নিৰ্বাচন-২০১৯

অকপট স্বীকাৰোক্তিঃ নিৰ্বাচন খেলিবলৈ বিজেপিত যোগ্য প্ৰাৰ্থীৰ অভাৱ

asomiyapratidin

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ মাজত প্ৰাৰ্থিত্বক লৈ খোৱা কামোৰা লাগিছে। দলীয় নেতৃত্বই প্ৰকাশ কৰা প্ৰাৰ্থীৰ পেনেলত নিজৰ নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ চেষ্টা চলাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে। আনকি প্ৰাৰ্থী তালিকা ঘোষণা হোৱাৰ পূৰ্বেই বহু প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰো। কিন্তু অইন ৰাজ্যত দেখা পোৱা এনে পৰিস্থিতি হোৱা নাই পশ্চিম বংগৰ বিজেপিত। এই কথা স্বীকাৰ কৰিলে পশ্চিম বংগ বিজেপিৰ সভাপতি দিলীপ ঘোষে। শনিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি দিলীপ ঘোষে কয় যে পশ্চিম বংগত বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি জয় সাব্যস্ত কৰিব পৰা যোগ্য প্ৰাৰ্থীৰ অভাৱ ঘটিছে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি দিলীপ ঘোষে কয়, 'আমাৰ ওচৰত দলীয় নেতা আৰু কৰ্মী অনেক আছে, যিয়ে দলৰ হকে অহৰ্নিশে কষ্ট কৰি আহিছে। কিন্তু আমাৰ ওচৰত যোগ্য প্ৰাৰ্থী নাই, যিয়ে আমাক জয় উপহাৰ দিব পাৰে।' উল্লেখ্য যে, বিগত কিছুদিনৰ ভিতৰত পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ কেইবাজনো নেতা, বিধায়ক, কৰ্মী আৰু সাংসদে বিজেপিত যোগ দিছে।