মোডী, শ্বাহৰ ৰাজ্যতে ভোট দিয়াত আগ্ৰহ নাই ভোটাৰৰঃ অসমতে সৰ্বাধিক ভোটদান... 
লোকসভা ২০২৪

মোডী, শ্বাহৰ ৰাজ্যতে ভোট দিয়াত আগ্ৰহ নাই ভোটাৰৰঃ অসমতে সৰ্বাধিক ভোটদান...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰায় অন্তিম পৰ্যায়ত উপনীত হৈছেহি। যদিও সন্ধিয়া ৫ বজালৈকেহে ভোটকেন্দ্ৰ সমূহ ভোটাৰৰ বাবে খোলা থাকিব তথাপিও ভোটকেন্দ্ৰত প্ৰৱেশ কৰিও ভোট দিবলৈ শাৰী পাতি থকা লোকসকলক ভোট দান কৰাৰ সুযোগ দিহে ভোটগ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰিব। একেদৰে ইভিএম বিকল বা আন তেনেধৰণৰ সমস্যাৰ বাবে ভোটগ্ৰহণ প্ৰক্ৰিয়া পলমকৈ আৰম্ভ হোৱা ভোটকেন্দ্ৰতো ভোটগ্ৰহণ ৫ বজাৰ পাছতো প্ৰয়োজন সাপেক্ষে অব্যাহত ৰাখে নিৰ্বাচন আয়োগে।

সামগ্ৰিকভাৱে ৫ বজালৈকে যি হাৰত ভোটদান হ'ল এই ভোটদানৰ হাৰে বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা মুঠ ১২ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ৪ খন ৰাজ্যতে প্ৰায় ৫৫ শতাংশহে ভোটদান হৈছে। সেইদৰে ৪ খন ৰাজ্যত ৬০ ৰ ঘৰতহে হৈছে ভোটদানৰ হাৰ। অসম, পশ্চিমবংগ আৰু গোৱাতহে ৫ বজালৈকে ভোটদানৰ হাৰ ৭০ শতাংশৰ ঘৰ অতিক্ৰম কৰিছে। সেই অনুসৰি অসমত সৰ্বাধিক ৭৪.৮৬ শতাংশ ভোটদান হোৱাৰ বিপৰীতে পশ্চিমবংগত ৭৩.৯৩ শতাংশ আৰু গোৱাত ৭২.৫২ শতাংশ ভোট দান হৈছে।

সেইদৰে ছত্তিশগড়ত ৬৬.৮৭ শতাংশ,কৰ্ণাটকত ৬৬.০৫ শতাংশ, দাদৰা আৰু নগৰ হাৱেলী আৰু দামান আৰু দিউত ৬৫.২৩ শতাংশ আৰু মধ্যপ্ৰদেশত ৬২.২৮ শতাংশ ভোটদান হৈছে।

ইয়াৰ বিপৰীতে মহাৰাষ্ট্ৰত সৰ্বনিম্ন ৫৩.৪০ শতাংশ ভোটাদন হৈছে। উত্তৰ প্ৰদেশত ৫৫.১৩ শতাংশ, গুজৰাটত ৫৫.২২ শতাংশ আৰু বিহাৰত ৫৬.০১ শতাংশ ভোটদান হৈছে। মন কৰিবলগীয়া কথাটো হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ গৃহ ৰাজ্য হোৱাৰ পিছতো গুজৰাটত কেৱল মাত্ৰ ৫৫.২২ শতাংশ ভোটদান হৈছে।

অৱশ্যে এয়া চূড়ান্ত সংখ্যা নহয়। আয়োগে পৰৱৰ্তী সময়ত পুনৰ সঠিক তথ্য প্ৰকাশ কৰিব। তথাপিও এই সংখ্যাতকৈ বহুগুণে বৃদ্ধি হোৱাৰ সম্ভাৱনা একেবাৰেই নাই।

অসমৰ ক্ষেত্ৰত ৪ টা লোকসভা সমষ্টিৰ ভিতৰত গুৱাহাটী লোকসভা সমষ্টিতে সন্ধিয়া ৫ বজালৈকৈ সৰ্বনিম্ন ভোটদান হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি গুৱাহাটীত ৫ বজালৈকে মাত্ৰ ৬৭.৬৮ শতাংশহে ভোটদান হৈছে।

অৱশ্যে গুৱাহাটীত পুৱাৰ বেলা প্ৰতিকুল বতৰ হোৱাৰ বাবেই ভোটাৰসকল ওলাই আহিব পৰা নাছিল। দিনৰ ১ বজাৰ পিছতহে যথেষ্ট সংখ্যক ভোটাৰে ভোট দিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে।

গুৱাহাটীৰ বিপৰীতে ধুবুৰীত সৰ্বাধিক ৭৯.৭০ শতাংশ, বৰপেটাত ৭৬.২০ শতাংশ আৰু কোকৰাঝাৰত ৭৪.২৪ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে। ভোটকেন্দ্ৰ বন্ধ হোৱালৈকে তথা অৱশ্যে গুৱাহাটীৰ ভোটদানৰ হাৰ আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। কিয়নো ৫ বজালৈকে গুৱাহাটীৰ বিভিন্ন ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে।