এজন পণ্ডিতৰ মহাপ্ৰস্থান ঘটিল। ওৰেটো জীৱন অসমীয়া ভাষা, সাহিত্যৰ বাবে নীৰৱে উৎসৰ্গা কৰা এক মহা অধ্যায়ৰ অন্ত পৰিল। ৩১ মাৰ্চ, ২০২৪ ত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক, অধ্যাপক তথা ভাষাতত্ত্ববিদ বিশ্বেশ্বৰ হাজৰিকাই। ভাষাতত্ববিদগৰাকীৰ সান্নিধ্য আৰু ব্যক্তত্বক সোৱৰণ কৰি বি.বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপচাৰ্য ড০ দীনেশ বৈশ্যৰ এই লেখাটো 'মোৰ মত' শিতানত আগবঢ়োৱা হ'ল-
বিদায় ছাৰ !!এজন পণ্ডিতৰ মহাপ্ৰয়াণ।
বি বৰুৱা কলেজৰ অন্যতম ভোটা তৰা অধ্যাপক আছিল বিশিষ্ট ভাষা বিজ্ঞানী বিশ্বেশ্বৰ হাজৰিকা ছাৰ। যিটো সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ এম এ পৰীক্ষাত ৫০ শতাংশৰ উৰ্ধত নম্বৰ পোৱা নাছিল সেইটো সময়ত বিশ্বেশ্বৰ হাজৰিকা আছিল একমাত্ৰ প্ৰথম শ্ৰেণীৰ এম এ। ইচ্ছা কৰিলে তেওঁ সেই সময়ৰ পণ্ডিত অধ্যাপক সকলৰ সৈতে ডক্টৰেট কৰিব পাৰিলে হেতেন। কিন্তু ডক্টৰেট নকৰিলে। বৰং তেওঁ ভাষা বিজ্ঞান অধ্যয়নৰ গভীৰলৈ গৈ অসমীয়া ভাষাৰ পণ্ডিত সকলক সমালোচনাৰে থকা সৰকাৰ কৰি পণ্ডিত মহলত এক প্ৰকাৰে এঘৰীয়া হৈ থাকিল। বিশ্বেশ্বৰ হাজৰিকা ছাৰৰ দৰে ভাষাৰ পণ্ডিত লোক অসমত কমেই আছে।সদাই হাঁহি মুখীয়া মুখেৰে সকলোকে নিজৰ বুলি ভাবি চলা হাজৰিকা ছাৰৰ কোনো কথাতেই আপচোছ নাছিল।
সদায় আনন্দ মনে চলিছিল। পঢ়া আৰু পঢ়োৱা তেওঁৰ সাধনা আছিল। কোনোদিনে কোনো ক্লাছ মিছ কৰা নাছিল।ছাত্ৰ সকলেও তেওঁৰ মৌ সৰা বক্তৃতা শুনিবলৈ ৰৈ আছিল। চান্দমাৰীৰ পাহাৰৰ ওপৰত থকা নিজৰা পাৰৰ সৰু ঘৰ এটাত ছাৰ থাকে। তেওঁৰ লগৰীয়া বহুত অধ্যাপকৰ ঘৰ ধুনীয়া আৰু ডাঙৰ, তাৰবাবে তেওঁৰ কোনো আক্ষেপ নাই।
তেওঁ জীৱনত কাৰো সৈতে প্ৰতিযোগিতা কৰা নাই। দৰমহা হোৱাত পলম হ'লে কমনৰূমত হূলস্থুল হয়। আমি একাংশ লোকে আপত্তি দৰ্শাও।হাজৰিকা ছাৰে চকীত বহি হাঁহি হাহি মিক্সাৰ পকাই চুৰট হুপি থাকে। একো নকয়। যেনিবা তেওঁৰ বহুত পইচা আছে। অভাৱ নাই।তেওঁৰ যেতিয়া অৱসৰ লয়, তেতিয়া কলেজৰ শিক্ষকৰ পেঞ্চন নাই। আগদিনা লৈ দৰমহা পাই থকা মানুহজনে পিছৰ মাহত এটা পইচাও নাপায়। তেতিয়া কলেজ শিক্ষকৰ তেনেকৈ সাচতীয়া পইচাও নাছিল। ছাৰৰ কোনো দুখ নাছিল।
বি বৰুৱা কলেজৰ পৰা নিজৰা পাৰলৈ সদায় খোজকাঢ়ি অহা যোৱা কৰা হাজৰিকা ছাৰক অৱসৰৰ পিছত এদিন শিলপুখুৰীৰ ফুট পাথত লগ পালো। স্বাভাৱিক ভাবেই ছাৰক সুধিলো ছাৰ ভালে আছেনে ?ছাৰে হাঁহি মাৰি ক'লে ভালেই আছো নিয়মীয়াকৈ মাছ মাংস ও খাই আছো। আচলতে ছাৰে পেঞ্চন নাপালেও যে তেওঁ ভালকৈ চলিব পাৰে সেইটো কথাকে কব খুজিছিল। লেখা মেলা গৱেষণাৰ কাম কৰি উপাৰ্জন কৰি চলিছিল।
মনত আছে কলেজ শিক্ষকে যেতিয়া পেঞ্চন পালে তেতিয়া ফোন কৰি কৰি ছাৰক মাতি আনিব লাগিছিল কাগজৰ কাম কৰিবলৈ।পেঞ্চন নোপোৱা কাৰণেও ছাৰৰ দুখ নাছিল আৰু পোৱা বাবেও বহুত আনন্দ নাই। ডক্টৰেট নকৰা হাজৰিকা ছাৰে কলেজৰ কোনোবাই ডক্টৰেট পালে সম্বৰ্ধনা অনুষ্ঠানত হাঁহি মাৰি কয় তাৰ মানে আজিৰ পৰা পণ্ডিত হলা!
হাজৰিকা ছাৰে পি এইচ ডিৰ অৰ্থ পণ্ডিত হলো দে বুলি কৈছিল। বগা ধুতি কলাৰ আৰু জেট থকা বগা মুৰ্তি ছাৰ্ক পিন্ধি গুৱাহাটীৰ বাটত খোজ কাঢ়ি ঘুৰি ফুৰা পণ্ডিতজনক গুৱাহাটীৰ বাটত আৰু কেতিয়াও লগ নাপাওঁ। বিদায় ছাৰ !