চিৰাঙত টকা বিলোৱাৰ অভিযোগত আৰক্ষীক গতালে UPPL ৰ দুই নেতাক 
লোকসভা ২০২৪

চিৰাঙত টকা বিলোৱাৰ অভিযোগত আৰক্ষীক গতালে UPPL ৰ দুই নেতাক

Asomiya Pratidin

ডিজিটেল সংবাদ চিৰাংঃ চিৰাঙৰ গৰুভাষাত ভোটগ্ৰহণৰ প্ৰাকমুহূৰ্তত ভোটাৰৰ মাজত টকা বিতৰণৰ অভিযোগ উত্থাপিত হৈছে । চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষাত এহাল পুৰুষ মহিলাই মটৰচাইকেলেৰে গৈ ভোটাৰৰ বাসগৃহত গৈ টকা বিলাই থকাৰ খবৰ স্থানীয় ৰাইজৰ মাজত বিয়পি পৰে।

এই খবৰ লাভ কৰি একাংশ ৰাইজে তথা বিপিএফ দলৰ সমৰ্থক ঘটনাস্থলীত উপস্থিত হৈ টকা বিলাই থকা অৱস্থাত এগৰাকী মহিলা আৰু পুৰুষক হাতেলোটে ধৰা পেলায় । পিছত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ আগতেই ৰাইজে টকাসহ আটক কৰা পুৰুষ মহিলা দুজনক গৰুভাষা আৰক্ষী চকীত গতাই দিয়ে।

পিছত ধৃত পুৰুষ, মহিলা দুগৰাকীৰ পৰা আৰক্ষীয়ে নগদ ৩৭, ৫০০ টকা আৰু এ এছ ২৬ বি ৭২৫০ পঞ্জীয়নৰ এখন মটৰচাইকেল জব্দ কৰে। ইপিনে টকা বিলোৱাৰ অভিযোগত আটক হোৱা খবৰ লাভ কৰি গৰুভাষা আৰক্ষী চকীত আহি উপস্থিত হয় বিপিএফ দলৰ উপ-সভাপতি শুদ্ধ বসুমতাৰীসহ একাংশ নেতা কৰ্মী।

ভোটাৰ ৰাইজৰ মাজত টকা বিলোৱাৰ অভিযোগত আটক হোৱা মহিলাগৰাকী চিৰাং ব্লক ইউ পি পিএলৰ মহিলা কোষৰ নেত্ৰী ফ্লোৰেন্স ইছলাৰী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক বিজয় মুছাহাৰী বুলি বিপিএফ দলৰ কেন্দ্ৰীয় উপ-সভাপতি শুদ্ধ বসুমাতাৰীয়ে জানিবলৈ দিয়ে। আজিৰ এই টকা বিলোৱাৰ ঘটনা সন্দৰ্ভত শুদ্ধ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, ইউ পি পি এল দলে কিমান দিন এনেকৈ চলাব? এনেকৈ টকা দি ভোট কিনা যায় নেকি বুলি প্ৰশ্ন উত্থাপনো কৰ । ঘটনাক কেন্দ্ৰ কৰি গৰুভাষাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।