সংসদৰ শীতকালীন অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাৰ পৰা নিলম্বন ১৫ গৰাকী সাংসদক... 
ৰাষ্ট্ৰীয়

সংসদৰ শীতকালীন অধিৱেশনৰ পৰৱৰ্তী দিন কেইটাৰ পৰা নিলম্বন ১৫ গৰাকী সাংসদক...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ লোকসভাৰ শীতকালীন অধিৱেশনৰ বৃহস্পতিবাৰৰ দিনটোত ১৫ গৰাকীকৈ সাংসদক নিলম্বন কৰা হৈছে। সংসদৰ শীতকালীন অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচীসমূহত তেওঁলোকে অংশগ্ৰহণ কৰিব নোৱাৰিব।

নিলম্বিত সাংসদসকলৰ ভিতৰত ১৪ গৰাকী লোকসভাৰ আৰু এজন ৰাজ্যসভাৰ সাংসদ। সংসদত তেওঁলোকৰ 'উশৃংখল আচৰণ'ৰ বাবে এইদৰে নিলম্বন কৰা হৈছে বুলি কোৱা হৈছে।

নিলম্বিত লোকসভাৰ সাংসদসকলৰ ভিতৰত আছে কানিমোঝি কৰুণানিধি, মণিকাম ঠাকুৰ, পি আৰ নটৰাজন, ভি কে শ্ৰীকান্তম, বেনি বাহান, কে সুব্ৰমন্যম, এছ আৰ প্ৰতিবান, এছ ভেঙ্কটেশন, মহম্মদ জাভেদ, টি এন প্ৰথাপন, হিবি ইডেন, এছ জোথিমানী, ৰম্য হৰিদাস আৰু ডিন কুৰিয়াকোছ।

আনহাতে ৰাজ্যসভাত তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰাইনকো উশৃংখল আচৰণৰ বাবে অধ্যক্ষ জগদীপ ধনখড়ে নিলম্বন কৰিলে।

উল্লেখ্য যে, সংসদ ভৱনৰ নিৰপত্তা বিষয়ক লৈ বৃহস্পতিবাৰে লোকসভা আৰু ৰাজ্যসভা উত্তপ্ত হৈ পৰে। বিৰোধী কংগ্ৰেছ, তৃণমূল কংগ্ৰছকে ধৰি অন্যান্য দলবোৰৰ সাংসদসকলে সংসদ ভৱনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে এইদৰে উত্তপ্ত কৰি তোলে।

বুধবাৰে লোকসভাত দুজন ব্যক্তিয়ে বিজেপিৰ সাংসদৰ জৰিয়তে দৰ্শকৰ বিথিকাত বহাৰ সুযোগ পোৱাৰ পাছতে লোকসভাৰ মজিয়াত জপিয়াই হালধীয়া ৰঙৰ গেছ উৰুৱাই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। ইয়াৰ পাছতে তেওঁলোক দুয়োজনক সাংসদসকলে কৰায়ত্ত কৰি নিৰাপত্তাৰক্ষীক গতাই দিয়াৰ বিপৰীতে সংসদ ভৱনৰ বাহিৰতো ৩ জনক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ বিৰুদ্ধে ইউ এ পি এৰ অধীনত ৰুজু কৰা হৈছে কেইবাটাও গোচৰ।

এই ঘটনাৰ পাছতে লোকসভাৰ সবিচালয়ে ৮ জনকৈ নিৰাপত্তাৰক্ষীক নিলম্বিত কৰিছে। বিশেষকৈ ২০০১ চনত ১৩ ডিচেম্বৰত সংসদ ভৱন আক্ৰমণ কৰাৰ দিনটোতে পুনৰ এইদৰে লোকসভাত সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

তাতে শাসকীয় বিজেপি সাংসদৰ জৰিয়তে তেওঁলোক প্ৰৱেশ কৰিছিল লোকসভাৰ দৰ্শকৰ বিথিকাত। সংসদৰ মজিয়াত জপিয়াই তেওঁলোকেজয় ভীম শ্ল'গান আওঁৰাইছিল বুলিও চৰ্চা চলিছে।