'অমিত শ্বাহৰ মনোভাৱেই স্পষ্ট কৰে তেওঁলোকৰ হাতত সংবিধান সুৰক্ষিত নহয়'- মনোজ ঝা 
লোকসভা ২০২৪

'অমিত শ্বাহৰ মনোভাৱেই স্পষ্ট কৰে তেওঁলোকৰ হাতত সংবিধান সুৰক্ষিত নহয়'- মনোজ ঝা

Asomiya Pratidin

 ডিজিটেল ডেস্কঃ চলিত অষ্টাদশ লোকসভা নিৰ্বাচন কেইবাটাও কাৰণত গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশেষকৈ বিৰোধী দলসমূহে দেশৰ সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ বুলি দাবী কৰাই নহয় বহুতেই মুকলিকৈয়ে কৈছে হয়তো এই নিৰ্বাচনেই দেশৰ অন্তিম লোকসভা নিৰ্বাচন।

বিৰোধীৰ এনে গুৰুতৰ অভিযোগৰ পাছতো অৱশ্যে শাসকীয় বিজেপিয়ে এয়া বিৰোধী আৰু কংগ্ৰেছৰ অপপ্ৰচাৰ বুলিহে দাবী কৰিছে। অমিত শ্বাহে কৈছে সংবিধান সলনি কৰিবলৈ তেওঁলোকৰ হাতত যোৱা ১০ বছৰে বহুমত আছিল। কিন্তু তেওঁলোকে সেয়া কৰা নাই।

ইয়াৰ মাজতে এইবাৰ এই বিষয়টোৰ সন্দৰ্ভত কেইবাটাও গুৰুতৰ মন্তব্য কৰিছে আৰ জে ডিৰ সাংসদ মনোজ ঝাই। সাংসদ তথা সুবক্তা মনোজ ঝাই অভিযোগ কৰিছে বিজেপিৰ হাতত সংবিধান সলনি কৰিবলৈ বা সংবিধান বিলুপ্তি ঘটাবলৈ কেইবাটাও উপায় আছে।

এ এন আইৰ সৈতে হোৱা এক সাক্ষাতকাৰত মনোজ ঝাই কয়, মণ্ডল কমিচনত অ-হিন্দু সম্প্ৰদায়ৰ বাবেও সংৰক্ষণৰ ব্যৱস্থা আছে। প্ৰধানমন্ত্ৰী বা অমিত শ্বাহে এই বিষয়ে পঢ়া নাই। তেওঁলোকে এই বিষয়ে অধ্যয়ন নকৰাকৈ হিন্দু-মুছলমান কৰি আছে।

তেওঁ কয়, বিজেপিৰ সংবিধান বিলুপ্তি কৰাৰ বহু উপায় আছে। গোলৱালকাৰৰ 'বাঞ্চ অফ থটছ' নামৰ এখন গ্ৰন্থ আছিল। বিজেপিয়ে কেতিয়াবা এই গ্ৰন্থ আৰু ইয়াত উল্লেখিত বিষয়ক প্ৰত্যাখ্যান কৰিছে নেকি বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁ কয়, ২০১৪ চনত তেওঁলোকে প্ৰতি বছৰে ২ কোটিকৈ নিবনুৱাক সংস্থাপন দিয়াৰ শ্লোগান দি ক্ষমতালৈ আহিছিল। কিন্তু কিমানক চাকৰি দিলে? চাকৰিয়েই শেষ কৰি পেলালে যেতিয়া সংৰক্ষণ এনেই শেষ হৈ পৰিল। তেওঁ পুনৰ কয়, অমিত শ্বাহৰ মনোভাৱেই স্পষ্ট কৰে যে, তেওঁলোকৰ হাতত দেশ বা সংবিধান সুৰক্ষিত নহয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এ এন আইৰ এক সাক্ষাতকাৰত দাবী কৰিছিল সংবিধান সলনি কৰিবলৈ তেওঁলোকক ৪০০ খন আসনৰ প্ৰয়োজন নাই। যোৱা ১০ বছৰত সংবিধান সলনি কৰিবলৈ তেওঁলোকৰ হাতত বহুমত আছিল। তেওঁলোকে কেৱল দেশৰ ৰাজনীতিত স্থিৰতা আনিবলৈহে ৪০০ খনৰো অধিক আসন বিচাৰিছে।