অশোক শৰ্মাৰ চিকিৎসাৰ প্ৰয়োজন আছেঃ দিলীপ শইকীয়া... 
লোকসভা ২০২৪

অশোক শৰ্মাৰ চিকিৎসাৰ প্ৰয়োজন আছেঃ দিলীপ শইকীয়া...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভোট দিবলৈ আহি পুৱাই নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰাৰ পাছত তেওঁক উভতি ধৰিছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। মঙ্গলদৈ লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ তথা এইবাৰৰ দৰং-ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই নিৰ্বাচনৰ পাছতে অশোক শৰ্মাক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব বুলিও সংবাদ মাধ্যমৰ আগত মুকলিকৈ দাবী কৰে।

সাংবাদিকৰ আগত অশোক শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ দিলীপ শইকীয়াই অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন আছে বুলিও কয়। তেওঁ কয়,''অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন আছে। তেওঁ মোৰ বিৰুদ্ধে গৈ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিভিন্ন ব্যক্তিৰ ঘৰলৈ গৈছে। আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে। অশোক শৰ্মাৰ বিৰুদ্ধে দলে অনুশাসনমূলক ব্যৱস্থা ল'বই লাগিব।''

ইয়াৰোপৰি তেওঁ কয়, ''অশোক শৰ্মাই ভাবিছে সকলো পুৰণি কাৰ্যকৰ্তাই তেওঁৰ দৰে চিন্তা কৰিছে। ৯৯ শতাংশ দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাই, পুৰণি কাৰ্যকৰ্তা দেশৰ স্বাৰ্থত, নৰেন্দ্ৰ মোডীক আকৌ প্ৰধানমন্ত্ৰী পতাৰ স্বাৰ্থত সকলো আজি আগবাঢ়ি আহিছে। অশোক শৰ্মা ডাঙৰীয়াই এইধৰণৰ কাম কৰি মই ভাবোঁ মিডিয়া পাব্লিচিটিহে বিচাৰিছে।''

আনহাতে অশোক শৰ্মাক খাই পাত ফলা আখ্যা দি দিলীপ শইকীয়াই কয়, ''অশোক শৰ্মাই ৰাজ্য চৰকাৰৰ ট্ৰী প্লাণটেছন ডিপাৰ্টমেণ্টৰ অধ্যক্ষ হৈ আছে। তেওঁ খাই পাত ফলাৰ নিচিনা। তেওঁ এম এল এ হৈছে, জিলা সভাপতি হৈছে, যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতিও হৈছে। তেওঁকেই সব লাগে। তেওঁৰনো কি গুণ আছে? কিমান শিক্ষা আছে? তেওঁৰ বহুত গুণ থাকিলেও বেলেগ কথা আছিল। এসময়ত এনেকুৱা বহু হাজাৰ হাজাৰ অশোক শৰ্মাই কাম কৰিছে। অশোক শৰ্মাই ভাবে ময়েই নলবাৰীত বিজেপিক উঠাইছো। অশোক শৰ্মাৰ নিচিনা লাখ বিজেপিৰ কাৰ্যকৰ্তা আছে। তেওঁলোকে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ টিকট নোপোৱাকৈয়ো দলৰ কাম কৰি আছে। গতিকে অশোক শৰ্মাক আমি সকিয়াই দিছোঁ। নিৰ্বাচনৰ পিছত বহিষ্কাৰ কৰিব লাগিব।''

উল্লেখ্য যে, আজি ভোটদান কৰিবলৈ আহি নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰিছিল। তেওঁ কৈছিল ''অভিজ্ঞতা হৈছে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালকৈ চলাব নোৱাৰি। নৱপ্ৰজন্মই এই কথাৰ ওপৰত গুৰুত্ব দিব লাগে।''

ধাৰৰ বোজা বহন কৰি কিদৰে একোটা পৰিয়াল ধ্বংস হৈ গৈছে সেই দৃশ্য তেওঁ দেখিছে বুলি উল্লেখ কৰি কৈছিল, আজি এহেজাৰ কোটি অহা মাহত ডেৰ হাজাৰ কোটি এইদৰে ধাৰ লৈ লৈ ধাৰ বৃদ্ধি গৈ আছে। ধাৰৰ বোজাত আমাৰ ৰাজ্যখন যাতে ধ্বংস হৈ নাযায় তাৰ ওপৰত নৱপ্ৰজন্মই চকু ৰখা উচিত।

অভাৰব্ৰীজ বা পথ পকীকৰণেই উন্নতিৰ কথা নুবুজায় বুলি কৈয়ো তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনেইক তীব্ৰ কটাক্ষ কৰিছিল। তেওঁ কৈছিল বিত্ত ব্যৱস্থা ভালে থাকিলেহে ৰাজ্য অধিক শক্তিশালী হ'ব।