ৰাষ্ট্ৰীয়

১০৩ বছৰীয়া স্বাধীনতা সংগ্ৰামীৰ লগত বিবাহ-পাশত আৱদ্ধ হ'ল ৪৯ বছৰীয়া মহিলা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বিবাহ–পাশত আৱদ্ধ হ'ল ১০৩ বছৰীয়া এগৰাকী ব্যক্তি। ইয়াৰ লগে লগে ছ'চিয়েল মিডিয়াত এই খবৰে যথেষ্ঠ চৰ্চা লাভ কৰিছে। ভূপালৰ ইতৱাৰা অঞ্চলৰ ১০৩ বছৰীয়া হাবিব নাজাৰ নামৰ লোকজনে ৪৯ বছৰীয়া ফিৰোজ জাহানৰ লগত বিবাহ পাশত আৱদ্ধ হয়।

নাজাৰে কয় যে দ্বিতীয় পত্নীৰ মৃত্যুৰ পাছত তেওঁ খুব অকলশৰীয়া অনুভৱ কৰিছিল। যাৰ বাবে তৃতীয়বাৰৰ বাবে বিয়া কৰায়। যদিও যোৱা বছৰতেই এই বিয়া হয় ভিডিঅ' ভাইৰেল হয় জানুৱাৰীত।

আনহাতে ফিৰোজ জাহানৰ এয়া দ্বিতীয় বিবাহ। স্বামীৰ মৃত্যুৰ পিছত জাহানো অকলে বাস কৰি আছিল। ৪৯ বছৰীয়া জাহান এই বিবাহত সন্মত হৈছিল কিয়নো ১০৩ বছৰীয়া স্বাধীনতা সংগ্ৰামীজনৰ যত্ন ল'বলৈ কোনো নাছিল। লগতে তেওঁ এয়া স্পষ্ট কৰি দিছে যে তেওঁলোকক কোনোৱে হেঁচা প্ৰয়োগ কৰা নাই। এয়া সম্পূৰ্ণ তেওঁৰ নিজৰ সিদ্ধান্ত।