নিৰ্বাচনৰ ভৰপক সময়তে বংগৰ পঞ্চায়তত দুৰ্বৃত্তৰ গুলীচালনা... 
লোকসভা ২০২৪

নিৰ্বাচনৰ ভৰপক সময়তে বংগৰ পঞ্চায়তত দুৰ্বৃত্তৰ গুলীচালনা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ ভৰপক সময়ৰ মাজতে পশ্চিমবংগত পুনৰ উত্তেজনা। হাওৰাৰ বাকৰাৰ ৩ নং পঞ্চায়ত কাৰ্যালয়ত মুকলি গুলীচালনা দুৰ্বৃত্তৰ। জানিব পৰা মতে আজি দিনৰ প্ৰায় ১ বজাত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ মতে পঞ্চায়তৰ সভাপতিক লক্ষ্য কৰি গুলী চালনা কৰিছিল মুখত কাপোৰ বান্ধি অহা দুৰ্বৃত্তই। প্ৰত্যক্ষদৰ্শীৰ মতে চাৰিৰ পৰা পাঁচ টা গুলী চালনা কৰিছিল ৩ দুৰ্বৃত্তই।

অভিযোগ অনুসৰি পঞ্চায়তৰ এজন প্ৰাক্তন সদস্যৰ মদতপুষ্ট দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰিছে। এই ঘটনাত পঞ্চায়তৰ সকলো কৰ্মচাৰী তথা সেই সময়ত উপস্থিত থকা লোকসকল আতংকিত হৈ পৰে। ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

ঘটনাত কোনো দুজন লোকৰ দেহত গুলী লাগিছে। ইয়াৰে এজন পঞ্চায়ত প্ৰধানগৰাকীৰ পিতৃ।তেওঁলোক দুয়োকে হাস্পতালত ভৰ্তি কৰোৱা হৈছে।জানিব পৰা মতে পঞ্চায়ত প্ৰধান টুকটুকি শ্বেখক লক্ষ্য কৰিও গুলী চলোৱা হৈছিল। প্ৰাণ ৰক্ষা কৰিবলৈ তেওঁ টেবুলৰ তলত লুকাই যায়। ফলত তেওঁ ৰক্ষা পৰে।

ঘটনা সন্দৰ্ভত পঞ্চায়ত সভাপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়-"আমি কাৰ্যালয়ত বহি কাগজত স্বাক্ষৰ কৰি আছিলো। তেতিয়াই তিনিজন মানুহ প্ৰৱেশ কৰে। মোৰ বিষয়ে সোধে। তাৰ পিছত তেওঁ পকেটৰ পৰা বন্দুক উলিয়াই গুলীবৰ্ষণ আৰম্ভ কৰেল। মোৰ দেউতা আৰু খুৰাৰ দেহত গুলী লাগিছে। মোকো লক্ষ্য কৰা হৈছিল। মই মোৰ জীৱন বচাবলৈ টেবুলৰ তলত সোমাও। প্ৰাক্তন সদস্য শ্বেখ চাজিদে এই কাম কৰিছে। তেওঁৰ মানুহে গুলী চালনা কৰিছে। মই প্ৰশাসনক অৱগত কৰিছোঁ।’’

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কয় তেওঁলোকে চিচি টিভিৰ ফুটেজ পৰীক্ষা কৰি দুৰ্বৃত্তৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে।