দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকঃ প্ৰায় শূন্য হৈ পৰিছে দিছপুৰ... 
ৰাষ্ট্ৰীয়

দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠকঃ প্ৰায় শূন্য হৈ পৰিছে দিছপুৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১৭ আৰু ১৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অনুষ্ঠিত হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠেক। লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত তথা নিৰ্বাচনৰ বাবে সকলো নেতা, কৰ্মীকে সাজু কৰি তুলিবলৈ আহ্বান কৰা এই বৈঠকত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় নেতৃত্বৰ লগতে বিজেপি শাসিত প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীসকলৰ উপৰিও প্ৰতিখন ৰাজ্যৰ বিজেপি বিধায়ক, ৰাজ্যিক নেতৃত্ব, জিলা নেতৃত্ব আদি।

মুঠ ১১ হাজাৰ ৫০০ প্ৰতিনিধিৰ উপস্থিতি নিশ্চিত হোৱা এই বৈঠকত অসমৰ পৰা অংশগ্ৰহণ কৰিব ৫৩০ জনীয়া এটা বৃহৎ দলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ আটাইকেইজন মন্ত্ৰী, বিধায়ক, সাংসদকে ধৰি ৰাজ্যিক কমিটী, জিলা সমিতিৰ বিষয়ববীয়া আদি এই দলটোত অন্তৰ্ভুক্ত আছে।

উল্লেখ্য যে, ১৭ ডিচেম্বৰৰ পৰা দুদিনীয়াকৈ দিল্লীৰ প্ৰগতি মইদানত অনুষ্ঠিত হ'ব বিজেপিৰ এই ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক। বৈঠকৰ আদৰণি ভাষণ প্ৰদান কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডাই আৰু অন্তিমটো দিনত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

এই বৈঠকত নিৰ্বাচন কেন্দ্ৰিক বিভিন্ন বিষয় আলোচনা কৰা হ'ব। ইয়াৰোপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত লোকসভাৰ ৫৪৩ খন আসনৰ ভিতৰত ৪০০ ত কৈয়ো অধিক আসন লাভৰে পুুনৰ চৰকাৰ গঠনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বিজেপিয়ে।

এই লক্ষ্যত উপনীত হ'বলৈ কিদৰে কাম কৰিব লাগিব সেই সন্দৰ্ভত দলটোৰ বিধায়ক, ৰাজ্যিক, জিলা পৰ্যায়ৰ নেতৃত্বক শিক্ষা দিয়া হ'ব। এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ আজি ইতিমধ্যে অসম বিজেপিৰ এটা বৃহৎ দলে গুৱাহাটীৰ পৰা দিল্লী অভিমুখে উৰা মাৰিছে। ফলত দিছপুৰ এতিয়া প্ৰায় মন্ত্ৰী, বিধায়ক শূন্য হৈ পৰিছে।