মোৰ মত

মুকুতা...

Asomiya Pratidin
শৰতৰ মায়াময় পৰিৱেশে সন্মোহিত কৰি ৰখা সময় এয়া। কহুঁৱা কোমল ডাৱৰে মন চঞ্চল কৰাৰ বতৰ এয়া। তল সৰা শেৱালিৰ আমোলমোল গোন্ধ চৌদিশ বিয়পি পৰাৰ বতৰ এয়া। এনে পৰিৱেশত সৃষ্টিৰ মাজত থাকে মাদকতা। সেই পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত কেইগৰাকীমান জনপ্ৰিয় লেখক-লেখিকাৰ অনুভৱেৰে সজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'পূজাৰ লেখা' শীৰ্ষক এই শৰৎ সম্ভাৰ। শৰতৰ এই বতৰত সু লেখক তথা কবি মুকুল গোস্বামীৰ মুকুতা শীৰ্ষক দীঘল গল্পটো আজিৰ শিতানত প্ৰকাশ কৰা হ'ল-

অফিচ বন্ধ। গতিকে অলপ এলেহুৱা ভাবেৰে বাৰাণ্ডাত আৰামৰে বহি চাহকাপ খাই বাতৰি কাকত পঢ়ি আছিলো। এটা পৃষ্ঠা লুটিয়াবলৈ ধৰি দূৰত দেখিলো কমল মাষ্টৰ। কোবাকুবিকৈ মোৰ ফালে আহি আছে। মোৰ ঘৰৰ সমুখৰ ব্লক দিয়া ৰাষ্টাটো সৰু যদিও সলসলীয়া।

মোৰ ঘৰ পাৰহৈহে বেকা হৈছে। গতিকে ট টকৈ বহু দূৰলৈকে উজলি থাকে। সেই বাটেৰে কোনোবা আহিলে বা গ'লে বহু দুৰলৈকে দেখি। সেয়ে মাষ্টৰক দূৰতে দেখিলো। কোবাকুবিকৈ অলপ ৰৈ বহি কমল মাষ্টৰ আহি আছে।

কমল মাষ্টৰৰ ঘৰ সিখন গাৱঁত যদিও তেঁও সঘনাই আমাৰ গাঁৱলৈ আহে। বহুতৰে লগত তেওঁৰ ঘনিষ্ঠতা আছে। মোৰ ওচৰলৈ মাহত দুবাৰ আহেই ! তেওঁ এসময়ত বৰ কৰ্মঠ মানুহ আছিল। আমাৰ গাঁৱৰ প্ৰায়বোৰে চিনে তেওঁক।

আমাৰ গাঁও বুলি কৈছো যদিও আমি নগৰৰ গাতে লাগি থকা মানুহ, কিন্তু নামত গাঁও লাগি আছে বাবেই গাঁও বুলি কওঁ। কমল মাষ্টৰ শিক্ষক নহয়। কিন্তু কোনে, কেতিয়া নামৰ লগত মাষ্টৰ উপাধি লগালে কোনেও নাজানে। তেওঁৰ দেউতাকৰ নাম পুতুল শইকীয়া। গতিকে বংশগতভাৱে তেওঁ কমল শইকীয়া। নামৰেহে জনাজাত হ'বলগীয়া আছিল। শইকীয়া উপাধিৰে জনাজাত নহ’লেও মাষ্টৰ উপাধিৰে তেওঁ জনাজাত।

এসময়ত আঢ্যৱন্ত নহ’লেও ৰসপম থকা মানুহ আছিল যদিও প্ৰকৃতিৰ ৰোষত পৰি তেওঁলোক এতিয়া আগৰ অৱস্থাত নাই! বহুদিন তেওঁক মই লগ পোৱা নাই। কেইবছৰমান আগৰে পৰা তেওঁক এজমা বেমাৰে পালে। সেই সময়ত মোৰ চাকৰি মংগলদৈত আছিল। সেয়ে তেতিয়াই গম নাপালো। পিচত আহিহে জানিলো।হাপানী বেমাৰী বুলি কমল মাষ্টৰক বহুজনে দূৰতে ৰাখে। গাঁৱৰ কথা। বহুতে তেওঁৰ বেমাৰটো সোঁচৰা বেমাৰ বুলি ভাবে। গতিকে মাষ্টৰ সাবধান। কাৰো ওচৰলৈ গৈ নবহে ।

এটা পুতেক আৰু ঘৈণীয়েক মালতীক লৈয়ে তেওঁ বেমাৰৰ দুখৰ মাজতো আনন্দৰে থাকে। বানপানীয়ে মহতিয়াই নিয়া মানুহ যদিও নিজক চম্ভালি ৰাখে। অকাৰণত কাৰো আগত দুখৰ কথা নকয়। তেওঁ নিজৰ মতত চলা মানুহ । ওচৰৰ কোনোবাই ঘৰলৈ নামাতিলে নাযায়। তেওঁৰ এটা বিশেষত্ব আছে !

চিলাই মৰা ধুতি-চুৰিয়া পিন্ধিলেও কোনো দিন অপৰিষ্কাৰ কাপোৰ নিপিন্ধে। কথাও বৰ মাৰ্জিতভাৱে কয়। কতই উপলুঙা কৰে, তেওঁৰ কিন্তু ভ্ৰূক্ষেপ নাই। শাকে-সোকোতাৰে খাই ফটা চুৰিয়া পিন্ধি ৰজাৰ আনন্দৰে থাকে।

সেই কমল মাষ্টৰ কোবাকুবিকৈ আহি আছে, মাজে মাজে ৰৈ বহি এইয়া মোৰ সমুখত মাষ্টৰ। মাষ্টৰক বহিবলৈ দিলো। দীঘল দীঘলকৈ উশাহ লৈ থকা মাষ্টৰৰ শীৰ্ণ দেহটো চাই বেয়াও লাগিল। কি পাহুৱাল আছিল এই কমল শইকীয়া।

এজমা বেমাৰ কেনেকৈ হ'বলৈ পালে নাজানো, কিন্তু ২৫ বিঘা মাটিত অকলেই হালবাই খেতিকৰি ৩০০মোন ধান আনি ঘৰ সুমুৱাই ওচৰৰ দুই এঘৰক ধান দান দিয়া মানুহ। বৰ আঘাত লাগিল মোৰ মনত। কাম কৰা ল'ৰাটোক পানী এগিলাচ আনি দি মাষ্টৰ আৰু মোৰ বাবে লুচি ভাজি, অমলেট কৰিবলৈ ক’লো।

বুঢ়াই নালাগে নালাগে বুলি কৈ পানী গিলাছ খাই সুস্থিৰ হ'ল। সুধিলো- কি কথা কি বতৰা! অত দিন তোমাৰ দেখা দেখি নাই ! আজি কি মন কৰি আহিলা ?

হুমনিয়াহ এটা এৰি মাষ্টৰে ক'লে- গোসাঁই ! তোমাক মোৰ ল'ৰা প্ৰদীপে বৰ সন্মান কৰে। বৰ ভাল পায়। তোমাৰ কথা প্ৰায়ে কয়। তুমিও তাক এসময়ত পঢ়াৰ খৰচ দিছিলা। নিজৰ ভুলত পঢ়া আধৰুৱা কৰিলে। সেই প্ৰদীপে এতিয়া নতুন সমস্যাৰ সৃষ্টি কৰিছে। যোৱা দুদিন আমাৰ খাৱন শোৱন নাই! তাৰে উপায় বিছাৰি তোমাৰ ওচৰলৈ আহিছো।

মনতে ভাবিলো- মাষ্টৰে টকা বিছাৰিলে কিমান টকানো দিব পাৰিম। মাহৰ শেষ। অকলশৰে থাকো যদিও মোৰ দৈনিক বহু খৰচ। তথাপি ৫০০ টকা দিব পাৰিম বুলি মনতে ভাবি তেওঁক কলো-সি নো কি পয়মাল লগালে। আগতে তাৰ একো বেয়া স্বভাৱৰ কথা শুনা নাই। তাৰ বয়সনো কিমান হ'ল।

মাষ্টৰে ক’লে- মদ ভাং নোখোৱা ল'ৰা। ২৩ বছৰ হ'বৰ হ'ল। কথা বেলেগ হে ! মই আছৰিত হ’লো।

সুধিলো- তেনে কি কথা !

কমল মাষ্টৰে ক'লে- সি নিজে বেয়া নহয়। কিন্তু মণ্ডলৰ নাতিয়েক আৰু পিয়নৰ পুতেকৰ লগত ঘুৰিবলৈ ল’লে। আৰু দুটামান আছে। স্কুলৰ ওচৰতে থকা আলকতৰাৰ ভঙা দ্ৰামত বহি গধুলিতো কি কথা পাতি সময় কটাই নাজানো।

মুখত তামোলৰহে গোন্ধ পাওঁ। আহিয়েই মাকক ভাত দিবলৈ কয়। ভাত খাই মাকৰ বিচনাতে শুই যায়। সি এতিয়াও মাকৰ বিচনাতে শোৱে। পুৱা ফিকাচাহ গুৰ আৰু কল এটা খাই কান্ধত কোৰখন লৈ পথাৰলৈ যায়। দুপৰীয়াহে আহে। এনেদৰেই চলি আছিল।

পৰহি ৰাতি ভাতৰ পাতত সি হঠাৎ মোক ক'লে- দেউতা মই বিয়া পাতো। পাতো মানে, এই ব’হাগতে পাতিম। মোৰ ভৰিৰ মাটি হেৰাল। কি কয় ই! বুজিলো সংগই তাক উচটনি দিছে। সেইবোৰৰ খাবলৈ, চখ কৰিবলৈ আছে।

আমিতো যেনে-তেনে চলিছো। বাৰীৰ লাও, কোমোৰা, বাঁহ, বেচোঁ আৰু নিজে নিজে হোৱা শাকৰে ভাত খাওঁ । অৱশ্যে মই পথাৰলৈ হাল বাবলৈ নাযাও। সিয়েই খেতি কৰে আৰু তিনিওটা চলো। ঘৰটোৰ ওপৰত টিনপাত আছে যদিও বেৰকুৰ বাঁহৰ।

কালি দিনটো সি শুই থাকিল। আজি পুৱা মালতীয়ে তোমাক কথাটো জনাবলৈ ক’লে। সি তোমাক বৰ মানে। প্ৰায়ে তোমাৰ কথা কয়। এতিয়া গোসাঁই তুমিয়েই কোৱা মই কি কৰো। মই থমক খাই ৰ'লো। আচলতে কি কোৱা উচিত বুজিবই পৰা নাই।

এই সময়তে লুচি, চাহ আহিল বাবে পৰিস্থিতি চম্ভালি লোৱাৰ নামত ক’লো। মাষ্টৰ ! আগতে চাহ খোৱা। মাষ্টৰেও নিমাতে চাহ-লুচি খোৱাত লাগিল।

মই ভাবি এটা সমাধান উলিয়াই ক’লো- মাষ্টৰ কালিলৈ তুমি পুতেৰাক মোৰ ওচৰলৈ পঠিয়াই দিবা। মোৰ অফিচ আছে, গতিকে পুৱাই আহিব লাগিব। ধৰা ৭ বজাত পাব লাগিব। এই ৫০০টকা লোৱা আৰু নিশ্চিন্ত মনে যোৱা গৈ। মই সমাধান কৰি দিম।

মই ভাবিছিলো- ল’ৰাটো মোৰ লগতে ৰাখি মাহে মাষ্টৰৰ ঘৰৰ খৰচ দি থাকিম। মোৰ বহুতো কাম সি সেইবোৰ চম্ভালিব। মাষ্টৰে বহু সময় মোৰ মুখলৈ চাই টকা নোলোৱাকৈ নমস্কাৰ কৰি গুচি গ'ল। মই অলপ সময় চাই দাড়ি কাটিম বুলি ভিতৰ সোমালো।

ৰাতিপুৱাই মাষ্টৰৰ পুতেক প্ৰদীপ আহিল। মই জানিছিলোৱেই বিয়া পাতিবলৈ ওলোৱা ল'ৰা উথপ্‌থপ লাগিবই ! সি নিজে মুঢ়া এটা টানি বহিল। মই কামকৰা ল’ৰাটোক চাহ দিবলৈ ক’লো। লগত যাতে কিবা দিয়ে। প্ৰদীপে নালাগে চাহ মই মাৰভাত খাই আহিছো বুলি ক’লে, যদিও মই কামকৰাটোক মানা নকৰি প্ৰদীপক সুধিলো- ২৩বছৰতে বিয়া পাতিবলৈ ওলালি যে ?

সি অকনো লাজ নকৰিলে। মোৰ চকুলৈ চাই ক'লে- মই বহুত ভাবিহে এই সিদ্ধান্ত লৈছো।

তাক কলো- মই এতিয়া একো নকও, তোৰ কথাখিনি পুৰা শুনি পিচত ক’ম। তই সকলো ক’। প্ৰদীপ মোৰ ওচৰলৈ আগুৱাই আহিল। মই বুজিলো তাৰ দৃঢ়তা আছে। তাৰ মন সলনি নহয়। ক'ত প্ৰেমত পৰিল কেনে বা ছোৱালী ! হঠাৎ সি মোক সেৱা এটা কৰি ক’লে- ছাৰ ! সৰুৰে পৰা দেখি আহিছো দেউতা আৰু মাই আপোনাক বৰ সন্মান কৰে মানে। আমাৰ সম্পদকালত আমাৰ লগত আহ-যাহ কৰা মানুহবোৰ আমাৰ বিপদকালত হঠাৎ নোহোৱা হ'ল। কিন্তু আপুনি আমাক এৰা নাই ! সেয়ে মোৰ কথাখিনি আপোনাক ক’বলৈ আহিছো। মই ক’লো মই শুনিহে থাকিম একো প্ৰশ্ন নকৰো। তই কৈ যা। মই জনা নজনা সকলো ক’বি।

সি নমস্কাৰ কৰি ক’লে- ছাৰ বানপানীয়ে খহাই নিয়াৰ সময়ত আমাৰ পুৰণি ঘৰৰ ভেটিৰ স’তে ২৮ বিঘা মাটি আছিল। তাৰে ২৫বিঘা ৰোৱাতলী। দেউতাই পাম ঘৰৰ দৰে এতিয়া আমি থকা ঠাইত ঘৰটো সাজি থৈছিল। ওপৰত টিনপাত, তলত বাহঁৰ থেতেলা দি মাটিৰে লেপি লোৱা ঘৰ।

এইঠাইত ঘৰৰ ভেটিৰ স’তে পথাৰলৈকে মিলি আমাৰ ১২ বিঘা মাটি আছে। ঘৰৰ পৰা অলপ দূৰত ৮জোপা জাতি আৰু দুজোপা ভলুকা বাঁহৰে সৰু গছ-গছনিৰ মাজত তিনিদাল ৰঙা লালি আমাৰি আছে। দেউতা সক্ষম হৈ থাকোতে সিঠাইত ৫টা কোঠালিৰ ঘৰ সাজি লৈছিল। ২৫ বিঘা মাটিত নিজে খেতি কৰি উভৈনদী ধান সৰিয়হ পাইছিল।

বলীয়া বানে, গৰুৱে-গায়ে সকলো ঢাহি মুহি নিয়াৰ পিচত আমি দাল দৰিদ্ৰ হৈ এইপাম ঘৰলৈ আহিলো। ক্লাছ এইটত পঢ়ি থাকোতেই বানে খেদিলে। প্ৰথমতে আমি অত্যন্ত হতাশ হৈ নিৰাশ্ৰয় অনুভৱ কৰিছিলো যদিও দেউতা খামিদাঠ মানুহ। এই বিপদে অলপ বহুৱাই দিছিল যদিও পুনৰ কামত ধৰিলে। গৰু নাই ! বাৰীৰ বাঁহ চহৰত বেচি সপ্তাহৰ খোৱা খৰচ উলিওৱাৰ বাহিৰে বেলেগ আৰ্জনৰ ব্যৱস্থা নাছিল।

মই দেউতাৰ হকা-বাধা নুশুনি স্কুল এৰিলো। দেউতাক সহায় কৰাটোহে মোৰ বাবে ডাঙৰ কাম যেন লাগিল। ময়ো দেউতাৰ লগত কামত লাগি ৰোৱা তলি কোৰৰে উলিয়াই ললো। এঢলীয়া মাটি বাবে পানী নৰয়, সেয়ে ধান কমিল। কিন্তু বাঁহ কাঠ বাঢ়িল। সেয়া বেচি হালোৱাসহিতে গৰু লৈ খেতি কৰিলো। পিচত বুজিলো ধান হাতলৈ নৰয়।

মনলৈ ভাব আহিল- সমুখৰ নলাটোৱেদি ৰাইজৰ ঘৰৰ পানী বয়। বাৰীৰে মাজৰে নিজে সৰু নলা খান্দি পথাৰলৈ পানী নিলো। সেইবাৰ মই কোৰৰে চবিয়াই দুবিঘা মাটিত খেতি কৰিলো। পানীয়ে সহায় কৰিলে বাবে ৩৫মোন ধান পালো।

আমাৰ তিনিটা মানুহৰ তিনি সাঁজত মাহে ২৫ কেজি চাউল লাগে। মাই শাক চিঙি যি ৰান্ধে তাকে আনন্দৰে তিনিওটাই খাওঁ। কি দুৰ্ভাগ্য আমাৰ ঔটেঙা চিঙিবলৈ গৈ মা পৰিল আৰু ককালত বহুত বেছিকৈ দুখ পালে। ওচৰৰ হেল্থ চেন্টাৰ লৈ নিলো। বেজি দিলে, ঔষধ দিলে। অলপ ভালপাইছিল। পিচলৈ মানুহজনীয়ে হাউলি খোজকঢ়া হ'ল। সদায় বিপদ একে লগে আহে। দেউতাই মোক জলপান মানে গুৰ ভাত দিবলৈ পথাৰলৈ গৈছিল। পানী দেখি নামিল। কেইবাটাও শিঙি মাছে বিন্ধিলে। দেউতা পানীতে পৰি থাকিল।

বহুত পিচত মই দেখি কান্ধত আনি ঘৰত কাপোৰ সলাই হেল্থ চেন্টাৰলৈ নিলো। নাৰ্চে বেজি দিলে। ডাক্তৰ নাছিল। তেওঁ চহৰলৈ নিবলৈ কৈছিল। কেনেকৈ নিম ! হাতত ১৫টকা আছিল।

দেউতাই বেজৰ কথা ক’লে। ঘৰত দেউতাক থৈ বেজৰ ঔষধ আনি ঘঁহি দিলো। আচৰিতভাৱে দেউতা ভাল হ'ল। দুদিনমানৰ পিচত কাঁহ হ’বলৈ ধৰিলে। এই কাঁহে দেউতাৰ হাপানী আৰম্ভ কৰিলে।

ছাৰ চাহ একাপ দিবলৈ কওক। কামকৰাজন ওচৰতে বহি কথা শুনি আছিল। সি দৌৰ মাৰিলে। চাহ খাই প্ৰদীপে আৰম্ভ কৰিলে। ছাৰ মোৰ কথা শেষ হৈছেই। অলপ পিচত আচল কথা ক'ম। তিনিটা মানুহৰ দুটা ভয়ানকভাৱে অসুখীয়া মই হাতৰ লাখুটি।

মোৰ বয়স কম, কিন্তু বহু কথা বুজা হ’লো। গাত শক্তি আছে, মনত আছে জোৰ। মই, মা-দেউতাৰ আগৰ অৱস্থাটো সদায় মনত পেলাও। আমাৰ ঘৰলৈ সহায় বিচাৰি অহা মানুহবোৰৰ শুকান মুখবোৰ মনত আছে।

ছাৰ মই হাজাৰ দুখত থাকিলেও মাহঁতৰ বাবেই আনন্দৰে থাকো। কাম-বন শেষ কৰি স্কুলৰ ওচৰৰ ভঙা ড্ৰামত বহি লগৰকেইটাৰ লগত কথা পাতি সময় কটাও। কিন্তু সিঁহতক কোনো দিন অসহায় অৱস্থাৰ কথা নকঁও।

নিজৰ কথা নিজতে থকা ভাল। ছাৰ ! মা-দেউতাক চিকিৎসা কৰাব লাগে। আজিকালি মা-দেউতাক পথাৰলৈ যাবলৈ নিদিও। সিদিনা আপোনাৰ ঘৰলৈ আহি দেউতা ৰাতিটো শুব নোৱাৰিলে। আমি বুকুভৰি মালিচ কৰি থাকিলো।

গতিকে মই এটা সিদ্ধান্ত লৈছো। মই অলপ লৰি চৰি বহিলো। চিগাৰেট এটা জ্বলালো। আচল কথা ওলাবহে। সি ক'লে- ছাৰ আগতে কৈছোৱেই আমাৰ দুজোপা মজবুত ভলুকা বাঁহ আছে। এজোপাতে কমেও ৪০০/৫০০ মান বাঁহ ওলাব। ইতিমধ্যে মই খবৰ লৈছো। বেপাৰীও পাইছো। হালোৱা গৰুও চালো। দাম-দৰ দুইটাৰে ঠিক কৰিলো।

বাঁহজোপা বেচি এজনী গাই আৰু এহাল বলধ কিনিম। ১০ বিঘা মাটিৰ খেতি নিজে কৰিম। মই খেতিৰ মূলকথা জানো। গতিকে দুটা, তিনিটা খেতি কৰিম। আচলটো কওঁ। আই -বোপাইক এতিয়া সুখ দিয়াৰ সময়। গতিকে মই বিয়া পাতিম। দেউতাক ক’লো সিদিনা। এতিয়া আপোনাক কৈছো। আপোনালোকে এজনী ঘৰ ধৰা, মোৰ লগত মিলা, আমাৰ দৰে ঘৰৰ ছোৱালী চাওক।

কলি-মলি, কাণী-কটিয়া হ’লেও কথা নাই ! মই পথাৰত কাম বহুত কৰো, সময়ত মোক জলপানটো দিব। দেউতা- মাক আলপৈচান ধৰিব। তিনজনীয়া ঘৰৰ বেছি কাম নহ’বই । ঘৰটো বিয়াৰ আগতে ঠিক কৰিম। বাঁহ বেচি মুকলি হোৱা ঠাইত হালধি কৰিম। মাটি ভাল।

মনৰে ভাবিছো যদিও ভগৱানে মোক সহায় কৰিব। মা -দেউতাক সুখত ৰাখিম বুলি মই দৃঢ় প্ৰতিজ্ঞ। গতিকে এনে এখন ঘৰৰ এনে এজনী ছোৱালী চাওক, যি মোৰ সপোন পূৰ কৰিব পাৰে। ছাৰ! দেউতাই মোক ভুল বুজিছে। খোলোচাকৈ ক’বও পৰা নাই। এতিয়া আপুনি বিচাৰ-বিবেচনা কৰি দেউতাৰ লগত আলোচনা কৰি মোৰ ঘৰখন পাতি দিয়ক। পৰহিলৈ দেউতা আহিব। মই এতিয়া যাওঁ ছাৰ। বাহঁ কাটি ফালি মুঠা বান্ধি থৈছো। বজাৰলৈ নি বেচি নিমখ, তেল, চাবোন আনিম।

মই ক্ষন্তেক হতভম্ব হৈ ৰৈ থাকিলো। অলপ পিচত ক’লো- ৰহ! ভিতৰলৈ গৈ বৰুৱাই কালি দিয়া ৪,০০০টকাৰে এহেজাৰ আনি তাক দিলো। সি নলয়।

ক’লো- মাছ-মাংস খাব দিয়া নাই, মাৰক দিবি। তহঁতৰ ওচৰত থকা নামঘৰত পৰহিলৈ প্ৰসাদ কৰণৰে শলা-বন্তি জ্বলাই গোপিনী নাম গাব। তই জোগাৰ কৰি দিবি। দেউতাৰ আহিব নালাগে। মই পৰহিলৈ তহঁতৰ ঘৰলৈ প্ৰসাদ খোৱাকে যাম। শাকে-সোকোতাৰে এসাঁজ খাই গাৰ জাবৰ গুচাম।

সি একো নুবুজি মোৰ ফালে চাই নমস্কাৰ এটা কৰি গ’লগৈ। মই তাক নেদেখা হোৱালৈকে চাই ভাবিলো- কমল মাষ্টৰৰ ঘৰত আছে এটা মুকুতা ।