৬৯ খন আসন। অন্যান্যৰ হাতলৈ যাব ২১ ৰ পৰা ২৩ খন আসন।

আনহাতে 'ৰিপাব্লিক টিভি'ৰ এক্সিট পোল অনুসৰি এইবাৰ এন ডি এয়ে লাভ কৰিব ৩৬২ ৰ পৰা ৩৬৮ খন আসন। 'ইণ্ডিয়া'ই পাব ১১৮ ৰ পৰা ১৩৩ খন আসন। অন্যান্যৰ হাতলৈ যাব ৪৩ ৰ পৰা ৪৮ খন আসন।

ইয়াৰোপৰি 'ৰিপাব্লিক ভাৰত মেট্ৰিজ'ৰ এক্সিট পোল অনুসৰি এন ডি এয়ে লাভ কৰিব ৩৫৯ খন আসন। 'ইণ্ডিয়া'ই পাব ১৫৪ খন আসন। সংবাদ সংস্থা দৈনিক ভাস্কৰৰ এক্সিট পোল অনুসৰি এন ডি এয়ে লাভ কৰিব ২৮৫ ৰ পৰা ৩৫০ খন আসন। 'ইণ্ডিয়া'ই পাব ১৪৫ ৰ পৰা ২০১ খন আসন আৰু অন্যান্যই পাব ৩৩ ৰ পৰা ৪৯ খন আসন।