শিৱৰাত্ৰি উপলক্ষে ধৰ্মীয় শোভাযাত্ৰাত অঘটনঃ বিদ্যুৎস্পৃষ্ট হৈ ১৮ শিশু আহত  
ৰাষ্ট্ৰীয়

শিৱৰাত্ৰি উপলক্ষে ধৰ্মীয় শোভাযাত্ৰাত অঘটনঃ বিদ্যুৎস্পৃষ্ট হৈ ১৮ শিশু আহত

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশজুৰি শিৱৰাত্ৰিৰ ভক্তিত মতলীয়া হৈ থকাৰ সময়তে ৰাজস্থানৰ কোটাত সংঘটিত হ'ল এক কৰুণ ঘটনা। শিৱৰাত্ৰি উপলক্ষে বাহিৰ কৰা এক ধৰ্মীয় শোভাযাত্ৰাত বিদ্যুৎস্পৃষ্ট হৈ ১৮ টাকৈ শিশু আহত হৈছে।

ইয়াৰে এটি শিশুৰ অৱস্থা সংকটজনক। তেওঁলোকক এম বি এছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি কোটাৰ তাপবিদ্যুৎ প্ৰকল্পৰ কাষৰ কালীবস্তিত এই ঘটনা সংঘটিত হৈছে।

অঞ্চলটোৰ ৰামদেৱ মন্দিৰৰ পৰা হনুমান মন্দিৰলৈ শিৱৰাত্ৰি উপলক্ষে কলহ যাত্ৰা উলিওৱা হৈছিল। আৰক্ষীৰ মতে শোভাযাত্ৰাৰ সময়ত শিশুসকলৰ হাতত আছিল পতাকা।

সেই পতাকা উচ্চ শিক্তি সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি যোৱাৰ বাবেই শ্বৰ্ট চাৰ্কিট হয়। ফলত আহত হয় ১৮ টিকৈ শিশু। এই শিশুসকলৰ বয়স ১২ ৰ পৰা ১৫ বছৰৰ ভিতৰত।

ইফালে এই ঘটনাৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু ৰাজ্যখনৰ শক্তি মন্ত্ৰী হীৰালাল নগৰে আঘাতপ্ৰাপ্ত শিশুসকলক চিকিৎসালয়তে সাক্ষাৎ কৰে আৰু তেওঁলোকৰ সঠিক চিকিৎসা নিশ্চিত কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিছে।