প্ৰতিকুল বতৰৰ মাজতো আশাব্যঞ্জক ভোটদানৰ হাৰঃ ১ বজালৈকে ভোটদানৰ হাৰ... 
লোকসভা ২০২৪

প্ৰতিকুল বতৰৰ মাজতো আশাব্যঞ্জক ভোটদানৰ হাৰঃ ১ বজালৈকে ভোটদানৰ হাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰতিকুল বতৰেও দিব পৰা নাই বাধা। দিনৰ ১ বজালৈকে অসমৰ চাৰি লোকসভা সমষ্টিত ভোটগ্ৰহণৰ হাৰ আশাব্যঞ্জক।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈকে গুৱাহাটী লোকসভা সমষ্টিত ভোটদান হৈছে মুঠ ৪২.১৩ শতাংশ। বৰপেটা লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৪৬.৮৩ শতাংশ।

সেইদৰে ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে ৪৭.৭৩ শতাংশ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ ৪৬.৪৩ শতাংশ।

একেদৰে দেশৰ বাকীকেইখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটদানৰ হাৰ ক্ৰমে বিহাৰত ৩৬.৬৯ শতাংশ, ছত্তিশগড়ত ৪৬.১৪ শতাংশ, দাদৰা আৰু নগৰ হাৱেলী আৰু দামান আৰু দিউত ৩৯.৯৪ শতাংশ, গোৱাত ৪৯.০৪ শতাংশ, গুজৰাটত ৩৭.৮৩ শতাংশ কৰ্ণাটকত ৪১.৫৯ শতাংশ, মধ্যপ্ৰদেশত ৪৪.৬৭ শতাংশ, মহাৰাষ্ট্ৰত ৩১.৫৫ শতাংশ, উত্তৰ প্ৰদেশত ৩৮.১২ শতাংশ আৰু পশ্চিম বংগত ৪৯.২৭ শতাংশ।