চৰকাৰ গঠন কৰাই নাই, বিজেপিৰ ওপৰত চাপ বৃদ্ধি কৰিছে নীতিশ কুমাৰে... 
লোকসভা ২০২৪

চৰকাৰ গঠন কৰাই নাই, বিজেপিৰ ওপৰত চাপ বৃদ্ধি কৰিছে নীতিশ কুমাৰে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ চৰকাৰ গঠনৰ পূৰ্বে বি জে পিৰ ওপৰত চাপ সৃষ্টি কৰিছে নীতিশ কুমাৰৰ জে ডি ইউ দলে। বৃহস্পতিবাৰে নীতিশ কুমাৰ নেতৃত্বাধীন দলটোৰ ফালৰ পৰা জনোৱা হৈছে যে, অগ্নিপথ প্ৰকল্পৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰে পুনৰ বিবেচনা কৰি চাওঁক। বিজেপিৰ ইস্তাহাৰত উল্লেখিত অভিন্ন দেৱানীবিধিৰ ওপৰতো জে ডি ইউয়ে দেখুৱাইছে আপত্তি। ইয়াৰোপৰি জাতিগত পিয়লক লৈয়ো দলটোৱে বিজেপিৰ ওপৰত বৃদ্ধি কৰিছে চাপ।

বৃহস্পতিবাৰে জে ডি ইউ নেতা কে চি ত্যাগীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ভোটদান কৰা বহু লোকেই অগ্নিপথ আঁচনিক লৈ ক্ষোভিত হৈ আছে। আমাৰ দলে বিচাৰে জনসাধাৰণে তোলা প্ৰশ্নক লৈ সবিস্তাৰে আলোচনা হওক আৰু এই আঁচনি প্ৰত্যাহাৰ কৰা হওঁক।

মন কৰিবলগীয়া যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰে ১৭ বছৰৰ পৰা ২১ বছৰৰ যুৱক-যুৱতীক সেনা বাহিনীত নিয়োগ কৰাৰ বাবে অগ্নিপথ আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিৰ জৰিয়তে যিসকল ভাৰতীয় সেনা বাহিনীত ভৰ্তি হ’ব তেওঁলোকৰ চাকৰি অস্থায়ী হ’ব।

নিৰ্বাচিত মাত্ৰ ২৫ শতাংশৰহে চাকৰি ১৫ বছৰৰ বাবে থাকিব। সেনা বাহিনীৰ এই অস্থায়ী চাকৰিৰ ব্যৱস্থাক লৈ ক্ষোভিত হৈ পৰিছে দেশৰ লাখ লাখ যুৱক-যুৱতী। উত্তৰ ভাৰতৰ বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশকে ধৰি ৰাজ্যসমূহত ইয়াৰ প্ৰভাৱ অধিক পৰিলক্ষিত হৈছে।

উত্তৰ প্ৰদেশত বিজেপিৰ বিপৰ্যয়ৰ ইয়ো এক অন্যতম কাৰক। বিৰোধী ৰাজনৈতিক দলসমূহে পূৰ্বৰে পৰা এই আঁচনিৰ বিৰোধিতা কৰি আহিছিল। এইবাৰ এন ডি এৰ অংশীদাৰ হৈ জে ডি ইউয়েও ইয়াৰ বিৰোধিতা কৰিছে। ফলত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পূৰ্বেই অস্বস্তিত পৰিছে বিজেপি।

আনহাতে অভিন্ন দেৱানী বিধিক লৈ জে ডি ইউৰ ফালৰ পৰা কোৱা হৈছে, তেওঁলোক এই ব্যৱস্থাৰ বিৰোধী নহয়। কিন্তু আইন প্ৰণয়নৰ পূৰ্বে সংশ্লিষ্ট সকলো পক্ষৰ সৈতে আলোচনা কৰাৰ পক্ষপাতী।

জাতিগত পিয়লক লৈ জে ডি ইউৰ নেতাগৰাকী সৰৱ হৈ পৰা দেখা গৈছে। তেওঁ কয়, কোনো দলে ক’ব নোৱাৰে যে, তেওঁলোকে জাতিগত পিয়ল নিবিচাৰে। বিহাৰে পথ দেখুৱাইছে। সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়েও ইয়াৰ বিৰোধিতা কৰা নাই। সেয়ে জাতিগত পিয়ল সময়ৰে দাবী।

আনহাতে দলটোৱে বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিবলৈয়ো দাবী কৰিছে। কেৱল এক দেশ আৰু এক নিৰ্বাচনক লৈ বিজেপি আৰু জে ডি ইউৰ অৱস্থান হুবহু মিলি গৈছে। উল্লেখ্য যে, নীতিশ কুমাৰৰ দলে এইবাৰ বিহাৰত ১২ খন আসন জয় কৰিছে। আসনৰ হিচাপত এন ডি এত বিজেপিৰ পিছত আছে তেলেগু দেশম পাৰ্টি আৰু তাৰ পাছতেই আছে জে ডি ইউ।

যিহেতু এইবাৰ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলে সেয়ে বিজেপিয়ে চৰকাৰ গঠনত এই দলটোৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিবলগীয়া হৈছে। ইয়াৰে সুযোগ গ্ৰহণ কৰি জে ডি ইউৱে বিজেপিৰ ওপৰত চাপ বৃদ্ধি কৰিছে।