ৰামেই মোডীৰ ভৰসাঃ ক'লে কংগ্ৰেছ শাসনলৈ আহিলে ৰাম মন্দিৰত লাগিত তলা 
লোকসভা ২০২৪

ৰামেই মোডীৰ ভৰসাঃ ক'লে কংগ্ৰেছ শাসনলৈ আহিলে ৰাম মন্দিৰত লাগিত তলা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ কংগ্ৰেছ শাসনলৈ আহিল ৰাম লালা টম্বুৰ তললৈ যাব লাগিব। ৰাম মন্দিৰত তলা লাগিব। প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে ভোট জিহাদ ঘোষণা কৰিছে। এই অভিযোগ উত্থাপন কৰিছে দেশৰ স্বয়ং প্ৰধানমন্ত্ৰীয়ে।

১০ বছৰীয়া শাসনৰ সময়ছোৱাৰ সফলতাৰ দিশসমূহক লৈ জনতাৰ মাজত ভোট বিচাৰি যোৱাৰ পৰিৱৰ্তে এতিয়া ধৰ্মীয় কথা-বতৰা, সাম্প্ৰদায়িক মেৰু বিভাজনেই যেন হৈ পৰিছে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ প্ৰধান বক্তব্য।

ৰাজস্থানৰ জনসভাত মুছলমানসকলক অনুপ্ৰৱেশকাৰী আখ্যা দি কংগ্ৰেছ ক্ষমতালৈ আহিলে সংখ্যালঘুসকলক দেশৰ সম্পদ বিতৰণ কৰিব জাতিয় সাম্প্ৰদায়িক মন্তব্যৰ বাবে নিৰ্বাচন আয়োগৰ কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰাৰ পাছতো এনে বক্তব্য এৰিব পৰা নাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।

বৃহস্পতিবাৰে উত্তৰ প্ৰদেশত নৰেন্দ্ৰ মোডীয়ে অভিযোগ কৰি কয় তেওঁৰ বিৰুদ্ধে হেনো কংগ্ৰেছে ভোট জিহাদৰ আহ্বান কৰিছে। অথচ চাৰিটাকৈ পৰ্যায়ত ৩৮০ খন আসনত ভোটগ্ৰহণ হৈ যোৱাৰ পাছত গৃহমন্ত্ৰী অমিত শ্বাহে দাবী কৰিছে বিজেপিয়ে ইয়াৰে ২৭০ খন আসন লাভ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে লাভ কৰিছে বহুমত।

শ্বাহৰ এনে দাবীৰ বিপৰীতে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিন্দু ধৰ্মীয় লোকৰ আৱেগৰ সৈতে খেলি হিন্দু ভোট লাভৰ বাবে নিৰ্বাচনী ভাষণৰ মাজলৈ আনিছে ৰাম মন্দিৰৰো প্ৰসংগ। ধৰ্মীয় মেৰুকৰণেৰে তেওঁ ভোটাৰৰ আস্থা অৰ্জনৰ চেষ্টাত নামি পৰিছে।

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত এক ৰেলী সম্বোধন কৰি তেওঁ আজি কয়, এই লোকসকলে মোডীৰ বিৰুদ্ধে ভোট জেহাদ আহ্বান কৰিছে। কংগ্ৰেছৰ ৰাজকুমাৰ, তেওঁৰ সতীৰ্থই কৈছে, তেওঁলোকে সিদ্ধান্ত লৈছে যদি তেওঁলোকৰ চৰকাৰ গঠন হয় তেন্তে ৰাম লালাক পুনৰ টম্বুলৈ প্ৰেৰণ কৰিব। ৰাম মন্দিৰত তলা লগাব।

প্ৰধানমন্ত্ৰী মোডীয়ে কয়, এই লোকসকলে পাহৰি গৈছে যে এয়া মোডী হয়। তেওঁলোকে মোডীৰ অধীনত ধৰ্মৰ নামত দলিত আৰু অ'বিচিসকলৰ সংৰক্ষণ লুণ্ঠন কৰাৰ কথা ভাবিবও নোৱাৰে। যদি মোডী থাকে তেওঁলোকে লিখি ৰাখক এয়া সম্ভৱ কেতিয়াও নহয়।

ৰাজ্যখনত সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ কয় যে, সমাজবাদী-কংগ্ৰেছৰ ৰাজকুমাৰৰ বাবে দেশৰ উন্নয়ন টাংগুটিৰ খেলৰ দৰে। মহলত জন্মহোৱা এই ৰাজকুমাৰৰ না পৰিশ্ৰমৰ অভ্যাস আছে আৰু না ফলাফল লাভ কৰাৰ অভ্যাস আছে।

উল্লেখ্য যে, বৃহস্পতিবাৰেই সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এক সংবাদ মেলত দাবী কৰিছি যে এইবাৰ নিৰ্বাচনত ৪০০ খন আসনৰো অধিক আসন লাভ কৰাৰ দাবী কৰিছে। কিন্তু দেশৰ ১৪৩ কোটি জনতাই ১৪৩ খনো আসন নিদিয়ে। তেওঁলোকে ১৪৩ খন আসনৰ বাবে হাহাকাৰ কৰিব লাগিব। ইতিমধ্যে হৈ যোৱা চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণত বিজেপি সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈছে।