ৰাষ্ট্ৰীয়

১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণঃ প্ৰমাণৰ অভাৱত আব্দুল কৰিম টুণ্ডাক নিৰ্দোষী সাব্যস্ত আদালতৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ অভিযুক্ত আব্দুল কৰিম টুণ্ডাক প্ৰমাণৰ অভাৱত আজমেৰৰ টাডা আদালতে বৃহস্পতিবাৰে(২৯ফেব্ৰুৱাৰী) নিৰ্দোষী সাব্যস্ত কৰিছে।আদালতে কয় যে, টুণ্ডাৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰমাণ পোৱা নগ'ল। গতিকে কোনো প্ৰমাণ নোপোৱাৰ বাবে তেওঁক নিৰ্দোষী বুলি ধৰা হ'ল। আনহাতে এই গোচৰত অন্য দুই অভিযুক্ত অমিনুদ্দিন আৰু ইৰফানক দোষী সাব্যস্ত কৰি দুয়োকে আজীৱন কাৰাদণ্ড বিহে।

১৯৯৩ চনৰ বোমা বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত বৰ্তমান ৮০ বছৰীয়া টুণ্ডাই আজীৱন কাৰাদণ্ড ভুগি আছে। তেওঁ আন কেইবাটাও বোমা বিস্ফোৰণৰ গোচৰতো অভিযুক্ত। সন্ত্ৰাসবাদী দাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ হোৱাৰ লগতে টুণ্ডাক বোমা নিৰ্মাণ দক্ষতাৰ বাবে "ডঃ বোমা" বুলি জনা যায়।

উল্লেখ্য যে, ১৯৯৩ চনৰ ৬ ডিচেম্বৰত বাবৰি মছজিদ ধ্বংসৰ প্ৰথম বাৰ্ষিকীত সমগ্ৰ দেশৰ বহুতো ৰেলত ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত হৈছিল। কোটা, চুৰাট, কানপুৰ,চিকন্দৰবাদ, মুম্বাই আৰু লক্ষ্ণৌৰ ৰেলত এই বিস্ফোৰণ সংঘটিত হৈছিল।

টুণ্ডাই ৪০ বছৰ বয়সত সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল। ১৯৯৩ চনৰ বিস্ফোৰণৰ পিছত তেওঁ প্ৰথম তদন্তৰ আওতালৈ আহিছিল। বোমা তৈয়াৰ কৰি থকা অৱস্থাত হোৱা বিস্ফোৰণত তেওঁৰ বাঁও হাতখন হেৰুৱাইছিল। তেওঁ লস্কৰ-ই-তৈবা, ইণ্ডিয়ান মুজাহিদীন, জৈশ-ই-মহম্মদ আৰু বব্বৰ খালছাকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী সংগঠনৰ সৈতে কাম কৰিছিল।

২০১৩ চনত তেওঁক উত্তৰাখণ্ডৰ বনবাচাত গ্ৰেপ্তাৰ কৰিছিল। চাৰি বছৰৰ পিছত, হাৰিয়ানাৰ এখন আদালতে তেওঁক ১৯৯৬ চনৰ বিস্ফোৰণ গোচৰত আজীৱন কাৰাদণ্ড প্ৰদান কৰিছিল । তাৰপাছতে আজি তেওঁক প্ৰমাণৰ অভাৱত নিৰ্দোষী সাব্যস্ত কৰে।