মোৰ মত

সোঁৱৰণী কুঁৱলীৰ মাজত আকাশবাণী গুৱাহাটী

Asomiya Pratidin
আকাশবাণী গুৱাহাটী হ’ল প্ৰচাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অনাতাঁৰ সম্প্ৰচাৰণৰ ক্ষেত্ৰীয় কেন্দ্ৰ।আজিৰ দিনটো আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাবে বিশেষ তাৎপর্যপূর্ণ দিন। আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্রতিষ্ঠা দিৱস। এই বিশেষ দিনটোত অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'মোৰ মত' শিতানত যুগান্ত বায়নৰ আকাশবাণী গুৱাহাটী সন্দৰ্ভত এই লেখা...

এয়া আকাশবাণী গুৱাহাটী। অসমীয়া জাতীয় জীৱনৰ এক নষ্টালজীয়া আৰু জাতীয় জীৱনক সমৃদ্ধ কৰা এটা ঘোষণা। ১৯২৭ চনৰ ২৩ জুলাইত সমগ্ৰ ভাৰততে অনাতাঁৰ প্ৰচাৰ সেৱাৰ আৰম্ভণি ঘটে। "ইণ্ডিয়ান ব্ৰডকাষ্টিং" কোম্পানী নামৰ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ উদ্যোগত মুম্বাইত ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হৈছিল। সেই বছৰৰে ২৬ আগষ্টৰ পৰা সংগঠিত ৰূপত কলিকতা কেন্দ্ৰৰ যোগেদিও অনাতাঁৰ সেৱাৰ প্ৰসাৰ ঘটে।ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহ পিছত ১৯৪৮ চনৰ ১ জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয় আৰু এই কেন্দ্ৰটোৱে প্ৰথমতে অল ইণ্ডিয়া ৰেডিঅ শ্বিলং গুৱাহাটী নামেৰে পৰিচিতি লাভ কৰে। পৰৱৰ্তী পৰ্যায়ত এই কেন্দ্ৰটোকে আকাশবাণী গুৱাহাটী হিচাপে নামাকৰণ কৰা হয়।

তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ শ্বিলং বিধানসভা ভৱনত আৰু গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰ পাৰৰ কমিশ্যনাৰ ভৱনৰ পৰা গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰ কাৰ্যসূচীৰ পাতনি মেলে। পিছত অনুষ্ঠান সহায়ক হিচাপে কামত যোগদান কৰা ভূপেন হাজৰিকা, ফণী তালুকদাৰ, বীৰেন্দ্ৰ কুমাৰ মহন্তক লগত লৈ কাৰ্য্যবাহী বিষয়া ওৱেইদুল লতিফ বৰুৱা আৰু কলিকতা কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট পুৰুষোত্তম দাসৰ নেতৃত্বত ১৯৪৮ চনৰ ১ জুলাইৰ পৰা শ্বিলং গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰ আৰম্ভ হয়। পিছলৈ কেন্দ্ৰটোত সত্যপ্ৰসাদ বৰুৱা, চৈয়দ আব্দুল মালিক, ৰৌশনাৰা খাতুৰ, নাৰায়ণ বেজবৰুৱা, ৰঞ্জন বৰা, মৃগেন্দ্ৰ নাথ ৰায়চৌধুৰীয়ে কেন্দ্ৰটোত নিযুক্তি লাভ কৰে।

কেন্দ্ৰটো জন্ম লাভ কৰা সময়ত দৈনিক দুটাকৈ সেৱা সম্প্ৰচাৰণ চলিছিল।পুৱাৰ সম্প্ৰচাৰণ ৭ বজাৰ পৰা ৯ বাজি ৩০ মিনিটলৈ আৰু আবেলিৰ সম্প্ৰচাৰণ সন্ধিয়া পাঁচ বজাৰ পৰা ৯ বাজি ১৫ মিনিটলৈ। প্ৰাৰম্ভিক অৱস্থাত শ্বিলঙৰ কেন্দ্ৰ পৰিচালকজন দুয়োটা কেন্দ্ৰৰ প্ৰধান বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল।১৯৫৩ চনত শ্বিলং গুৱাহাটী কেন্দ্ৰৰ মুখ্য কাৰ্যালয় গুৱাহাটীলৈ স্থানান্তৰ কৰি জালুকবাৰীত ১০ কিলোৱাটৰ ত্ৰান্সমিটাৰৰ এটা উচ্চ ক্ষমতা সম্পন্ন প্ৰেৰক যন্ত্ৰ স্থাপন কৰা হয়। তেতিয়াৰ পৰাই শ্বিলং কেন্দ্ৰটো কেৱল ষ্টুডিঅ হিচাপে ৰাখি তাত বাণীবদ্ধ কৰা সকলো অনুষ্ঠান গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ঠিক সেই সময়ৰ পৰাই অল ইণ্ডিয়া ৰেডিঅ শ্বিলং গুৱাহাটী বুলি কোৱাৰ পৰিৱৰ্তে আকাশবাণী গুৱাহাটী বুলি ঘোষণা কৰিবলৈ ধৰা হয়। ১৯৫৭ চনৰ মে মাহত কেন্দ্ৰটো চান্দমাৰীৰ বৰ্তমানৰ স্থানলৈ স্থায়ীভাৱে স্থানান্তৰিত হয়। তেতিয়াৰ পৰাই ১০ কিলোৱাটৰ এটা শ্বর্তৱেভৰ ত্ৰান্সমিটাৰ কেন্দ্ৰটোত সংযোগ কৰাত সমগ্ৰ অসমতেই আকাশবাণী গুৱাহাটীৰ প্ৰচাৰ সুলভ হৈ পৰে।

জন্মলগ্নৰে পৰা অসমৰ জাতীয় সম্পদ হিচাপে মৰ্যদ্যা লাভ কৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ভালেসংখ্যক মৰ্য্যদাপূৰ্ণ আৰু জনপ্ৰিয়, মনোগ্ৰাহী অনুষ্ঠান সম্প্ৰচাৰ কৰি আমাৰ কৃষ্টি,সংস্কৃতি,শিক্ষা, সাহিত্যৰ জগত খনক সমৃদ্ধিশালী কৰি আহিছে। এই সকলোবোৰ অনুষ্ঠানত জাতীয় আৱেগে মান্যতা লাভ কৰা বুলি ৰাইজে বিশ্বাস কৰে। অতীতত এনে এটা সময় আছিল, বিনোদনৰ লগতে যোগাযোগ তথা তথ্য সমৃদ্ধ বা বাতৰি পোৱাৰ বাবে আকাশবাণীৰ বাহিৰে কোনো অন্য বিকল্প নাছিল। স্বাধীনতাৰ পিছৰ পৰা ৮০ দশকলৈকে আকাশবাণী গুৱাহাটী প্ৰতিগৰাকী শ্ৰোতাৰ দৈনিক জীৱন পৰিক্ৰমাৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিছিল।

ৰাতিপুৱা ভক্তিমূলক গীত বন্দনাৰে আৰম্ভ হোৱা দৈনিক কাৰ্যক্ৰমণিকাই জীৱন ঘঁড়ীৰ প্ৰতিটো পল সঠিক ভাৱে আগুৱাই নিয়াত আগবঢ়োৱা অৰিহণা আজিও তাহানিৰ শ্ৰোতা সকলৰ মনত দোলা দি আছে। ৰাতিপুৱা ৮:৩০ বজাত গীতিমালিকা, ৯ বজাৰ আঞ্চলিক বাতৰি শুনি বিদ্যালয় আৰু কাৰ্য্যালয়লৈ যাবৰ বাবে যি ধৰণে প্ৰতিদিনে প্ৰস্তুতি চলোৱা হৈছিল, তেনে প্ৰস্তুতিয়ে দিনটোৰ বাবে জীৱনটোক জীপাল কৰিছিল। বিশেষকৈ দেওবাৰৰ বন্ধৰ দিনটোত দুপৰীয়া ১১:৩০ বজাত অসমীয়া বোলছবিৰ প্ৰচাৰ চিত্ৰধ্বনি, ১২:৩০ বজাৰ কল্পতৰু, ১:৩০ বজাত আইদেউৰ বুলনি, ২ বজাত দেওবৰীয়া নাটক, ৩ বজাত যুৱবাণীৰ দৰে অনুষ্ঠান সমূহে জাতীয় সংস্কৃতিক উজ্বলাই তুলিছিল।

আকাশবাণী গুৱাহাটীৰ জনপ্ৰিয় অনুষ্ঠান সমূহৰ ভিতৰত নাটকৰ অনুষ্ঠান টোৱেই অন্যতম। ১৯৪৮ চনৰ ৬ জুলাইত কেন্দ্ৰ টোৱে প্ৰথমখন নাট সত্যনাথ বৰুৱাৰ ধৰালৈ যিদিনা নামিব সৰগ প্ৰচাৰ কৰে। তেওঁলোকে প্ৰচাৰ কৰা কেইখনমান উল্লেখযোগ্য নাটক হৈছে ভোগজৰা, সপোন সন্ধ্যা, বতাহত পতাকা লৰে, সুৰঙ্গৰ শেষত, অথেল', দেউতা ঘৰত কোন আছে, শিপা আদি। ড° ভবেন্দ্ৰ নাথ শইকীয়া, সত্যনাথ বৰুৱা, মহেন্দ্ৰ বৰঠাকুৰ, প্ৰফুল্ল বৰা, আলী হাইদৰ আদিৰ দৰে যশস্বী নাট্যকাৰ সকলৰ সৃষ্টিৰাজি আৰু প্ৰতিভা সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত আকাশবাণী গুৱাহাটীৰ অৱদান অনস্বীকাৰ্য।

আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিল্পীসকলৰ গীত বাণীবদ্ধ কৰি ৰাজ্যৰ শ্ৰোতা মণ্ডলীৰ মাজলৈ উলিয়াই অনাৰ বাবে আৰু তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে।

যুৱবাণী, নিয়োগ বাৰ্তা, খেতিৰ দিহা, সমাধান, এই মাহৰ অতিথি, ৰং বিৰং, মাটিৰ গান আদি অনুষ্ঠান বোৰো আছিল কেন্দ্ৰটোৰ একো একোটা অনবদ্য অনুষ্ঠান।

১ জুলাই ২০২৪ আকাশবাণী গুৱাহাটীৰ ৭৭তম প্ৰতিষ্ঠা দিৱস। এই দিনটোত আকাশবাণী গুৱাহাটী কেন্দ্ৰই অদূৰ ভৱিষ্যতে অসমৰ স্বকীয় কলা, সংস্কৃতি, শিক্ষা, সাহিত্যৰ জগতখনক সোণোৱালী বাটেৰে বাট বুলিবৰ বাবে অপৰিসীম শক্তি আৰু সমৰ্থ হওঁক তাৰে কামনা কৰিলোঁ।