মোৰ মত

ভ্রাম্যমান থিয়েটাৰে নিজেই পথ মুকলি কৰি গৈ আছে

Asomiya Pratidin
শৰতৰ মায়াময় পৰিৱেশে সন্মোহিত কৰি ৰখা সময় এয়া। কহুঁৱা কোমল ডাৱৰে মন চঞ্চল কৰাৰ বতৰ এয়া। তল সৰা শেৱালিৰ আমোলমোল গোন্ধ চৌদিশ বিয়পি পৰাৰ বতৰ এয়া। এনে পৰিৱেশত সৃষ্টিৰ মাজত থাকে মাদকতা। সেই পৰিৱেশৰ সৈতে সংগতি ৰাখি নিৰ্বাচিত কেইগৰাকীমান জনপ্ৰিয় লেখক-লেখিকাৰ অনুভৱেৰে সজাবলৈ চেষ্টা কৰা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'পূজাৰ লেখা' শীৰ্ষক এই শৰৎ সম্ভাৰ। তাৰোপৰি এই শৰতৰ বতৰতে অসমৰ স্বাভিমান ভ্ৰাম্যমাণ থিয়েটাৰে এক গতি লাভ কৰে। ৯টা মাহৰ বাবে অসমৰ চুকে-কোণে নাট প্ৰদৰ্শন কৰাৰ বাবে ওলাই যায় নাট্যদলসমূহ। অক্টোবৰ মাহৰ এই সময়ছোৱাত ভ্ৰাম্যমাণৰ নাটকৰ গতি-বিধিৰ উমান পোৱা যায়। পৰৱৰ্তী নাট্যযাত্ৰাত কোনটো নাট্যদলৰ, কোনখন নাটকে দৰ্শকৰ পৰা বুটলিবলৈ সক্ষম হ'ব আদৰ। সাম্প্ৰতিক সময়ত ভ্ৰাম্যমাণ থিয়েটাৰকলৈ চৰ্চা কৰি থকা কিছু ঘটনাৱলী সন্দৰ্ভত আকাশবাণী ৰাঁছিৰ প্ৰাক্তন সহকাৰী সঞ্চালক, সুলেখক তথা চিত্ৰসমালোচক, উৎপল দত্তৰ সম্পৰীক্ষামূলক এই লেখা -

দর্শকৰ মাজেৰে ওখ সৰু চাঙেৰে মটৰ চাইকেল চলাই যাওতে এজন অভিনেতা তাৰ পৰা পৰি গ'ল, এগৰাকী অভিনেত্রীয়ে নাচি নাচি গৈ থাকোতে চাঙৰ পৰা বাগৰি পৰিল- এনেবোৰ খবৰে বিগত কেইটিমান দিনৰ নাটকৰ পৰিবেশ সজীৱ কৰি ৰাখিছিল।

এনেকুৱা বিপদৰ সম্ভাৱনাৰ থকা কামবোৰকেই ষ্টান্ট বোলা হয় আৰু এইবোৰ কৰিবলৈ অভিনেতাগৰাকী শাৰীৰিকভাবে সক্ষম হ'বই লাগিব। এনেবোৰ কামক বহুতে চার্কাচ আখ্যা দিছে আৰু ভ্রাম্যমান থিয়েটাৰৰ ভবিষ্যতকলৈ শংকিত হৈছে।

শৈশৱতে ভ্রাম্যমান থিয়েটাৰৰ নাটক এখন চাইছিলোঁ, বেউলা। নদীৰে বেউলাৰ ভূৰ গৈ থকা দৃশ্যটিয়ে ৰোমাঞ্চিত কৰি তুলিছিল। সেই ৰোমান্সকৰ মুহূর্ত নাথাকিলে ভ্রাম্যমানৰ নাটক চাই ভাল নালাগে। ভ্রাম্যমান থিয়েটাৰৰ নাটকৰ লগত অনাতাঁৰ নাটক বা ৰবীন্দ্র ভৱনৰ দৰে ঠাইত মঞ্চস্থ হোৱা অপেছাদাৰী নাটকৰ লগত বিষয়বস্তু আৰু প্রযোজনা কোনো দিশেৰেই তুলনা কৰিব নোৱাৰি।

ৰবীন্দ্র ভৱনত নাটক চাবলৈ যোৱা দর্শকৰ মানসিক প্রস্তুতি আৰু ভ্ৰাম্যমান থিয়েটাৰৰ নাটক চাবলৈ যোৱা দৰ্শকৰ মানসিক প্রস্তুতি একে নহয়, হ'ব নোৱাৰে। ভ্রাম্যমান থিয়েটাৰৰ নাটক হয় এটা মেলামুখী পৰিবেশত, বিশাল তম্বুৰ তলত আৰু হাজাৰৰো অধিক দর্শকে একেলগে নাটক উপভোগ কৰে।

এই বিশাল তম্বুৰ তলত বহি থকা বিভিন্ন বয়সৰ বিভিন্ন ধৰণৰ দর্শকক একে সময়তে সন্তুষ্ট কৰা সহজ কাম নহয়। গতিকে একেখন নাটকতে বিভিন্ন ধৰণৰ বস্তুৰ সমাবেশ ঘটাবলগীয়া হয় যাতে প্রতিগৰাকী দর্শকৰ বাবে নাটকখনে কিবা নহয় কিবা আগবঢ়াব পাৰে।

ভ্রাম্যমান থিয়েটাৰৰ নাটকৰ প্ৰসংগ ওলালেই কথাই কথাই ভবেন্দ্র নাথ শইকীয়াৰ নাটকৰ উদাহৰণ দিয়াটো উচিত কথা নহয়। সকলো নাট্যকাৰ তেনে বিৰল প্রতিভাৰ সমকক্ষ নহয় বুলি সকলোৱে মানি ল'ব।

ব্যৱসায়ত টিকি থাকিবলৈ হ'লে সদায় নতুন নতুন বস্তুৰে উপভোক্তাক উজ্জীৱীত কৰি থাকিব লাগিব। এই কামটো ভ্রাম্যমান থিয়েটাৰে মনযোগেৰে কৰি আহিছে। প্রতিটো নাট্যবর্ষতেই অধিকাংশ থিয়েটাৰ দলে নতুন নতুন কিবা দিয়াৰ চেষ্টা কৰি থাকে। প্রথম দেখাৰ বাবে এনেকুৱা সামগ্রীক চমক যেন লাগে আৰু ই ভ্রাম্যমানৰ মান নিম্নগামী কৰিছে বুলি দুই একে কয়। কিন্তু পিচৰ নাট্যবৰ্ষত সেইখিনি বস্তুকে স্বাভাৱিক যেন লগা হৈ যায়।

এটা কথা স্বীকাৰ কৰিবই লাগিব যে এই নতুন নতুন চমকৰ বাবেই ভ্রাম্যমান থিয়েটাৰ গতিশীল আৰু জীৱন্ত হৈ আছে। ভ্রাম্যমান থিয়েটাৰে নিজেই পথ মুকলি কৰি গৈ আছে। বহু এনেকুৱা চমকৰ কাম ধাৰাবাহিকভাৱে চলি আছে, কিছুমান সফল হৈছে, কিছুমান বিফল হৈছে। ভ্রাম্যমান থিয়েটাৰ বস্তুটোৱেই এটা চমক।

এটা সময়ত ভ্রাম্যমান থিয়েটাৰৰ মঞ্চ দুখনেই আছিল, কিন্তু দর্শকে এখন মঞ্চহে দেখা পাইছিল। আনখন মঞ্চত পিচৰ দৃশ্যটিৰ সজ্জা কৰি থকা হৈছিল। ট্রেকৰ ওপৰত মঞ্চখন আছিল, দৃশ্য শেষ হোৱাৰ লগে লগেই মঞ্চখনক ঠেলি নি দ্বিতীয়খন মঞ্চক আঁৰকাপোৰৰ সম্মুখলৈ লৈ অহা হৈছিল।

পাচত ভবেন বৰুৱা আৰু মহানন্দ শৰ্মাৰ উদ্যোগত এই মঞ্চ ঠেলি নিয়া কাৰবাৰটো বাদ দি দুখন মঞ্চৰ ব্যৱহাৰ কৰা হ'ল। এসময়ত তিনিখন মঞ্চ, নাটকৰ মাজত চিনেমা, মঞ্চখনক দর্শকৰ মাজলৈ আগবঢ়াই দিয়া আদি নানান কায়দা চলি থাকিল। এইবোৰৰ উদ্দেশ্য এটাই- দর্শকক নতুন কিবা এটা দিয়া।

বহু বছৰৰ আগতে অপেছাদাৰী নাট্যগোষ্ঠীৰ মাজত জনপ্রিয় হোৱা নাটক এখন আছিল 'আগমণি'। নাটকখনত এটা চৰিত্ৰই প্রেক্ষাগৃহৰ দুৱাৰমুখত এটা দৃশ্যৰ সৃষ্টি কৰে আৰু শেষত মঞ্চৰ ওপৰলৈ উঠি যায়। নাট্যকাৰ অৰূপ চক্রৱর্তীয়ে এটা নতুন কথা ভাবিছিল আৰু দর্শকে তাক চমক বুলি নাভাবি নাটকীয় বর্ণনাৰ নতুন ৰূপ হিচাপে উপভোগ কৰিছিল।

তেনেদৰে ৰামদাসেও তেওঁৰ 'চোৰ' নামৰ নাটকত কেইগৰাকীমান অভিনেতাক দর্শকৰ মাজৰ পৰা নি মঞ্চত তুলিছিল। এইবোৰো চমকেই আছিল, কিন্তু দর্শকে সেই চমকৰ বাবে নাটককেইখনৰ লগত অধিক আত্মীয়তা স্থাপন কৰিবলৈ সক্ষম হৈছিল।

ঠিক তেনেদৰে ভ্ৰাম্যমান থিয়েটাৰেও অভিনেতাক দর্শকৰ মাজলৈ লৈ যোৱাৰ এটা নতুন কৌশল ব্যৱহাৰ কৰিছে। সংবাদ মাধ্যমৰ পৰা জানিব পৰা নাই এই নতুন কথা ভবা লোকজন কোন, কিন্তু এটা কথা ঠিক যে এই মানুহজন প্রশংসাৰ পাত্র।

থিয়েটাৰত গেলাৰিৰ পৰা মঞ্চৰ অভিনেতা- অভিনেত্রীসকলক ভালদৰে দেখা নাযায়। এতিয়া একো একোটা বিশেষ দৃশ্যত অভিনেতা-অভিনেত্রীসকল গেলাৰিৰ দৰ্শকৰ ওচৰ পায়হি, তেওঁলোকৰ ওচৰতে গীত গাই বা নাচি গুচি যায়।

ফলত পিছফালে বহা দর্শকসকলকো থিয়েটাৰখনে ওচৰলৈ নিবলৈ সক্ষম হৈছে। প্রেক্ষাগৃহৰ এপিনে থকা মঞ্চখনক এটা নতুন অংগ প্রদান কৰি তাক নতুন ৰূপ দিয়া হৈছে, দৰ্শকৰ ওচৰৰ কৰি তোলা হৈছে। এই ধৰণৰ নতুন নতুন কৌশলৰ প্রয়োগে ভ্রাম্যমান থিয়েটাৰক দর্শকৰ প্রিয় কৰি ৰাখিছে।

এইখিনিতে এটা কথা ক'বলৈ মন গৈছে। ফেচবুকৰ যোগেৰে এনে ধৰণৰ দৃশ্যৰ ৰিল বহুত প্রচাৰ হৈছে আৰু বর্ধিত মঞ্চৰ এই ধাৰণাটিক গ্রহনযোগ্যতা দিয়াত সহযোগ কৰিছে। তেনেকুৱা ৰিলবোৰৰ কিছুমানত অভিনেত্রী প্রস্তুতি পৰাশৰক দেখা পাইছোঁ। ঠেক চাং এখনৰ ওপৰেৰে তেওঁ দৌৰি আহিছে, গান গাইছে, সহ অভিনেতাৰ লগত ৰোমান্টিক দৃশ্য কৰিছে ইত্যাদি।

বিশেষকৈ এগৰাকী অটিষ্টিক ছোৱালীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ সেই ঠেক চাংখনেৰে দৌৰি থকা সময়তো তেওঁ চৰিত্ৰটিৰ পৰা মুহূৰ্তৰ বাবেও ওলাই যোৱা নাই। প্রস্তুতিৰ এই অভিনয়ৰ কথা মনত ৰৈ যাব। প্রতিটো চৰিত্রতে প্রস্তুতিয়ে সোমাই গৈ অভিনয় কৰে। সেই কথা এই সৰু সৰু ৰিলবোৰেই প্রমাণ কৰিছে।

বহু বছৰ আগতে মই ভ্রাম্যমান থিয়েটাৰ হেঙুলৰ বাবে দুখন নাটক লেখিছিলোঁ। 'গডমাদাৰ' আৰু অনুৰাধা শর্মা পূজাৰীৰ উপন্যাসৰ আধাৰত 'কাঞ্চন'। দুয়োখন নাটকেই ব্যৱসায়িকভাৱে সফল আছিল। বিশেষকৈ 'কাঞ্চন'ত প্রযোজনা খৰচ আছিল খুব কম আৰু বিনিয়োগ কৰা টকাৰ বিপৰীতে লাভৰ পৰিমাণ আছিল বহু বেছি।

কিন্তু এই দুখনৰ কোনো এখন নাটকতেই এতিয়াৰ নাটক থকাৰ দৰে চমক নাছিল। এতিয়া ভাব হয়, সেই সময়ত যদি মই এনেকুৱা চমক, বিশেষকৈ অভিনেতাক দর্শকৰ ওচৰলৈ নিব পৰা চমক বা কৌশলৰ কথা জানিলে বা ভাবি উলিয়াব পাৰিলে নাটকত তেনেকুৱা দৃশ্যৰ সংযোজন কৰিলোঁহেতেন।

নাটক যিমানেই দর্শকৰ ওচৰলৈ যাব, নাটকৰ সফলতা সিমানেই অধিক হ'ব। এইটো কথাও ঠিক যে যদিহে নাটকৰ বক্তব্যত মনত ৰাখিবলগীয়া কথা একো নাথাকে, দর্শকে সেই নাটক পাহৰি যাব। নাটকৰ এই ব্যৱসায় অকল স্মৰণীয় নাটকৰ ওপৰতেই নির্ভৰশীল নহয়, দর্শকে চাই থকা সময়ত আনন্দ লাভ কৰাটোও এটা জৰুৰী বিষয়।

যিকোনো বিনোদন মাধ্যমৰ ক্ষেত্ৰতেই এই কথাটো অস্বীকাৰ কৰিব নোৱাৰি। এটা কথা ঠিক যে এই চমক একেৰাহে বহু দিন নচলে, দর্শক এদিন ক্লান্ত হৈ যাব। তেতিয়া ভ্রাম্যমানে আকৌ কিবা নতুন চমকৰ সন্ধান কৰিব, দর্শকক আকর্ষণ কৰিব।

(লেখক উৎপল দত্ত আকাশবাণী ৰাঁছিৰ প্ৰাক্তন সহকাৰী সঞ্চালক, সুলেখক তথা চিত্ৰ নিৰ্মাতা তথা চিত্ৰসমালোচক)