ৰাষ্ট্ৰীয়

তিনিখন দেশৰ ৰাষ্ট্ৰীয় সংগীত লিখিছিল কবিগুৰুৱে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ভাৰতীয় সাহিত্যৰ দিকদৰ্শক কবি, ঔপন্যাসিক, গল্পকাৰ, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু দাৰ্শনিক ৰবীন্দ্ৰ নাথ ঠাকুৰৰ আজি ১৬৩সংখ্যক জন্ম জয়ন্তী। ঊনবিংশ শতিকাৰ শেষ ভাগৰ পৰা বিংশ শতিকাৰ মাজভাগলৈকে ৰবীন্দ্ৰনাথে বঙালী সাহিত্যত এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰে।

ৰবীন্দ্ৰনাথ ঠাকুৰ ভাৰতৰ কলকাতাৰ জোড়াসাঁকোৰ বিখ্যাত ঠাকুৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। পিতৃ দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃ সাৰদা দেৱীৰ ১৪টা সন্তানৰ মাজত ১৩ নম্বৰজন আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ।

তেখেতে গীতাঞ্জলী কাব্যগ্ৰন্থৰ বাবে ১৯১৩ চনত এছিয়াৰ প্ৰথম ব্যক্তি হিচাপে ন'বেল বঁটা লাভ কৰে। তেওঁৰ জীৱন আৰু কৰ্মৰাজিৰে বঙালী ভাষা আৰু সংস্কৃতি সমৃদ্ধ। বিশ্বৰ বঙালীভাষীসকলৰ মাজত তেওঁ বিশ্বকবি, কবিগুৰু আৰু গুৰুদেৱ নামেৰে প্ৰসিদ্ধ।

কবি ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্বৰ একমাত্ৰ কবি যি তিনিখনকৈ দেশৰ জাতীয় সংগীত ৰচনা কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত ''জন গণ মন অধিনায়ক জয় হে..'' ৰ উপৰিও তেওঁ চুবুৰীয়া বাংলাদেশৰো ৰাষ্ট্ৰীয় সংগীত ৰচনা কৰিছিল।

বাংলাদেশৰ জাতীয় সংগীত 'আমাৰ সোনাৰ বাংলা' ৰচনা কৰিছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে। আনহাতে চুবুৰীয়া শ্ৰীলংকাৰো ৰাষ্ট্ৰীয় সংগীত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা বুলি একাংশই দাবী কৰি আহিছে।

অৱশ্যে এয়া সম্পূৰ্ণ শুদ্ধ নহয়। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সংগীত শ্ৰীলংকা মাথা প্ৰকৃততে ৰচনা কৰিছিল আনন্দ ছমাৰাকোনে। কিন্তু তেওঁ ৰচনা কৰা শ্ৰীলংকা মাথা ( প্ৰকৃততে নমো নমো মাথা)ত আছে কবিগুৰুৰ পৰশ। কিয়নো এই গীত সম্পূৰ্ণৰূপে ৰবীন্দ্ৰ সংগীতৰ 'ষ্টাইল'তেই ৰচনা কৰা হৈছে।

বহুতেই আকৌ প্ৰত্যক্ষভাৱে এই গীতৰ বাবে কবিগুৰুকেই কৃতিত্ব দিব বিচাৰে। একাংশই আকৌ দাবী কৰে এই গীতটোৰ এটা অংশ কবিগুৰুৱে নিজেই ৰচনা কৰা। শ্ৰীলংকাৰ এই ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হৈছিল ৰাষ্ট্ৰখনৰ টৰিংটন স্কোৱেৰত থকা ১৯৪৯ চনত স্বাধীনতা সোঁৱৰণী হলত। এই গীতটোক শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে সাংবিধানিকভাৱে ১৯৭৮ চনত স্বীকৃিত প্ৰদান কৰা হয়।

উল্লেখযোগ্য যে ১৯০১ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে শান্তি নিকেতনত এখন আশ্ৰম স্থাপন কৰিছেল। তেওঁ ১৯২১ চনত গ্ৰামোন্নয়ন কাৰণে শ্ৰী নিকেতন নামেৰে এটা প্ৰতিষ্ঠান গঠন কৰিছিল। শ্ৰী নিকেতনৰ জৰিয়তে মহাত্মা গান্ধী দ্বাৰা পৰিচালিত ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটি বিকল্প ব্যৱস্থা প্ৰতিষ্ঠাৰ চেষ্টা কৰাৰ লগতে দেশ-বিদেশৰ বিভিন্ন পণ্ডিত আৰু বিদ্বান লোকৰ সহযোগত ৰবীন্দ্ৰনাথ ঠাকুৰে গাঁৱৰ লোকসকলক বিনামূলীয়া শিক্ষা দিয়াৰ প্ৰয়াস কৰিছিল।

প্ৰাণিধানযোগ্য যে কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল ১৮৬১ চনৰ ৭মে'ত। কিন্তু বঙালী কেলেণ্ডাৰৰ মতে সাহিত্যৰ দিকদৰ্শক কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্মজয়ন্তী ৮মে' তাৰিখে সমগ্ৰ দেশতে উদযাপন কৰা হয়।